Logo
image

ৰং-তুলি-চেলুলয়ড সামৰি গুচি গ’ল পুলক গগৈ

আমাৰ অসম, ১৩ নৱেম্বৰ: ৰং তুলিকা, ছাঁ-পোহৰৰ মায়াবী জগত এৰি অজান্তি মুলুকলৈ আঁতৰি গ’ল জনতাৰ শিল্পী পুলক গগৈ৷ শত-সহস্ৰজনক শোক সাগৰত ডুবাই তেওঁ আধৰুৱাকৈয়ে এৰি থৈ গ’ল অনেক সপোন৷ হয়, বিশিষ্ট চিত্ৰশিল্পী, চলচ্ছিত্ৰ পৰিচালক, প্ৰযোজক তথা কাৰ্টুনিষ্ট পুলক গগৈ আৰু নাই৷ শনিবাৰে পুৱা ৮.৩০ বজাত গুৱাহাটীৰ হাতীগড়ৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ৷ উল্লেখ্য, দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত ভুগি আছিল পুলক গগৈয়ে৷ যোৱা ফেব্ৰুৱাৰীৰ পৰা প্ৰায় শয্যাশায়ীয়েই আছিল বিশিষ্ট শিল্পীগৰাকী৷ শনিবাৰে পুৱা গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধই শিল্পীগৰাকীয়ে কাম কৰা মাদাৰ টেৰেছা পথৰ শান্তি নিলয় এপাৰ্টমেণ্টত ভিৰ কৰে৷ শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনোৱাৰ বাবে তেওঁৰ নশ্বৰ দেহ ক্ৰমে আৰ্টিষ্ট গিল্ড, ৰবীন্দ্ৰ ভৱন আৰু জ্যোতি চিত্ৰবনলৈ লৈ যোৱা হয়৷ জ্যোতি চিত্ৰবনত বিশিষ্ট অভিনেতা যতীন বৰা, চলচ্ছিত্ৰ পৰিচালক ৰাজেশ ভূঞা, অগপ নেতা মনোজ কুমাৰ শইকীয়াকে ধৰি ৰাজ্যৰ চলচ্ছিত্ৰ আৰু ৰাজনীতি জগতৰ বহুকেইজন অগ্ৰণী ব্যক্তি উপস্থিত হৈ পুলক গগৈৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনায়৷ সকলোৱে প্ৰয়াত শিল্পীগৰাকীৰ সান্নিধ্য আৰু সৃষ্টিৰাজিক সুঁৱৰি স্মৃতিমেদুৰ হৈ পৰে৷ বিয়লি ৩ বজাত ৰাজ্যিক মৰ্যাদাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত পুলক গগৈৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ পুলক গগৈৰ মৃত্যুৰ খবৰ পায়েই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট শিল্পীগৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শেষকৃত্য অনুষ্ঠানত ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকে৷ ইফালে, আছুৰ উপ-সভাপতি বিপুল ৰাভাৰ নেতৃত্বত এটি বৃহৎ দলে নৱগ্ৰহ শ্মশানত পুলক গগৈৰ শেষকৃত্য অনুষ্ঠানত ভাগ লয়৷ উল্লেখ্য, ১৯৩৮ চনত যোৰহাটত জন্ম গ্ৰহণ কৰা সোমেশ্বৰ গগৈৰ পুত্ৰ পুলক গগৈয়ে ‘অসমবাণী’ কাকতত কাৰ্টুনিষ্ট হিচাপে কৰ্মময় জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত ‘দৈনিক অসম’ কাকতৰো সাংবাদিক কাৰ্টুনিষ্ট হিচাপে সেৱা আগবঢ়ায়৷ উচ্ছ শিক্ষা সাং কৰি অসম চৰকাৰৰ জনসংযোগ বিভাগত চাকৰি কৰিছিল যদিও কেইমাহ মানৰ পাছতে সেই চাকৰি ত্যাগ কৰি কাৰ্টুনিষ্ট সাংবাদিকৰ জীৱন গ্ৰহণ কৰে৷ ১৯৭২ চন মানলৈ সক্ৰিয়ভাৱে চিত্ৰশিল্পী হিচাপে কাম কৰাৰ অন্তত ১৯৭৪ চনত তেওঁ ‘খোজ’ নামৰ ছবিখনৰ প্ৰযোজক পৰিচালক হিচাপে চলচ্ছিত্ৰ নিৰ্মাণৰ যাত্ৰা আৰম্ভ কৰে৷ এখনৰ পাছত আন এখন ছবি নিৰ্মাণ কৰি তেওঁ ব্যৱসায়িক সফলতা লাভ কৰাৰ লগতে সমালোচকৰো পছন্দৰ পৰিচালক হৈ পৰে তথা বহু সন্মান লাভ কৰিবলৈ সক্ষম হয়৷ ‘ৰে’লৰ আলিৰ দূবৰি