Logo
image

বন্ধ-অৱৰোধৰ আহ্বান

আমাৰ অসম, ১২ নৱেম্বৰঃ জনজাতিকৰণৰ প্ৰসংগত ঐক্যৰ ফাট মেলি ভাগ ভাগ হ’ল ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় দল-সংগঠন৷ দীৰ্ঘদিনে ছয় জনগোষ্ঠীৰ  জনজাতিকৰণৰ  আন্দোলন চলাই অহা ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ পৰা ফালৰি কাটি সদৌ অসম চুটীয়া ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ [টাইপা], সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনী, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ,  সদৌ অসম আদিবাসী ছাত্ৰ সন্থা [স্বতন্ত্ৰ],  সদৌ কোঁচ ৰাজবংশী যুৱ সন্মিলন আৰু বৰাক উপত্যকা আদিবাসী সমাজকে ধৰি কেইবাটাও সংগঠনে গঠন কৰিলে এক সুকীয়া যৌথ মঞ্চ৷ কালি চিলাৰায় ভৱনত অনুষ্ঠিত এক বৈঠকত সংশ্লিষ্ট সংগঠনকেইটা একত্ৰিত হৈ এই যৌথ মঞ্চ গঠন কৰে৷ এই মঞ্চ গঠনৰ লক্ষ্য হৈছে– চৰকাৰৰ বিৰুদ্ধে জনজাতিকৰণৰ আন্দোলন তীব্ৰতৰ কৰা৷ উল্লেখ্য যে বৃহস্পতিবাৰে গুৱাহাটীত জনজাতিকৰণক দাবীত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছত আজি দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি যৌথমঞ্চই অসম বন্ধকে ধৰি এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে৷ সংবাদমেলত টাইপাৰ যুটীয়া সম্পাদক দিগন্ত তামুলী, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণদেৱ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা উদয়শংকৰ মহন, সভাপতি সত্য গোহাঁই, চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া, টাইপাৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমুৰীয়াকে ধৰি বহুকেইজন নেতা উপস্থিত থাকে৷ সংবাদমেলত মঞ্চই অহা ১৫ নৱেম্বৰত পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনোৱাৰ বিষয়ে ঘোষণা কৰে৷ লগতে সদৌ অসম কোঁচৰ ৰাজবংশী সন্মিলনৰ উদ্যোগত ১৪ নৱেম্বৰত ধেমাজীৰ ৰে’ল পথ অৱৰোধ, ১৭ নৱেম্বৰত শিমলুগুৰিত ৰে’ল পথত অৱৰোধ, ৩০ নৱেম্বৰ তাৰিখে দিল্লীত পালন কৰিবলগীয়া ধৰ্ণা  কাৰ্যসূচীলৈ ছয় জনগোষ্ঠীয় যৌথ মঞ্চই সমৰ্থন  আৰু সহযোগিতা আগবঢ়াব৷ সংসদৰ শীতকালীন অধিৱেশনত ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো উভয় সদনত উত্থাপন কৰিবৰ বাবে অসমৰ সাংসদসকলক মঞ্চৰ অসমৰ পৰা একোখনকৈ পত্ৰৰ যোগেদি দাবী জনোৱা হ’ব৷ 

‘জনজাতি গৌৰৱ দিৱস’ত কেন্দ্ৰীয় মন্ত্ৰী অজুৰ্ন মুণ্ডা

ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ বিদ্যাৰ উচ্ছশিক্ষা প্ৰতিষ্ঠান গুৱাহাটী আই আই টিত আজি ভাৰতৰ জনজাতিসকলক উন্নয়নৰ দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্য আগত ৰাখি ভাৰত চৰকাৰৰ উদ্যোগত ‘জনজাতি গৌৰৱ দিৱস’ দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয়৷ জনজাতিৰ কল্যাণৰ হকে আয়োজন কৰা দুদিনীয়া মহাসমাৰোহখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অজুৰ্ন মুণ্ডাই৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যোগেদি জনজাতিৰ সবলীকৰণৰ উদ্দেশ্যে আয়োজন কৰা মহাসমাৰোহখন মুকলি কৰি দিয়া ভাষণত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অজুৰ্ন মুণ্ডাই প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানক জনজাতিসকলৰ উন্নয়নৰ বাবে কাম কৰাৰ বাবে আহ্বান জনায়৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে দেশৰ উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ পৰা উচ্ছশিক্ষা লাভ কৰি বিদেশত সংস্থাপিতসকলকো দেশৰ জনজাতিসকলৰ প্ৰগতিৰ হকে পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায়৷ ইয়াৰ পাছতে মন্ত্ৰীজনে সমাৰোহত দেশৰ বিভিন্ন ৰাজ্যৰ উচ্ছশিক্ষাৰ প্ৰতিষ্ঠানসমূহে জনজাতিৰ উন্নয়নৰ হকে কৰা কামৰ আয়োজন কৰা প্ৰদৰ্শনী পৰিদৰ্শন কৰে৷ অনুষ্ঠানত গুৱাহাটী আই আই টিৰ সঞ্চালক অধ্যাপক পি জি চিঠাৰামৰ লগত গুৱাহাটী আই আই টিৰ কেইবাজনো অধ্যাপক উপস্থিত থাকে৷