Logo
image

চিৰাং পালেহি কোচবিহাৰ ৰাজ্যৰ দাবী, বৃহৎ সমাবেশ

বংগ ভংগৰ দাবীয়ে জুই জ্বলাব অসমতো! সচকিত দিছপুৰ
আমাৰ অসম, ১৪ নৱেম্বৰ: পুনৰ বিভাজিত হ’ব নেকি অসম? প্ৰস্তাৱিত বৃহত্তৰ কোচবিহাৰ ৰাজ্যত চামিল হ’ব নেকি অসমৰ এটা অংশ? এই প্ৰসংগক কেন্দ্ৰ কৰি সচকিত হৈ পৰিছে অসম চৰকাৰ আৰু পশ্চিম অসমৰ বিভিন্ন জিলাৰ প্ৰশাসন৷  উল্লেখ্য, পশ্চিমবংগ, বিহাৰ আৰু অসমৰ কেইবাখনো জিলাক সামৰি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে বংগ ভংগ কৰি কেন্দ্ৰীয় স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ কুচ-কাৱাজ আৰম্ভ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ এই পৰিকল্পনা ৰাজহুৱা হোৱাৰ পাছতেই গ্ৰেটাৰ কোচবিহাৰ পিপ’লছ এছ’চিয়েশ্বনে অসম, বংগ আৰু বিহাৰৰ বিভিন্ন স্থানত জনসমাৱেশ অনুষ্ঠিত কৰি নাগৰিকৰ সমৰ্থন আদায়ৰ চেষ্টা অব্যাহত ৰাখিছে৷ ইতিমধ্যে, বিদ্ৰোহী সংগঠন কেএলঅ’ৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ আদান-প্ৰদান হোৱা পত্ৰতো নতুন ৰাজ্য গঠনৰ পৰিকল্পনাৰ বিস্ফোৰক তথ্য প্ৰকাশ পাইছে৷ ইফালে, অসমতো কোচবিহাৰ ৰাজ্য গঠনৰ ক্ষেত্ৰত নাগৰিকৰ সমৰ্থন আদায়ৰ বাবে তৃণমূল পৰ্যায়ত নামি পৰিছে শিৱ-চণ্ডী ধৰ্মৰ গুৰু অনন্ত মহাৰাজ৷ গ্ৰেটাৰ কোচবিহাৰ পিপ’লছ এছ’চিয়েশ্বনৰ নেতা তথা ধৰ্মীয় গুৰু অনন্ত মহাৰাজে বংগৰ কেইবাস্থানত ধাৰাবাহিকভাৱে অনুগামীসকলৰ মাজত ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ পাছত দেওবাৰে চিৰাঙৰ বাসুগাঁৱৰ ৰাজাচাৰাং খেলপথাৰতো এখন বিশাল জনসভাত সম্বোধন কৰে৷ হাজাৰ হাজাৰ লোক উপস্থিত থকা জনসভাত ধৰ্মগুৰু অনন্ত মহাৰাজে কোচবিহাৰ ৰাজ্য গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে অসম তথা অংশীদাৰ ৰাজ্যকেইখনৰ  সৈতে আলোচনাত মিলিত হৈ সিদ্ধান্ত চূড়ান্ত কৰিব বুলিও সদৰী কৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অন্যতম ঘনিষ্ঠ ব্যক্তি হিচাপে পৰিচিত অনন্ত মহাৰাজে জনসমাৱেশ অনুষ্ঠিত কৰি অসমৰ চিৰাঙকে ধৰি অবিভক্ত গোৱালপাৰা জিলা নতুন কোচবিহাৰ ৰাজ্যত চামিল হোৱাৰ ইংগিত দিয়ে৷ ধৰ্মীয় নেতাজনৰ এই জনসমাৱেশে নিশ্চিত কৰিছে যে কোচবিহাৰ ৰাজ্য গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ সাজু৷ কোচবিহাৰত অসমৰ এটা অংশ চামিল হ’লে সমগ্ৰ অসমতেই যে ক্ষোভৰ জুই জ্বলিব সেয়াও নিশ্চিত হৈ পৰিছে৷ কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন কৰি বিজেপি চৰকাৰে বংগৰ মমতা বেনাৰ্জীৰ চৰকাৰক ৰাজনৈতিকভাৱে শলঠেকত পেলোৱাৰ লগতে বিদ্ৰোহী সংগঠন কেএলঅ’কো শান্তি চুক্তিৰ জৰিয়তে সন্তুষ্ট কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে৷
বাসুগাঁৱত কোঁচ-ৰাজবংশীৰ বিশাল গণসমাৱেশ
কেইবা হাজাৰ লোকৰ উপস্থিতিত বাসুগাঁও ৰাজাচাৰাং ধৰ্মীয় খেলপথাৰত আয়োজিত গণসমাৱেশত মুখ্য অতিথিৰূপে উপস্থিত থাকে গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এছ’চিয়েশ্বনৰ প্ৰতিষ্ঠাপক অনন্ত মহাৰাজ৷ এই গণসমাৱেশত গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এছ’চিয়েশ্বনৰ নেতা তথা ধৰ্মীয় গুৰু অনন্ত মহাৰাজক তেওঁৰ অনুগামীসকলে নৃত্য-গীত আৰু জয় শিৱ চণ্ডীৰ হৰ্ষ ধবনিৰে মঞ্চলৈ আদৰি অনা পৰিলক্ষিত হয়৷ আজিৰ এই গণসমাৱেশত অংশগ্ৰহণ কৰি অনন্ত মহাৰাজে ঐতিহাসিক গ্ৰেটাৰ কোচবিহাৰ পৃথক ৰাজ্য সন্দৰ্ভত সংবাদ মাধ্যমৰ আগতে কয় যে ভাৰত চৰকাৰে পিএবি ৰিপ’ৰ্টত কৈছে এইটো অঞ্চলত যিকেইটা অংশীদাৰী ৰাজ্য আছে তেওঁলোকৰ লগতে আলোচনা কৰি এটা চুড়ান্ত সিদ্ধান্ত ল’বলৈ আগবাঢ়ি গৈ আছে৷ ঐতিহাসিক গ্ৰেটাৰ কোচবিহাৰ ৰাজ্যৰ এই মুহূৰ্তত যিহেতু পশ্চিমবংগৰ বাদেও অসম আৰু বিহাৰত সোমাই আছে সেয়ে কেন্দ্ৰীয় চৰকাৰে সেই অংশীদাৰী ৰাজ্যসমূহৰ সৈতে আলোচনা কৰি এটা চুড়ান্ত সিদ্ধান্ত ল’ব বুলি প্ৰকাশ কৰে৷ লক্ষণীয়ভাৱে অনন্ত মহাৰাজে সশস্ত্ৰ সংগঠন কেএলঅ’ সন্দৰ্ভত তীৰ্যক মন্তব্য কৰা দেখা যায়৷ সম্প্ৰতি অসমত গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এছ’চিয়েশ্বনৰ ব্যাপক তৎপৰতা বৃদ্ধি আৰু কোচ-ৰাজবংশী জনগোষ্ঠীয় লোকসকলক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ বাবে আন্দোলন কৰি অহা কোচ-ৰাজবংশী জাতীয় দল-সংগঠনৰ সমৰ্থন আছে নে নাই এই সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত কয়, সকলো দল-সংগঠনে নিজৰ নিজৰ আদৰ্শ আৰু চিন্তাধাৰাৰে আগবাঢ়ি গৈ আছে আৰু গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এছ’চিয়েশ্বনৰ যি দাবী সেয়া হৈছে ভাৰতৰ সংবিধানৰ সমস্যা ওপৰত আৰু আমাৰ এই অঞ্চলটো যিহেতু এটি অতি স্পৰ্শকাতৰ এটা অঞ্চল সেয়ে এই অঞ্চলটোক এটা সম্পূৰ্ণ সুৰক্ষা ব্যবস্থা দিবলৈ চৰকাৰে কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে স্বীকৃতি দিবই লাগিব যাৰ কাৰণে চৰকাৰে এতিয়া কেন্দ্ৰীয়শাসিত অঞ্চল কৰিব বিচাৰি আছে৷ গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য গঠনৰ আন্দোলনক অসমৰ অন্যান্য কোচ-ৰাজবংশী জাতীয় দল-সংগঠনবোৰে সমৰ্থন আগবঢ়াব বুলি দাবী কৰে৷ তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সন্দৰ্ভতো কিছু মন্তব্য কৰে৷ এই গণসমাৱেশত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এছ’চিয়েশ্বনৰ কেন্দ্ৰীয় সভাপতি নিৰ্মল ৰায় আৰু কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা নমিতা বৰ্মনসহ অন্যান্য নেতা-কৰ্মীসকল৷