Logo
image

দিল্লী প্ৰায় দখল কৰি পেলাইছে চাৰিশ বছৰীয়া লাচিতে

আমাৰ অসম, ১ নৱেম্বৰ: দিল্লী প্ৰায় দখল কৰিছে চাৰিশ বছৰ পুৰণি ইতিহাস সমৃদ্ধ লাচিত বৰফুকনে৷ ৰাজধানী মহানগৰৰ চোকে-কোণে এতিয়া লাচিত বৰফুকনৰ যুদ্ধংদেহী বেনাৰ-পোষ্টাৰ৷ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা আৰম্ভ কৰি, বাছষ্টেণ্ড, মেট্ৰ’ ষ্টেচন আনকি মেট্ৰ’ ট্ৰেইন, ৰাস্তাৰ দাঁতিত ওলমিছে বীৰজনাৰ বীৰত্ব প্ৰদৰ্শনকাৰী হৰ্ডিং আৰু বেনাৰ৷ কাৰণ ২৩ আৰু ২৪ নৱেম্বৰত দিল্লীৰ বিজ্ঞান ভৱনত অসম চৰকাৰে আয়োজন কৰিছে লাচিত বৰফুকনৰ ৪০০বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান৷ মোগল সাম্ৰাজ্যই সমগ্ৰ ভাৰতক আগুৰি ধৰাৰ সময়ত বীৰ লাচিত বৰফুকনৰ বীৰত্ব, যুদ্ধ নিপুণতা আৰু অফুৰন্ত দেশপ্ৰেমৰ বাবে কোনোদিনে অসম দখল কৰিব পৰা নাছিল— এই বাৰ্তাই বিজ্ঞান ভৱনৰ অনুষ্ঠানৰ জৰিয়তে অসম চৰকাৰে সমগ্ৰ দেশবাসীৰ সন্মুখত দাঙি ধৰিব বিচাৰিছে৷ এই প্ৰসংগত দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য— ছত্ৰপতি শিবাজী মহাৰাজক যেনেদৰে দেশবাসীয়ে জানে ঠিক তেনেদৰেই বীৰ লাচিত বৰফুকনকলৈও সমগ্ৰ দেশবাসী গৌৰবাম্বিতবোধ কৰিব লাগে৷ ইয়াৰ বাবেই দিল্লীত আয়োজন কৰা হৈছে লাচিতৰ ৪০০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান৷ ২৪ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সামৰণি ভাষণৰ পাছত লাচিত বৰফুকন সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীকে ধৰি সমগ্ৰ দেশবাসীৰ মনত কৌতূহলৰ উদ্ৰেক কৰিব তথা মহান বীৰজনাৰ বিষয়ত নতুনকৈ চিন্তাৰ অৱকাশ কঢ়িয়াই আনিব বুলি ড॰ শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰে৷ ইয়াৰ পূৰ্বে দিল্লীবাসীৰ মনত কৌতূহল সৃষ্টি কৰাৰ বাবেই দিল্লীৰ প্ৰায় চোকে-কোণে উক্ত অনুষ্ঠানৰ সবিশেষ ব্যক্ত কৰি অসম চৰকাৰে ওলমালে লাচিত বৰফুকনৰ বেনাৰ-হৰ্ডিং আদিৰ ডিছপ্লে৷ মুখ্যমন্ত্ৰীৰ বক্তব্য— স্বাধীনতাৰ ৭৫ বছৰ পাছতো লাচিত বৰফুকনক সমগ্ৰ দেশবাসীৰ সন্মুখত দাঙিধৰাৰ বাবে কোনো এখন চৰকাৰেই চিন্তা কৰা নাছিল৷ শিবাজীৰ সমপৰ্যায়ত লাচিত বৰফুকনকলৈ চিন্তাৰ বাট এতিয়া প্ৰশস্ত হ’ব৷ অন্তত স্বাধীনতাৰ ৭৫ বছৰ পাছত মহান বীৰজনাক সন্মান জনোৱা হ’ব৷ উল্লেখ্য যে, বিজ্ঞান ভৱনত আয়োজন কৰিবলগীয়া দুদিনীয়া কাৰ্যসূচীক গাম্ভীৰ্যপূৰ্ণ কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰীকে ধৰি কেইবাজনো কেবিনেট মন্ত্ৰীয়ে অহৰহ দিল্লী ভ্ৰমণ কৰি বৈঠক আদিত মিলিত হোৱা পৰিলক্ষিত হৈছে৷ অনুষ্ঠানটোৰ বাবে গঠন কৰা কমিটীসমূহত বিৰোধীপক্ষৰ বিধায়কসকলকো সামৰি লোৱা হৈছে৷ সেয়েহে যোৱা দুদিন ধৰি মুখ্যমন্ত্ৰীৰ লগতে তিনিজনকৈ কেবিনেট মন্ত্ৰী ক্ৰমে পীয়ূষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, অশোক সিংঘাল, বিধায়ক সুশান্ত বৰগোহাঁই, দিগন্ত কলিতা, মানৱ ডেকা, ৰেকিবুদ্দিন আহমেদে কেইবাবাৰো বৈঠকত মিলিত হৈছে৷ কালি সন্ধিয়া দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্ৰীজনে আছাম হাউছত বৈঠক কৰাৰ পাছত আজি দিল্লীত থকা নিজা বাসভৱনতো মন্ত্ৰীসকলৰ সৈতে আন এখন বৈঠকত মিলিত হয়৷ উল্লেখ্য যে, ১৫ নৱেম্বৰৰ পৰা ৰাজ্যৰ প্ৰতিজন কেবিনেট মন্ত্ৰীয়ে নিজা নিজা দায়িত্বত