Logo
image

বিশ্বকাপৰ ফাইনেলতো বতৰৰ বিঘিনিৰ আশংকা

ডিজিটেল ডেস্ক, ১২ নৱেম্বৰ: দেওবাৰে ইংলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া টুৱেণ্টী২০ বিশ্বকাপৰ ফাইনেলৰ লগতে সোমবাৰৰ ৰিজাৰ্ভ ডে’ৰ দিনাও বতৰে বিঘিনি জন্মোৱাৰ আশংকা আছে৷ ফলত দুয়োটা দলক যুগ্ম বিজয়ী ঘোষণা কৰাৰ সম্ভাৱনাও দেখা গৈছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ ভৱিষ্যদ্বাণী অনুসৰি মেলব’ৰ্নত দেওবাৰে বৰষুণ হোৱাৰ সম্ভাৱনা হৈছে ৯৫ শতাংশ৷ দিনটোত ২৫ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হ’ব পাৰে৷ ইএছপিএন-ক্ৰিকইনফোৰ বাতৰি অনুসৰি দেওবাৰে গাজনি-ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ ১০০ শতাংশ সম্ভাৱনা আছে৷ দুৰ্ভাগ্যৰ বিষয়টো হৈছে ফাইনেলৰ ৰিাজাৰ্ভ ডে’ হিচাপে ৰখা সোমবাৰেও বৰষুণ হোৱাৰ ৯৫শতাংশ সম্ভাৱনা আছে৷ টুৰ্নামেণ্টখনৰ ফাইনেলৰ নিয়ম অনুসৰি প্ৰতিটো দলে কমেও দহ অভাৰকৈ খেলিব লাগিব৷ যদি বৰষুণৰ বাবে দুয়োটা দিনতে খেল সম্ভৱ নহয়, তেন্তে ফাইনেলিষ্ট দল দুটাক যুগ্ম বিজয়ী ঘোষণা কৰা হ’ব৷ যদি বৰষুণৰ বাবে দেওবাৰে খেল সম্পূৰ্ণ কৰিব পৰা নাযায়, তেন্তে দেওবাৰে যিসময়ত খেল বন্ধ ৰখা হৈছিল, সোমবাৰে সেই স্থিতিৰ পৰা পুনৰ খেল আৰম্ভ কৰা হ’ব৷