Logo
image

নিৰ্বাচনৰ পূৰ্বে বিজেপিত বিদ্ৰোহ : পাঁচগৰাকী নেতাই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ ভাবুকি

ডিজিটেল ডেস্ক : বৰ্তমান দেশৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক দল বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ৷ টিকটক লৈ বিজেপিত সৃষ্টি হৈছে কন্দল৷ গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত বিদ্ৰোহ আৰম্ভ হৈছে৷ টিকটৰ পৰা বঞ্চিত হোৱাৰ বাবে বৰ্তমানৰ এজন বিধায়কসহ চাৰিজন প্ৰাক্তন বিধায়কে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰাৰ ভাবুকি প্ৰদান কৰিছে৷ উল্লেখ্য, গুজৰাট বিধানসভা নিৰ্বাচন ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। দলৰ সিদ্ধান্তক লৈ অসন্তুষ্ট একাংশ নেতাই কয় যে তেওঁলোকে সমৰ্থকসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ পৰৱৰ্তী পদক্ষেপ ল'ব৷ কিন্তু প্ৰাক্তন বিজেপি বিধায়ক হৰ্ষদ ভাসাভাই শুকুৰবাৰে নান্দোদ (এছটি সংৰক্ষিত) সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে।

হৰ্ষদ ভাসাভা বিজেপিৰ গুজৰাট গোটৰ অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি আৰু ২০০২ চনৰ পৰা ২০০৭ চনলৈ আৰু ২০০৭ চনৰ পৰা ২০১২ চনলৈ পূৰ্বৰ ৰাজপিপলা আসনৰ প্ৰতিনিধিত্ব কৰিছিল। নৰ্মদা জিলাৰ নান্দোদ আসন বৰ্তমান কংগ্ৰেছৰ দখলত আছে। বিজেপিয়ে এই আসনত ড০ দৰ্শন দেশমুখক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। দলৰ এই সিদ্ধান্তত অসন্তুষ্ট হৈ হৰ্ষদ ভাসাভাই বিজেপিৰ পৰা পদত্যাগ কৰে আৰু শুকুৰবাৰে নান্দোদ আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে।

ইফালে ৱাঘোডিয়াৰ ছয়বাৰৰ বিধায়ক মধু শ্ৰীবাস্তৱে টিকটৰ পৰা বঞ্চিত হৈ কয় যে যদি তেওঁৰ সমৰ্থকসকলে তেওঁক বিচাৰে তেন্তে তেওঁ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰিব। বিজেপিয়ে অশ্বিন পেটেলক এই আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বদোদৰা জিলাৰ পাদ্ৰা আসনৰ আন এজন প্ৰাক্তন বিজেপি বিধায়ক দিনেশ পেটেল ওৰফে দিনু মামাইও কয় যে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিব। বিজেপিয়ে পাদ্ৰা সমষ্টিত চৈতান্যসিংহ জালাক টিকট প্ৰদান কৰিছে। এই সমষ্টি বৰ্তমান কংগ্ৰেছৰ দখলত আছে।

আনহাতে কাৰ্জানত বৰ্তমানৰ বিধায়ক অক্ষয় পেটেলক টিকট দিয়াৰ সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰিছে বিজেপিৰ প্ৰাক্তন বিধায়ক সতীশ পেটেলে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিজেপিৰ ৰাজ্যিক গোটৰ সাধাৰণ সম্পাদক ভাৰ্গৱ ভট্ট আৰু গৃহ ৰাজ্যিক মন্ত্ৰী হৰ্ষ সংঘৱীয়ে শনিবাৰে বদোদৰা ভ্ৰমণ কৰে আৰু স্থানীয় দলীয় কৰ্মীসকলক সাক্ষাৎ কৰে।

জুনাগড়ৰ কেশোদ সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক অৰবিন্দ লাদানীয়ে শনিবাৰে ঘোষণা কৰে যে দলটোৱে বৰ্তমানৰ বিধায়ক দেৱভাই মালামক টিকট দিয়াৰ বাবে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিব। বিজেপিয়ে এতিয়ালৈকে মুঠ ১৮২ টা বিধানসভা সমষ্টিৰ ভিতৰত ১৬৬ টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে।