Logo
image

দ্ৰাৱিড়ৰ পৰিৱৰ্তে লক্ষ্মণক দায়িত্ব

ডিজিটেল ডেস্ক, ১২ নৱেম্বৰ: ইংলেণ্ডৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈ টুৱেণ্টী২০ বিশ্বকাপৰ ছেমিফাইনেলৰ পৰা বিদায় লৈছে ভাৰতে৷ দলটোৰ এই বিপৰ্যয়ৰ বাবে দায়ী কোন, সেই প্ৰশ্নক লৈ ইতিমধ্যে আৰম্ভ হৈছে চৰ্চা৷ এনে পৰিস্থিতিতে জনা গৈছে যে টীম ইণ্ডিয়াৰ প্ৰশিক্ষকৰ দায়িত্ব ন্যস্ত কৰা হৈছে ভি ভি এছ লক্ষ্মণৰ ওপৰত৷ ভাৰতীয় দলৰ নিউজীলেণ্ড ভ্ৰমণত মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থাকিব লক্ষ্মণ৷ সাময়িক বিশ্ৰাম দিয়া হৈছে দ্ৰাৱিড়ক৷ কেৱল দ্ৰাৱিড়েই নহয়,  নিউজীলেণ্ড ভ্ৰমণত টীম ইণ্ডিয়াৰ সহযোগী প্ৰশিক্ষক দুজনকো বিশ্ৰাম দিয়া হৈছে৷ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নিউজীলেণ্ড ভ্ৰমণ৷ উক্ত ভ্ৰমণসূচীত লক্ষ্মণ দলটোৰ প্ৰশিক্ষকৰ দায়িত্বত থাকিব বুলি নিশ্চিত কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে৷ টুৱেণ্টী২০ বিশ্বকাপত ভাৰতৰ বেটিং প্ৰশিক্ষকৰ দায়িত্বত আছিল বিক্ৰম ৰাথোড়৷ তেওঁৰ স্থানত নিউজীলেণ্ড ভ্ৰমণলৈ যাব হূষিকেশ কানিটকাৰ৷ তেনেদৰে পাৰশ মাম্বৰেৰ স্থানত নিউজীলেণ্ডত ভাৰতীয় দলৰ বলিং প্ৰশিক্ষক হিচাপে থাকিব ছৈৰাজ বহুতুলে উল্লেখ্য, ভাৰতীয় দলে নিউজীলেণ্ডত তিনিখনকৈ টুৱেণ্টী২০ আৰু এদিনীয়াৰ শৃংখলাত ভাগ ল’ব৷ শৃংখলাটোৰ বাবে নিয়মিত অধিনায়ক ৰোহিত শৰ্মাৰ লগতে বিৰাট কোহলি, লোকেশ ৰাহুল আৰু ৰবিচন্দ্ৰন অশ্বিনৰ দৰে ছিনিয়ৰ ক্ৰিকেটাৰক বিশ্ৰাম দিয়া হৈছে৷