Logo
image

মুম্বাই বিমান বন্দৰত শ্বাহৰুখ খানক আটক : ভৰিলে ৬ লাখ ৮৩ হাজাৰ টকাৰ জৰিমনা

ডিজিটেল ডেস্ক : বলীউড ছুপাৰষ্টাৰ শ্বাহৰুখ খানক ডুবাইৰ পৰা উভতি অহাৰ পথত মুম্বাই বিমানবন্দৰত আটক কৰে শুল্ক বিভাগে। জানিব পৰা মতে শ্বাহৰুখৰ হাতত ৬টা ঘড়ীৰ ক'ভাৰ আছিল, যাৰ মূল্য প্ৰায় ১৮ লাখ টকা। যাৰ বাবে ৬ লাখ ৮৩ হাজাৰ টকা জৰিমনা বিহি এৰি দিয়া হয় অভিনেতাগৰাকীক ৷
শ্বাহৰুখ খানে শুক্ৰবাৰে নিশা প্ৰায় ১২.৩০ বজাত এখন ব্যক্তিগত চাৰ্টাৰ্ড বিমানেৰে মুম্বাইত উপস্থিত হয়। শ্বাহৰুখ খান আৰু তেওঁৰ দলটোক T-3 টাৰ্মিনেলত পুৱা প্ৰায় ১ বজাত ৰেড চেনেল পাৰ হোৱাৰ সময়ত আটক কৰা হয়। অনুসন্ধানত শ্বাহৰুখৰ বেগৰ পৰা Babun & Zurbk ঘড়ী, Rolex ঘড়ীৰ ৬টা ক'ভাৰ, Spirit ব্ৰেণ্ডৰ ঘড়ীৰ লগতে খালী ক'ভাৰ উদ্ধাৰ কৰা হয়৷  
বিমানবন্দৰত এঘণ্টা ধৰি চলা অভিযানৰ পিছত শ্বাহৰুখ আৰু তেওঁৰ মেনেজাৰ পূজা দাদলানীক এৰি দিয়া দিয়া হয়৷ কিন্তু অভিনেতাগৰাকীৰ দেহৰক্ষী ৰবি আৰু দলৰ বাকী সদস্যসকলক বাধা দিয়া হয়। জানিব পৰা মতে, শ্বাহৰুখৰ দেহৰক্ষী ৰবিয়ে ৬ লাখ ৮৩ হাজাৰ টকাৰ জৰিমনা পৰিশোধ কৰে।