Logo
image

আমোলা-ঠিকাদাৰক সকীয়াই গ’ল গাডকাৰিয়ে

আমাৰ অসম, ১২ নৱেম্বৰঃ তিনি দিন পূৰ্বে ব্যস্ত কাৰ্যসূচী লৈ অসমলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰি পূৰ্বৰ পৰিকল্পনা অনুসৰিয়েই শুকুৰবাৰে অসমৰ পৰা উভতি যায় যদিও এইবাৰ গাডকাৰিয়ে মনত কঢ়িয়াই নিলে বহু খং আৰু ক্ষোভ৷ অদক্ষ, দুৰ্নীতিগ্ৰস্ত আমোলা-বিষয়াক দি গ’ল অন্তিম সকীয়নি৷ ইয়াৰ প্ৰধান কাৰণ  এয়ে যে অসমক বিশেষভাৱে ভাল পোৱা নীতিন গাডকাৰিয়ে অসমত ৰূপায়ণ কৰা বিভিন্ন কেন্দ্ৰীয় প্ৰকল্পৰ বাবে পৰ্যাপ্ত পৰিমাণে ধনৰ আবণ্টন দিছে যদিও তেওঁ আশা কৰা ধৰণে অসমত কেন্দ্ৰীয় প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতি হোৱা নাই৷ সেইবাবেই ক্ষুব্ধ হৈ পৰা পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰিয়ে অসমত তেওঁৰ বিভাগৰ কেন্দ্ৰীয় আঁচনিৰ কাম-কাজৰ গতি ত্বৰান্বিত কৰিবৰ বাবে কঠোৰ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ সন্মুখতে ঠিকাদাৰ তথা ঠিকাদাৰী প্ৰতিষ্ঠান আৰু বিভাগীয় আমোলা-বিষয়াক কঠোৰভাৱে সকীয়াই দি গাডকাৰিয়ে কয় যে তেওঁৰ বিভাগৰ কাম কৰাৰ ক্ষেত্ৰত সকলোৱে বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগিব৷ গাডকাৰিৰ স্পষ্ট কথা– ‘মোৰ বিভাগত পাল মাৰি কাম কৰিব নোৱাৰিব৷ ৰাইজৰ ধন ৰাইজৰ উন্নয়নৰ বাবে ব্যৱহাৰ হ’বই লাগিব৷’ উল্লেখ্য, গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত বুধবাৰৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় ঘাইপথ আৰু কেন্দ্ৰীয় পথ পৰিবহণ দপ্তৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ কাম-কাজৰ পৰ্যালোচনা বৈঠকত কঠোৰ ৰূপত দেখা গ’ল নীতিন গাডকাৰিক৷ তিনি দিন ধৰি পুৱাৰ পৰা নিশালৈ অহৰহ ব্যস্ত হৈ থকা গাডকাৰিয়ে কামৰ বিলম্বিত গতি আৰু পৰিকল্পনা অনুসৰি কাম আগবাঢ়ি নোযোৱাৰ বাবে খেদ কৰে আৰু ইয়াৰ বাবে ধমকনি-সকীয়নি দিয়ে, জবাবদিহি কৰে এজনৰ পাছত আনজন জ্যেষ্ঠ আমোলাক, শীৰ্ষ বিষয়াক৷ এই পৰ্যালোচনা বৈঠকত অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাজনো মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ লগতে বিভিন্ন বিভাগৰ উচ্ছপদস্থ আমোলা-বিষয়াই অংশগ্ৰহণ কৰে৷ পৰ্যালোচনাৰ অন্তত সাংবাদিকৰ সৈতেও মত বিনিময় কৰে গাডকাৰিয়ে৷ পৰ্যালোচনা বৈঠকত বিষয়াসকলক পোনপটীয়াকৈ প্ৰশ্ন কৰা গাডকাৰিয়ে তথ্যসহ উত্তৰো বিচাৰে৷ ঠিকমতে কাম নকৰিলে চৰকাৰী বিষয়াৰ পদোন্নতিত বাধা আহি পৰিব বুলিও কঠোৰভাৱে সকীয়াই দিয়ে নীতিন গাডকাৰিয়ে৷ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ৰে পৰা অসমৰ সৈতে নীতিন গাডকাৰিৰ সম্পৰ্ক পূৰ্বতকৈ অধিক গাঢ় হয়৷ সোণোৱালৰ আমোলৰ দৰে হিমন্তবিশ্ব শৰ্মাৰ আমোলতো অসমৰ বাবে দুই হাত উজাৰি কেন্দ্ৰীয় পুঁজিৰ ধন মুকলি কৰি দিয়াৰ ক্ষেত্ৰত কৃপণালি কৰা নাই নীতিন গাডকাৰিয়ে৷ ইমানৰ পাছতো অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা দেখি স্বাভাৱিকতে হতভম্ব আৰু ক্ষুব্ধ হৈ পৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰি৷ উজনি অসমকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় ঘাইপথ আৰু দলঙৰ নিৰ্মাণ আৰু মেৰামতিৰ কামৰ লেহেমীয়া গতি দেখি খঙতে টিঙিৰিতুলা হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰীজন৷ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ সন্মুখতে ৰাষ্ট্ৰীয় পথ-দলং নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰৰ উপৰি বিষয়াসকলক ধমক দিয়ে গাডকাৰিয়ে৷ মৰাণ বাইপাছৰ পৰা বগীবিললৈকে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ গতি লেহেমীয়া হোৱাৰ বাবে সংশ্লিষ্ট পথছোৱা নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰী প্ৰতিষ্ঠানক মুহূৰ্তৰ ব্যৱধানত অব্যাহতি দিয়ে নীতিন গাডকাৰিয়ে৷ যোৰহাট আৰু মাজুলীৰ মাজৰ দুশৰীয়া দলং নিৰ্মাণকাৰী কোম্পানীকো জবাবদিহি কৰে গাডকাৰিয়ে৷ শীঘ্ৰে নিৰ্মাণৰ গতি খৰতকীয়া নকৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ইউপি ষ্টেট ব্ৰীজ কৰ্প’ৰেচন লিমিটেড নামৰ কোম্পানীটোক সকীয়াই দিয়ে গাডকাৰিয়ে৷ কোৱা বাহুল্য যে ইতিপূৰ্বে ব্লেকলিষ্টেড হোৱা উত্তৰ প্ৰদেশৰ এই বিতৰ্কিত কোম্পানীটোৰ কাম-কাজত বাৰুকৈয়ে অসন্তুষ্ট নীতিন গাডকাৰি৷ টিকে ইঞ্জিনিয়াৰিং নামৰ প্ৰতিষ্ঠানটোকো কঠোৰভাৱে সকীয়নি দি নীতিন গাডকাৰিয়ে কয় যে আবণ্টিত কাম সম্পূৰ্ণ নকৰালৈকে প্ৰতিষ্ঠানটোৱে নতুন নিবিদাত ভাগ ল’ব নোৱাৰিব৷ কিবাকৈ কোম্পানীটোৱে নিবিদাত ভাগ ল’লেও সেই নিবিদা গ্ৰহণ নকৰিবৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে গাডকাৰিয়ে৷ ৰাজপথ নিৰ্মাণৰ বিলম্বিত গতি অবিলম্বে খৰতকীয়া নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সংশ্লিষ্ট সকলোকে সকীয়াই দিয়ে গাডকাৰিয়ে৷ গাডকাৰিয়ে স্পষ্ট কৰি দিয়ে যে অসমত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম লেহেমীয়া হৈছে৷ ইয়াৰ বাবে বিষয়াসকলৰ লগতে ঠিকাদাৰকো জবাবদিহি কৰি গাডকাৰিয়ে সকীয়াই দিয়ে যে ইয়াৰ কাৰণ এমাহৰ ভিতৰত দিল্লীৰ ওচৰত ব্যাখ্যা কৰিব লাগিব সংশ্লিষ্টসকলে৷ গাডকাৰিয়ে কয়– ‘মই সকলোৰে ‘কুণ্ডলী’ অধ্যয়ন কৰিছোঁ৷ কোনে কি কৰি আছে মই ভালদৰে জানো৷ সেয়ে কোনেও যেন মোৰ আগত মিছা কথা নকয়৷’ অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম-কাজ আৰু দলং নিৰ্মাণৰ ‘অগ্ৰগতি’ৰ গতি দেখি বাৰুকৈয়ে অসন্তুষ্ট হৈ পৰা গাডকাৰিয়ে তাৰ বাবে প্ৰধানতঃ ঠিকাদাৰ আৰু বিষয়াসকলক জবাবদিহি কৰে৷ গাডকাৰিয়ে ইউপি ষ্টেট ব্ৰীজ কৰ্পোৰেশ্বন লিমিটেডক শীঘ্ৰে কাম এৰি দিয়াৰ নিৰ্দেশ দিয়ে৷ অন্যথা বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিয়ে৷ লক্ষণীয়ভাৱে অসমত কেইবাদিনো বাহৰ পতা নীতিন গাডকাৰিয়ে অসমৰ বাবে ৫০ হাজাৰ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিছে৷ প্ৰথম পৰ্যায়ত দিয়া হ’ব ২৫ হাজাৰ কোটি টকা৷ ২০২৪ চনপৰ্যন্ত অসমক ২ লাখ কোটি টকাৰ পেকেজ আগবঢ়োৱা হ’ব বুলিও ঘোষণা কৰিছে গাডকাৰিয়ে৷ গুৱাহাটীত ৰিংৰোড নিৰ্মাণৰ বাবে ৪,৫০০ কোটি টকা, দহখন ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে ৪৮০ কোটি টকা, পাঁচটা নতুন ৰোপৱে’ৰ বাবে ২,১০০ কোটি টকা, খানাপাৰা-গুৱাহাটী সংযোগী ৬শৰীয়া পথৰ বাবে ৫৫০ কোটি টকা আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰাৰ লগতে গাডকাৰিয়ে এইবুলিও কয় যে কাজিৰঙাত ৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিশৰীয়া পথ নিৰ্মাণ কৰাৰ লগতে ৬,০০০ কোটি টকা ব্যয়সাপেক্ষ চাৰিশৰীয়া এলিভেটৰ কৰিড’ৰ নিৰ্মাণ কৰা হ’ব৷