Logo
image

চৰকাৰে মাটি দিলে মই ফুটবল একাডেমী খুলিম! জুবিন

আমাৰ অসম, ১২ নৱেম্বৰঃ  ৰাজ্যত এখন পেছাদাৰী ফুটবল একাডেমী খোলাৰ পৰিকল্পনা আছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ৷ এই বিষয়ে তেওঁ ইতিমধ্যে ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী বিমল বৰাৰে অনানুষ্ঠানিকভাৱে কথাও পাতিছে৷ আজি তেজপুৰত এই কথা প্ৰকাশ কৰি তেওঁ লগতে কয় যে, ইয়াৰ বাবে  প্ৰয়োজনীয় মাটি চৰকাৰে প্ৰদান কৰিব লাগিব৷ ৰাজ্যত এখন ফুটবল একাডেমীৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰি অহা জুবিনে সেয়ে নিজেই এখন ফুটবল একাডেমী স্থাপন কৰাৰ আগ্ৰহ প্ৰকাশ কৰে৷ উল্লেখ্য যে, ফুটবলৰ প্ৰতি বিশেষ আগ্ৰহ তথা এজন ক্ৰীড়ানুৰাগী হিচাপে পৰিচিত জুবিনে সেয়ে ফুটবল খেল উপভোগ কৰিবলৈ বিলাতলৈ যোৱাৰ কথাও ব্যক্ত কৰে সাংবাদিকৰ আগত৷ অত্যধিক কামৰ বোজাৰ পৰা সামান্য আঁতৰি নিজৰ প্ৰিয় ঠাই তেজপুৰত কালিৰে পৰা হোটেলতে বিশ্ৰাম লোৱাৰ অন্তত আজি গুৱাহাটীলৈ যাত্ৰা কৰাৰ পূৰ্বে স্থানীয় সাংবাদিকৰ আগত জুবিনে এই বিষয়ে প্ৰকাশ কৰে৷ তদুপৰি, জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কণ্ঠশিল্পীজনে কয় যে, লাচিত দিৱস এইবেলি যিদৰে চৰকাৰে আয়োজন কৰিছে সেয়া শলাগিবলগীয়া৷ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাজ্য চৰকাৰে দিল্লীত আয়োজন কৰিবলৈ ওলোৱা বিশেষ অনুষ্ঠানৰ শীৰ্ষ গীতৰ কামো তেৱেঁই কৰাৰ কথা উল্লেখ কৰে৷ তদুপৰি, শিক্ষানুষ্ঠানসমূহত বুৰঞ্জী বিষয়টো থকা দৰকাৰ বুলি উল্লেখ কৰি জুবিনে তেওঁৰ পঢ়া দিনৰ কথাও স্মৰণ কৰে৷ ইপিনে, সম্প্ৰতি ৰাজ্যত চিনেমা মুক্তিৰ একপ্ৰকাৰ প্ৰতিযোগিতামূলক পৰিৱেশ গঢ় লৈ উঠিছে যদিও সেয়া শুভলক্ষণ নহয় বুলি মন্তব্য কৰে জুবিনে৷ নিজৰ ছবিৰ কথা উল্লেখ কৰি জুবিনে অৱশ্যে অসমৰ ছবি উদ্যোগটোক লৈ যথেষ্ট আশাবাদী বুলি ব্যক্ত কৰে৷ ইফালে, যোৰহাট, তেজপুৰত এইবাৰ তেওঁৰ অনুৰাগীয়ে জন্মদিনৰ বিশেষ আয়োজন কৰাৰ কথা সদৰি কৰি জুবিনে কয় - ‘মই মোৰ জন্মদিনত কিবা এটা ভাল কাম কৰিবলৈ প্ৰচেষ্টা হাতত লৈ আহিছোঁ’৷