থকা কমিটীৰ বৈঠকত অংশ ল’বলৈ নিৰন্তৰ দিল্লী-দিছপুৰ অহা-যোৱা কৰিব৷ ২১ তাৰিখৰ পৰা সকলো মন্ত্ৰী-বিধায়কেই দিল্লীত বাহৰ পাতিব৷ তেনেস্থলত চৰকাৰী কিবা সিদ্ধান্ত ততাতৈয়াকৈ ল’ব লাগিলে কেবিনেট বৈঠক দিল্লীত অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে৷ আনহাতে, অনুষ্ঠানৰ কমিটীসমূহত বিৰোধী দলৰ বিধায়কসকলক সামৰি লোৱা প্ৰসংগত মুখ্যমন্ত্ৰীৰ বক্তব্য— আমি বিচাৰিছোঁ দিল্লীৰ এই সামৰণি অনুষ্ঠান কোনো চৰকাৰীপক্ষৰ কাৰ্যসূচী হৈ নাথাকক, অসমৰ ৰাইজৰ কাৰ্যসূচী হিচাপে পৰিচিত লাভ কৰক৷ তাৰ বাবেই আমি বিৰোধী দলৰ বিধায়কসকলকো এই অনুষ্ঠান সম্পন্ন কৰাৰ বাবে সামৰি লৈছোঁ৷ উল্লেখ্য যে, কমিটীসমূহত ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, ৰেকিবুদ্দিন আহমেদ, এ আই ইউ ডি এফৰ কৰিমুদ্দিন বৰভূঞা আদিক অনুৰ্ভুক্ত কৰা হৈছে৷ আনহাতে, লাচিত বৰফুকনৰ ৪০০বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান সন্দৰ্ভত সাংবাদিকক অৱগত কৰি মুখ্যমন্ত্ৰীজনে কয় যে, দিল্লীৰ গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানৰ উপৰি ১৮ নৱেম্বৰত অসম আৰক্ষীৰ মাৰ্চ-পাষ্টৰ জৰিয়তে অসমত বৰফুকনৰ ৪০০জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ ঘটিব৷ ১৯ নৱেম্বৰত সমগ্ৰ অসমত স্কুল, কলেজ, বিশ্ববিদ্যালয়ত ৰচনা লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব৷ ২০নৱেম্বৰত ৰাজ্যজুৰি সমাজসেৱামূলক কাৰ্যাৱলী গ্ৰহণ কৰা হ’ব৷ ২১, ২২, ২৩ নৱেম্বৰতো জিলা উপায়ুক্তসকল তথা স্থানীয় পৰ্যায়ত বিভিন্ন কাৰ্যসূচীৰে জয়ন্তী পালন কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে আজি প্ৰকাশ কৰা মতে, লাচিত বৰফুকন বিষয়ত লিখা ৰচনাসমূহ ইতিমধ্যে ৰাজ্য চৰকাৰে তৈয়াৰ কৰা প’ৰ্টেলত আপলোড কৰাৰ কাম আৰম্ভ কৰা হৈছে৷ দেশ-বিদেশৰ প্ৰায় ১০ হাজাৰ লোকে ইতিমধ্যে লাচিত বৰফুকন সন্দৰ্ভত ৰচনা লিখি প্ৰমাণ-পত্ৰ লাভ কৰিছে৷ আনহাতে, দিল্লীৰ সামৰণি অনুষ্ঠানত প্ৰথমদিনা অৰ্থাৎ ২৩ নৱেম্বৰত অমিত শ্বাহে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰে বীৰ লাচিত বৰফুকনকলৈ নিৰ্মাণ কৰা তথ্যচিত্ৰৰ শুভ উদ্বোধন কৰিব৷ ইয়াৰ পাছত অন্তিম দিনা অৰ্থাৎ ২৪ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাপন ভাষণ প্ৰদান কৰিব৷ উল্লেখ্য যে, লাচিতৰ ৪০০ বছৰীয়া জয়ন্তীৰ শুভ উদ্বোধনী কৰিছিল তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে৷ আনহাতে, মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, অসমৰ প্ৰায় ২০০০ বছৰীয়া ইতিহাসৰ সৈতে আহোম ৰাজত্বৰ ৪০০বছৰীয়া গৌৰৱোজ্বল অধ্যায়ক প্ৰতিফলিত কৰাকৈ বিজ্ঞান ভৱনত এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে৷ ইয়াৰ সমান্তৰালকৈ ২৩ আৰু ২৪ নৱেম্বৰত দুখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰও অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ ‘মই ভাবোঁ এই সকলোবোৰ সামৰি অত্যন্ত গাম্ভীৰ্যপূৰ্ণভাৱে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী পালন কৰা হ’ব৷ ইয়াৰ বাবে মই অসমবাসীৰ সক্ৰিয় যোদগান আন্তৰিকতাৰে কামনা কৰিছোঁ’— মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এনেদৰে কয়৷