Logo
image

গুজৰাট বিজেপিত বিদ্ৰোহৰ জুই : ১৫ মন্ত্ৰী-বিধায়কে নাপালে প্ৰাৰ্থিত্ব

আমাৰ অসম, ১২ নৱেম্বৰ: বৰ্তমানৰ ১৫ জন মন্ত্ৰী তথা বিধায়কক শাসনাধিষ্ঠিত বিজেপিয়ে আগন্তুক বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান নকৰাত গুজৰাট বিজেপিত বিদ্ৰোহ আৰম্ভ হৈছে৷ আনহাতে প্ৰথম তালিকাতে ক্ৰিকেটাৰ ৰবিন্দ্ৰ জাডেজাৰ পত্নী ৰিৱাবা জাডেজাসহ ১৪গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰি বিজেপিয়ে চমক দিছে৷ শুকুৰবাৰে বিজেপিয়ে ৬৯টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্যত গেৰুৱা দলটোৰ মাজত তীব্ৰ অসন্তুষ্টি আৰু বিদ্ৰোহ সৃষ্টি হোৱাত কেন্দ্ৰীয় নেতৃত্ব বিপাঙত পৰিছে৷ আহমেদাবাদ চহৰৰ ১১টা সমষ্টি আৰু ৰাজকোটৰ ৪টা সমষ্টিৰ মুঠতে ১৫ জন বৰ্তমানৰ বিধায়কক এইবাৰৰ নিৰ্বাচনত টিকট প্ৰদান নকৰিলে বিজেপিয়ে, য’ৰ কেইবাজনো ভূপেন্দ্ৰভাই পেটেল মন্ত্ৰীসভাত আজিও মন্ত্ৰী হৈ আছে৷ আনহাতে দুটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানি আৰু তেওঁৰ মন্ত্ৰীসভাৰ উপ-মুখ্যমন্ত্ৰী নীতিন পেটেলক এদিন পূৰ্বেই কেন্দ্ৰীয় নেতৃত্বই প্ৰাৰ্থিত্বৰ দৌৰৰ পৰা আঁতৰাই পঠিয়াইছিল৷ দুয়ো বুধবাৰে নিশা এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত ঘোষণা কৰিছিল৷ বিজয় ৰূপানি ২০১৬ৰ পৰা ২০২১ লৈ দুটাকৈ কাৰ্যকালত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল৷ ২০২১ত বিজয় ৰূপানিক শীৰ্ষ নেতৃত্বই কাৰ্যকালৰ মাজতে মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰে৷ একেলগে উপ-মুখ্যমন্ত্ৰী নীতিন পেটেল আৰু সমস্ত মন্ত্ৰীসভাৰ মন্ত্ৰীক বিতাড়িত কৰা হৈছিল৷ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত এইবাৰ ৰূপানি আৰু পেটেল নি:শব্দে প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি পৰে৷ বিজয় ৰূপানিৰ সমষ্টিত টিকট প্ৰদান কৰিছে ৰাজকোটৰ ডেপুটি মেয়ৰ ডাঃ দৰ্শিতা শ্বাহক৷ উল্লেখ্য, ৰাজকোট পশ্চিম এই সমষ্টিৰ পৰা নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে গুজৰাট বিধানসভালৈ নিৰ্বাচিত হৈছিল৷
শুকুৰবাৰে ঘোষণা কৰা বিজেপিৰ প্ৰথমখন তালিকাত যিদৰে গেৰুৱা দলৰ অসন্তুষ্টি আছে, সেইদৰে সামগ্ৰিকভাৱে চমকো আছে৷ বিজেপিয়ে গুজৰাট বিধানসভাৰ নিৰ্বাচনত টিকট প্ৰদান কৰিছে ক্ৰিকেটাৰ ৰবিন্দ্ৰ জাডেজাৰ পত্নী ৰিৱাবা জাডেজাক৷ ৰিৱাবাক জামনগৰ উত্তৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠতে ১৪ গৰাকী মহিলা প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে বিজেপিয়ে৷
আনহাতে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিয়েই প্ৰাৰ্থিত্ব লাভ কৰা আৰু বৰ্তমানৰ মুঠ ১৫ জন বিজেপি মন্ত্ৰী-বিধায়কক টিকট বঞ্চিত কৰাত গেৰুৱা দলত বিদ্ৰোহ আৰম্ভ হৈছে৷ ৬ বাৰৰ বিধায়ক মধু শ্ৰীবাস্তৱক এইবাৰ টিকট নিদিয়াত তেওঁ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে৷ টিকট বঞ্চিত ১৫ মন্ত্ৰী বিধায়কৰ উপৰি টিকট প্ৰত্যাশী অন্যান্য কেইবাজনো আগশাৰীৰ নেতাই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ হুংকাৰ দিছে৷ অলপতে দলং দুৰ্ঘটনা হোৱা মৰবিৰ বিধায়ক ব্ৰিজেশ মেৰজাৰ পৰিৱৰ্তে সেই সমষ্টিৰ পূৰ্বৰ ৬ বাৰৰ বিধায়ক কান্তিলাল অম্ৰুতিয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে৷ কান্তিলালে দলং দুৰ্ঘটনাত নদীত জপিয়াই পৰি কেইবাজনৰো প্ৰাণ ৰক্ষা কৰিছিল৷ ইপিনে কংগ্ৰেছৰ পৰা বিধায়ক হৈ ২০১৯ ত বিজেপিত যোগদান কৰা অল্পেশ ঠাকুৰক টিকট প্ৰদান নকৰিলেও কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা পাতিডৰ নেতা হাৰ্ডিক পেটেলে প্ৰথম তালিকাতে স্থান লাভ কৰিছে৷ বিগত পাঁচ বছৰত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান দিছিল ২০ জন বিধায়কে, য’ৰ তিনিজনে যোৱা দুদিনত বিজেপিত যোগদান কৰিছিল৷ তাৰ অধিকাংশ বিধায়ক বা বিধায়ক পদৰ পৰা অযোগ্য হোৱা কংগ্ৰেছ নেতাক প্ৰথম সুযোগতে টিকট দিয়াত বিজেপিত অসন্তুষ্টি আৰু বিদ্ৰোহৰ সৃষ্টি হৈছে৷