Logo
image

বীয়েৰৰ সৈতে পানীৰ দৰত বিক্ৰী হৈছে ফাইনেলৰ টিকট

ডিজিটেল ডেস্ক, ১২ নৱেম্বৰ: টুৱেণ্টী২০ বিশ্বকাপৰ ফাইনেলত ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনালৈ চাই অষ্ট্ৰেলিয়াত বাস কৰা বহু ভাৰতীয়ই ফাইনেলৰ টিকট কিনি ৰাখিছিল৷ কিন্তু ছেমিফাইনেলত ৰোহিত শৰ্মাৰ দলটো ইংলেণ্ডৰ হাতত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পাছত হতাশাত তেওঁলোকে বহু কম দৰত সেই টিকটবোৰ বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে৷ ফাইনেলত ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’লে মেলব’ৰ্ন ক্ৰিকেট গ্ৰাউণ্ড দৰ্শকেৰে ভৰি পৰাৰ সম্ভাৱনা আছিল৷ কিন্তু ভাৰতৰ সলনি ইংলেণ্ড ফাইনেলত উপনীত হোৱাৰ ফলত সেই আশা কৰা নাই কোনেও৷ যিসকল ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে ফাইনেলৰ টিকট ক্ৰয় কৰিছিল, তেওঁলোকে সেই টিকট বিক্ৰী কৰাৰ বাবে যথেষ্ট চেষ্টা চলোৱা দেখা গৈছে৷ জানিব পৰা মতে, তেনেই কম মূল্যত তেওঁলোকে বিক্ৰী কৰিছে ফাইনেলৰ টিকট৷ মাত্ৰ ১০ অষ্ট্ৰেলিয়ান ডলাৰত (ভাৰতীয় মুদ্ৰাৰ হিচাপত মাত্ৰ ৫০০ টকা) বিক্ৰী কৰা হৈছে একোটা টিকট৷ কেৱল সেয়াই নহয়, প্ৰতিটো টিকটৰ সৈতে বিনামূলীয়াকৈ এবটলকৈ বীয়েৰ দিয়াৰো প্ৰতিশ্ৰুতি দিয়া হৈছে৷ আনকি ক্ৰেতাই বিচাৰিলে তেওঁৰ ঘৰত টিকট দি অহাৰো প্ৰতিশ্ৰুতি দিয়া হৈছে৷ বৃহস্পতিবাৰৰ দ্বিতীয়খন ছেমিফাইনেলৰ পাছত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল, য’ত  বাহিৰত ভাৰতীয় সমৰ্থক এজনে এডিলেইড অ’ভেলৰ বাহিৰত চিঞৰি চিঞৰি ফাইনেলৰ টিকট বিক্ৰীৰ চেষ্টা চলোৱা দেখা গৈছিল৷