Logo
image

ৰাজনৈতিক দলত যোগদান কৰিব নেকি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই? : কি কয় আছুৱে

ডিজিটেল ডেস্ক : আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৰাজনৈতিক দলত যোগদান কৰিব বুলি ওলোৱা খবৰে তোলপাৰ লগাইছে৷ আছুৰ উপদেষ্টাগৰাকীয়ে বিজেপিত যোগদান কৰিব বুলি ওলোৱা খবৰক লৈ চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে৷ শেহতীয়কৈ এই বিষয়টোৰ সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে আছুৰ সভাপতি দীপাংক নাথে৷

দীপাংক নাথে কয় যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৰাজনৈতিক দলত যোগদান কৰিব বুলি ওলোৱা খবৰ সম্পূৰ্ণ মিছা৷ কল্পনাৰ আধাৰতহে একাংশ সংবাদ মাধ্যমত এই বাতৰি পৰিৱেশন কৰা হৈছে৷ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কোনো ৰাজনৈতিক দলত যোগদান নকৰে৷ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আজিৰ পৰা ১০-১৫ বছৰ আগতেই স্পষ্ট কৰিছে যে তেওঁ অৰাজনৈতিকভাৱে ৰাইজৰ লগত থাকি সমাজৰ হৈ কাম কৰি যাব৷