Logo
image

এচাম অভিযুক্ত বিষয়াক পদোন্নতি, আন এচামক জে’ললৈ

আমাৰ অসম, ১২ নৱেম্বৰ: এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ ধৰ্ষণ তথা হত্যাৰ ঘটনাক টকাৰ লোভত আত্মহত্যাৰ ৰূপ দিয়াৰ অপচেষ্টা চলোৱা এছ পিৰ পৰা অ’ চিলৈ, কাৰ্যবাহী দণ্ডাধীশৰ পৰা চিকিৎসকলৈ হাইপ্ৰফাইল ব্যক্তিক গ্ৰেপ্তাৰ কৰি দক্ষতাৰ পৰিচয় দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ দুৰ্ভগীয়া কিশোৰীগৰাকীৰ পিতৃ-মাতৃক ন্যায় দিয়াত ৰাজ্যবাসীয়ে প্ৰশংসাই উপচাই পেলাইছে মুখ্যমন্ত্ৰী শৰ্মাক৷ কিন্তু সেই একেজন মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি তথা অনিয়মৰ ক্ষেত্ৰত যেন বিপৰীত স্থিতি গ্ৰহণ কৰিছে৷ ধূলাৰ আৰতি তুৰী হত্যাকাণ্ডৰ গোচৰত দৰঙৰ এছ পি ৰাজমোহন ৰায় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনৰ দৰে শীৰ্ষ আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰিলেও দুৰ্নীতি তথা জালিয়াতিৰে চাকৰি লোৱা বুলি প্ৰমাণ হোৱা আৰক্ষী বিষয়াক মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন গৃহ বিভাগে গ্ৰেপ্তাৰ কৰা দূৰৰে কথা, পদোন্নতি দি পুৰষ্কৃত কৰি নজিৰ সৃষ্টি কৰিছে৷ দেশৰ কোনো ৰাজ্যৰ প্ৰশাসনযন্ত্ৰত নোহোৱা নোপজা জালিয়াতিয়ে চাকৰি লোৱা ব্যক্তিক চৰকাৰী চাকৰিত সেৱা আগবঢ়াবলৈ সুযোগ দিয়া আজৱ কাৰ্য সংঘটিত হৈছে এইখন অসম মুলুকত৷ শুকুৰবাৰে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে এনে ১৩জন ডি এছ পি ৰেংকৰ এ পি এছ বিষয়াক অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পদলৈ পদোন্নতি দিয়াৰ নিৰ্দেশনাৰ পাছতেই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ২০১৫ বৰ্ষত কুখ্যাত ৰাকেশ পালৰ আমোলত এপিএছচিয়ে বাছনি কৰা এইকেইজন বিষয়াক পদোন্নতিৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দুমুখীয়া নীতি তথা দুৰ্নীতিৰ বিৰুদ্ধে ঘোষণা কৰা শূন্য সহনশীল নীতিৰ ওলোটা ছবিহে উন্মোচন হোৱা বুলিও দিছপুৰৰ বাহিৰে-ভিতৰে  চৰ্চা লাভ কৰিছে৷ শুকুৰবাৰে গৃহ বিভাগে ডি এছ পি পদৰ পৰা এ এছ পি পদলৈ পদোন্নতি দিয়া ১৩ জন এ পি এছ বিষয়াকেইজন হৈছে ক্ৰমে–ঐশ্বৰ্য জীৱন বৰুৱা, কল্যাণ কুমাৰ দাস, ফাৰুৰ আহমেদ, ঋতুৰাজ দলে, অমিতৰাজ চৌধুৰী, অনলজ্যোতি দাস, নৱনীতি শৰ্মা, কুলপ্ৰদীপ ভট্টাচাৰ্য, নীতুমণি দাস, নন্দিনী  কাকতি, ছাহজাহান সৰকাৰ, ৰুমী তিমুংপি আৰু সুকন্যা দাস৷ সাধাৰণ দৃষ্টিত এয়া বিভাগীয় নিয়মমাফিক পদোন্নতি যদিও এই পদোন্নতিক বিজেপি-মিত্ৰজোঁট চৰকাৰৰ পুৰষ্কাৰ বুলিহে এতিয়া বিভিন্নজনে মুকলিভাৱে কোৱা দেখা গৈছে৷ উক্ত ১৩জন এপিএছ বিষয়াৰ পদোন্নতিক দিছপুৰৰ অঘোষিত পুৰষ্কাৰ বুলি এই কাৰণেই কোৱা হৈছে যে উক্ত বিষয়া কেইজন ২০১৫ বৰ্ষত ৰাকেশ পালে এপিএছচি পৰীক্ষাত বাছনি কৰিছিল৷ কুখ্যাত ৰাকেশ পালে পৰীক্ষাৰ উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীটত জালিয়াতি কৰি চূড়ান্ত বাছনি কৰিছিল উক্ত ১৩জন বিষয়াক৷ এপিএছচি কেলেংকাৰিৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া প্ৰাক্তন ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত উক্ত ১৩ জন বিষয়াকে ধৰি মুঠ ৩৪ জন ৰাজপত্ৰিত বিষয়াক দোষী সাব্যস্ত কৰিছে৷ আনকি ন্যায়িক আয়োগৰ ওচৰতো দুৰ্নীতিয়ে বাছনি হোৱা বিষয়া কেইজনে নিজৰ দোষ স্বীকাৰ কৰিছে বুলি প্ৰতিবেদনত উল্লেখ কৰিছে৷ কিন্তু ইয়াৰ পাছতো আঁকোৰগোজ ৰাজ্য চৰকাৰে আজিলৈকে দুৰ্নীতি-জালিয়াতিৰে চাকৰি লাভ কৰা বিষয়াকেইজনক গ্ৰেপ্তাৰ কৰা দূৰৰে কথা আজিলৈকে নিলম্বনো নকৰিলে৷ ইয়াৰ বিপৰীতে শুকুৰবাৰে গৃহ বিভাগে দুৰ্নীতিগ্ৰস্ত এপিএছ বিষয়াকেইজনক উপ-আৰক্ষী অধীক্ষক পদৰ পৰা অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়লৈ পদোন্নতি দি পুৰষ্কৃত কৰি যেন কাললৈ কুখ্যাতি ৰচিলে৷ অথচ এনে একাংশ দুৰ্নীতিৰে চাকৰি লোৱা বিষয়াক সুৰক্ষা দিয়া বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালতে লাখ লাখ শিক্ষিত মেধাৱী নিবনুৱাই এটা চাকৰিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ আটাইতকৈ আশ্চৰ্যজনক বিষয়টো হৈছে গৃহ বিভাগে এই কেইজন বক্ৰপথেৰে চাকৰি লোৱা বিষয়াক পদোন্নতি দি পুৰষ্কৃত কৰিলেও, একেটা অপৰাধৰ বাবে ২০১৩ বৰ্ষৰ পৰীক্ষাত বাছনি হোৱা ৩৯ জন আৰু ২০১৪ চনৰ পৰীক্ষাত বাছনি হোৱা  ২১ জনকে ধৰি মুঠ ৬০ জন এ চি এছ, এপিএছ তথা সংলগ্ন সেৱাৰ বিষয়াক প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত গ্ৰেপ্তাৰ কৰা হৈছিল৷ কেৱল গ্ৰেপ্তাৰেই নহয়, দুৰ্নীতিগ্ৰস্ত ৰাজপত্ৰিত বিষয়াকেইজনক এবছৰো অধিক কাল কাৰাগাৰত বন্দী কৰি ৰখাৰ লগতে তেওঁলোকক চাকৰিৰ পৰাও বৰ্খাস্ত কৰিলে৷ জালিয়াতিয়ে চাকৰি লোৱাৰ বাবে মান-সন্মান, ধন-চাকৰি তথা আপোনজনৰ পৰাৰ বিচ্ছেদিত হৈ ইয়াৰে কেইবাজনো বিষয়াই এতিয়া পাণ-তামোলৰ ব্যৱসায় কৰি জীৱন ধাৰণ কৰাও দেখা গৈছে৷ চাকৰি হেৰুৱাই আজিও গোচৰৰ শুনানিৰ বাবে বিশেষ ন্যায়াধীশৰ আদালতলৈ তাঁতবাতি কাঢ়ি থাকিবলগীয়া হৈছে৷ কিন্তু একে অপৰাধৰ বাবে ন্যায়িক আয়োগে ইতিমধ্যে দোষী সাব্যস্ত কৰা ৩৪ জন ৰাজপত্ৰিত বিষয়াই ৰাজকোষৰ পৰা নিয়মীয়াকৈ দা-দৰমহা লাভ কৰি ৰাজকীয় জীৱন কটাবলৈ সুযোগ পাইছে৷ স্বাভাৱিকেই চৰকাৰৰ এনে দুমুখীয়া কাৰ্যত ক্ষোভ ব্যক্ত কৰি এপিএছচিৰ বঞ্চিত প্ৰাৰ্থীয়ে গঠিত ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচি নামৰ সংস্থাটোৰ প্ৰশাসক মানস প্ৰতীম বৰুৱাই এটা বিবৃতিত কয়–এপিএছচি কেলেংকাৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ স্থিতি তথা মিতিৰালি বুজিবলৈ অসমৰ ৰাইজৰ  আৰু কোনো বাকী নাই৷ ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা বিষয়াকেই যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন গৃহ বিভাগে পুৰষ্কৃত কৰিলে৷ তেনেস্থলত সাধাৰণ এজন অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰে জালিয়াতিৰে চাকৰি লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা ৬০ জন এচিএছ, এপিএছ তথা সংলগ্ন সেৱাৰ বিষয়াৰ গ্ৰেপ্তাৰ প্ৰত্যাহাৰ কৰি শীঘ্ৰে কামত যোগদান কৰিবলৈ দিব লাগে৷ কিয়নো একেটা অপৰাধৰ বাবে কোনোৱাই শাস্তি পাব আৰু একেটা অপৰাধৰ বাবে কোনোবাই পুৰষ্কাৰ পাব, সেয়া দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ আস্ফালন কৰা এখন দক্ষ চৰকাৰৰ  কেতিয়াও সহনশীল নিয়ম হ’ব নোৱাৰে৷
