Logo
image

"এনে পৰিৱেশ দেখিলে দুখ লাগে":কিয় এইদৰে ক'লে দীপলিনা ডেকাই?

ডিজিটেল ডেস্ক : নাৰায়ণপুৰৰ ৰাসত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে দীপলিনা ডেকাই৷ দীপলিনাই কয় যে কি কাৰণে ৰাসৰ মাজতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া জানিব পৰা হোৱা নাই যদিও এনে পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে৷ 

দীপলিনাই কয় যে প্ৰেক্ষাগৃহত আসনৰ অনুপাতে মানুহৰ সংখ্যা বৃদ্ধি পাইছিল৷ টিকটৰ ব্যৱস্থা থকাৰ বাবে বহু লোক ৰাস চাবলৈ আহি টিকট ক্ৰয় কৰিব পৰা নাছিল৷ যাৰ বাবে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়৷ লগতে অভিনেত্ৰীগৰাকীয়ে কয় যে উদযাপন সমিতিয়ে বহু কষ্ট কৰি এখন ৰাসৰ আয়োজন কৰে৷ আজিকালি বিহু নতুবা আন অনুষ্ঠানত এনে ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা যায়৷ এনে পৰিৱেশ দেখিলে দুখ লাগে৷ কাৰণ আমি বহু হেঁপাহত আহোঁ৷ এনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিব নালাগে৷ এনে অপ্ৰীতিকৰ পৰিৱেশ কিয় হৈছিল তাৰ মূল কাৰণ জানিব পৰা নাই যদিও এনে ধৰণৰ পৰিৱেশ হ'ব নালাগে৷ 

উল্লেখ্য যে নাৰায়ণপুৰৰ ৰাসত সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ৷ আধাতে বন্ধ কৰিবলগীয়া হৈছিল ৰাসৰ অনুষ্ঠানত৷ ৰাস অনুষ্ঠানত অভিনেত্ৰী দীপলিনা ডেকাই দৈৱকীৰ অভিনয় কৰিছিল৷ কিন্তু ৰাস চলি থকাৰ মাজতে একাংশ উদণ্ড যুৱকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ ৰাস অনুষ্ঠিত হোৱা প্ৰেক্ষাগৃহলৈ শিলগুটি নিক্ষেপ কৰে একাংশ উদণ্ড যুৱকে৷ অপ্ৰতিকৰ পৰিস্থিতিৰ বাবে আধাতে বন্ধ কৰিব লগীয়াহৈছিল ৰাসৰ অনুষ্ঠান৷