বন’ ছবিখনৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ‘ৰজত কমল’ লাভ কৰে৷ তদুপৰি পুলক গগৈয়ে নিজৰ একেবাৰে শেহতীয়া ‘মমতাজ’ নামৰ ২০১৩ চনত নিৰ্মাণ কৰা ছবিখনৰ বাবে ফিল্ম ফেয়াৰ (ইষ্ট)ত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে৷ তেওঁ পৰিচালনা কৰা আন ছবিকেইখন হৈছে ‘সাদৰী’, ‘সেন্দূৰ’, ‘সূৰুজ’, ‘শ্ৰীমতি মহিমাময়ী’, ‘মৰম নদীৰ গাভৰু ঘাট’ আৰু ‘পত্নী’৷ এইগৰাকী চলচ্ছিত্ৰ নিৰ্মাতা তথা পৰিচালক এগৰাকী চিত্ৰকৰ হিচাপেও লোক সমাদৃত৷ দিল্লীৰ ললিত-কলা একাডেমি, কলকাতাৰ একাডেমি অৱ ফাইন আৰ্টছ, গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ পৰা আৰম্ভ কৰি দেশৰ পৰিধি ভাঙি সুদূৰ ৱাশ্বিংটনৰ হোজেছ গেলেৰী আইএনচিতো তেওঁৰ চিত্ৰ প্ৰদৰ্শনী আয়োজন কৰা হৈছে৷ তেওঁৰৰ কাৰ্টুনে একালত সমাজ ৰাজনীতিৰ বহু দিশ ব্যংগভাৱে উদঙাই দিছিল৷ হৃদয় যেতিয়া নদী হয় (১৯৯১), প্ৰেমৰ কাৰণে আৰু জোনাকৰ বৰষুণ নামৰ তিনিখন টিভি চিৰিয়েলো নিৰ্মাণ কৰিছিল পুলক গগৈয়ে৷ কামৰূপীয়া ঢুলীয়া, দ্য ৰীডম, কথা ৰূপকাৰ নামৰ তিনিখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল পুলক গগৈয়ে৷ তদুপৰি ‘পৰমবীৰ হামিদ’, ‘হৈমন্তিকা’, ‘পুলকে কৈছে পুলকৰ কথা’ নামৰ তিনিখন গ্ৰন্থ প্ৰণয়ন কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন কাকত আলোচনাত অসংখ্য লেখা লিখি থৈ গৈছে পুলক গগৈয়ে৷ নিজ সৃষ্টি আৰু কৰ্মৰ বাবে অজস্ৰ বঁটা-বাহনো লাভ কৰিছিল পুলক গগৈয়ে৷ ইয়াৰ ভিতৰত ২০১৬ চনত লাভ কৰা গুৰুজী আদ্যশৰ্মা বঁটা, ২০১৭ চনত অসম চৰকাৰৰ পৰা লাভ কৰা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা উল্লেখযোগ্য৷ যোৰহাটৰ জেবি কলেজৰ পৰা আইন পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত মুম্বাইৰ বান্দ্ৰা স্কুল অৱ আৰ্টছ আৰু বষ্টন মিউজিয়াম অব ফাইন আৰ্টছত আনুষ্ঠানিকভাৱে ছবি অকাৰ শিক্ষা গ্ৰহণ কৰিছিল পুলক গগৈয়ে৷ পাছলৈ তেওঁ পেন ছিলভানিয়া একাডেমী অৱ ফাইন আৰ্টছলৈও গৈছিল৷ আমেৰিকা যুক্তৰাষ্ট্ৰই পুলক গগৈক সেই দেশৰ নাগৰিকত্ব প্ৰদান কৰি আমেৰিকাতে থকাৰ সুযোগ দিছিল৷ কিন্তু মাতৃভূমিৰ কেঁচা মাটিৰ গোন্ধে তেওঁক অসমলৈ টানি আনিছিল৷ বিশিষ্ট চলচ্ছিত্ৰ পৰিচালক পুলক গগৈৰ বিয়োগত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ টুইটাৰত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে– ‘১৯৩৮ চনত জন্মগ্ৰহণ কৰা গগৈয়ে কেইবাখনো অসমীয়া চলচ্ছিত্ৰ পৰিচালনা কৰি অসমীয়া চলচ্ছিত্ৰৰ জগতখন সমৃদ্ধ কৰি গৈছে৷ খোজ, শ্ৰীমতী মহিমাময়ী, সূৰুয, মমতাজ, সদৰী, পত্নী, মৰম নদীৰ গাভৰু ঘাট আদি বহু জনপ্ৰিয় অসমীয়া ছবিৰ পৰিচালক পুলক গগৈৰ দেহাৱসান সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি৷’ মুখ্যমন্ত্ৰী শৰ্মাই বৰেণ্য শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ ইফালে, পুলক গগৈৰ দেহাৱসানত শোক প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছ’চিয়েল মিডিয়াত এনেদৰে মন্তব্য কৰে– ‘প্ৰখ্যাত চিত্ৰশিল্পী তথা চলচ্ছিত্ৰ পৰিচালক পুলক গগৈদেৱে জনপ্ৰিয় সৃষ্টিৰাজিৰে অসমৰ কলা-সংস্কৃত সমৃদ্ধ কৰি থৈ গৈছে৷ তেখেতৰ বিয়োগৰ খবৰ পাই অত্যন্ত মৰ্মাহত গৈছোঁ৷ পুলক গগৈদেৱৰ বিদেহ আত্মাৰ সদ্‌গতি কামনা কৰি শোকস্তব্ধ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনালোঁ৷ বিশিষ্ট শিল্পীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকাই এনেদৰে মন্তব্য কৰিছে– ‘গগৈৰ মৃত্যু অসমৰ এক বৃহৎ ক্ষতি৷ অসমৰ সাংস্কৃতিক আৰু চিত্ৰজগতৰ এজন আগশাৰীৰ কাণ্ডাৰী হেৰাল৷ পুলক গগৈৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰি প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে কয় যে এসময়ত মুম্বাইৰ জাহাংগীৰ আৰ্ট গেলাৰী, ৱাশ্বিংটন আদি বিভিন্ন ঠাইত চিত্ৰ প্ৰদৰ্শন কৰি প্ৰচুৰ খ্যাতি আৰ্জিছিল বৰেণ্য চিত্ৰশিল্পী পুলক গগৈয়ে৷’ বিশিষ্ট চলচিত্ৰ পৰিচালক কাৰ্টুনিষ্ট চিত্ৰশিল্পী প্ৰডিউচাৰ্ছ কাউন্সিলৰ প্ৰথম সভাপতি পুলক গগৈৰ মৃত্যুত প্ৰডিউচাৰ্ছ কাউন্সিলে গভীৰ শোক প্ৰকাশ কৰিছে৷ কাউন্সিলৰ সভাপতি মঞ্জু বৰা, কাৰ্যবাহী সভাপতি চন্দ্ৰ মুদৈ আৰু সাধাৰণ সম্পাদক দিপক দত্তই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ পুলক গগৈৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে৷ শাসকীয় বিজেপি, অগপৰ লগতে কংগ্ৰেছ, ইউডিএফকে ধৰি ৰাজ্যৰ সকলো ৰাজনৈতিক দলে শোকবাৰ্তা প্ৰেৰণ কৰিছে৷ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা বুবুমণি গোস্বামী, অধ্যক্ষ আদিত্য লহকৰে দুখ প্ৰকাশ কৰি এক বিবৃতিত উল্লেখ কৰিছে যে এয়া অসমীয়াৰ বাবে অতিশয় দুৰ্ভাগ্যজনক আৰু বেদনাদায়ক৷ নতুন প্ৰজন্ম তথা অসমীয়াৰ বাবে তেওঁ সদায় প্ৰেৰণাৰ উৎস হৈ ৰ’ব৷ শিল্পীজনৰ মৃত্যুত সাংস্কৃতিক সাংবাদিক সন্থা অসমে গভীৰ শোক প্ৰকাশ কৰিছে৷ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰি সাংস্কৃতিক কৰ্মী গোপাল জালানে কয় যে কেৱল সাংস্কৃতিক দিশৰেই নহয়, কাৰ্টুনিষ্ট পুলক গগৈৰ কাৰ্টুনবোৰ খুবেই আকৰ্ষণীয় আছিল৷ পুলক গগৈৰ মৃত্যুত মহাপুৰুষ শ্ৰীমন্ত দেৱদামোদৰ সংঘ, জ্যোতিৰূপাৰ সভাপতি প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু সাধাৰণসম্পাদক নৰেন হাজৰিকায়ো শোকবাৰ্তা প্ৰেৰণ কৰিছে৷ বিশিষ্ট চলচ্ছিত্ৰ নিৰ্মাতা-পৰিচালক পুলক গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে৷ আজি তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত বিশিষ্ট নৃত্য পটীয়সী তথা অভিনেত্ৰী কৃষ্ণা দাস নাথৰ ‘প্ৰতিধবনি শুনো মই সান্নিধ্যৰ সোঁৱৰণ’ নামৰ গ্ৰন্থ উন্মোচনী সভাত উন্মোচক হিচাপে উপস্থিত থকা গোস্বামীয়ে গগৈৰ বিয়োগক ৰাজ্যৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে৷