অসম আৰক্ষীত ব্যাপক ৰদ-বদল
ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এক নিৰ্দেশযোগে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল কৰিছে৷ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰই এক নিৰ্দেশযোগে ওদালগুৰিৰ এ এছ পি বিদ্যুৎ দাস বড়োক হাইলাকান্দিৰ অপৰাধ শাখাৰ এ এছ পি হিচাপে বদলি কৰিছে৷ তিনিচুকীয়াৰ এ এছ পি ৰিপুঞ্জয় কাকতিক উলুাৰীৰ চি আই ডি কাৰ্যালয়ত এ এছ পি হিচাপে  বদলি কৰিছে৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ৰ মধ্য জিলাৰ  এ ডি চি পি পল্লৱ কুমাৰ তামুলীক হোজাইৰ অপৰাধ শাখাৰ এ এছ পিলৈ বদলি কৰে৷ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ নিৰাপত্তা আৰু চোৰাং ছোৱাৰ এ ডি চি পি মৌচুমী কলিতাক গুৱাহাটীৰ যান-বাহন শাখাৰ এ ডি চি পিলৈ বদলি কৰিছে৷ ডিব্ৰুগড়ৰ ডি এছ পি আয়োচাৰ্য জীৱন বৰুৱাক পদোন্নতি দি ওদালগুৰিৰ এ এছ পি হিচাপে বদলি কৰিছে৷ কাছাৰৰ ডি এছ পি  কল্যাণ কুমাৰ দাসক পদোন্নতি দি কাছাৰৰ অপৰাধ শাখাৰ এ এছ পি হিচাপে বদলি কৰিছে৷ ভেৰগাঁৱৰ এছ ডি পি অ’ জ্যোতি প্ৰসাদ পেগুক ওদালদগুৰীৰ অপৰাধ শাখাৰ এ এছ পি হিচাপে  বদলি কৰিছে৷ চি এমৰ নিৰাপত্তৰ ডি এছ পি ঋতুৰাজ দলেক পদোন্নতি দি গোৱালপাৰা অপৰাধ শাখাৰ এ এছ পি হিচাপে বদলি কৰে৷ তামুলপুৰৰ এছ ডি পি অ’ ৰূপজ্যোতি কলিতাক পদোন্নতি দি নগাঁৱৰ অপৰাধ শাখাৰ এ এছ পি হিচাপে বদলি কৰা হৈছে৷ কাহিলীপাৰাৰ চতুৰ্থ বেটেলিয়ানৰ সহঃঅধিনায়ক অমিত ৰাজ চৌধুৰী পদোন্নতি দি কৰিমগঞ্জৰ অপৰাধ শাখাৰ এ এছ পি হিচাপে বদলি কৰে৷ মাইবঙৰ এছ ডি পি অ’ অনলজ্যোতি দাসক পদোন্নতি দি ডিমা হাচাও এ এছ পি হিচাপে বদলি কৰা হৈছে৷ কামৰূপৰ ডি এছ পি কল্যাণ কুমাৰ পাথকক পদোন্নতি দি গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ মধ্য জিলাৰ এ ডি চি পি হিচাপে বদলি কৰা হৈছে৷ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ ডি এছ পি মুজ্জাফৰ হুছেইনক পদোন্নতি কৰি একেটা বিভাগতে এ এছ পি হিচাপে বদলি কৰা হৈছে৷ ধুবুৰীৰ ডি এছ পি বিদ্যুৎ বিকাশ বৰা ভূঞাক  পদোন্নতি দি বৰপেটাৰ অপৰাধ শাখাৰ এ এছ পি হিচাপে বদলি কৰা হৈছে৷ চান্দমাৰী সংমণ্ডলৰ এ চি পিই কংনকন কুমাৰ নাথক পদোন্নতি দি কাৰ্বিআংলঙৰ এ এছ পি হিচাপে বদলি কৰিছে৷ লক্ষীমপুৰৰ ডি এছ পি ৰোণা নেওগক পদোন্নতি দি লক্ষীমপুৰৰ এ এছ পি হিচাপে বদলি কৰে৷ বিলাসীপাৰাৰ ডি এছ পি বিৰিঞ্চি বৰাক পদোন্নতি দি শোণিতপুৰৰ অপৰাধ শাখাই এ এছ পি হিচাপে বদলি কৰে৷ ৰাজ্যৰ প্ৰতিখন জিলা এ এছ পি আৰু ডি এছ পি সকলক বদলি কৰা হৈছে৷