Logo
image

মোৰ নামটো ধুনীয়া হোৱা বাবেই সমস্যা!

আমাৰ অসম, ১৪ নৱেম্বৰ: প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী বিস্মিতা গগৈ সততে কিয় চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ থাকে? এই প্ৰশ্নৰ উত্তৰ নিজেই দিলে নেত্ৰীগৰাকীয়ে৷ তেখেতৰ মতে মোৰ নামটো খুব কম মানুহে ব্যৱহাৰ কৰে৷ বিস্মিতা নামটো ধুনীয়া বাবে মোৰ নামটো সদায় চৰ্চাত থাকে৷ উল্লেখ্য যে দেৰগাঁৱত দেওবাৰে এই মন্তব্য কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে দৃঢ়তাৰে দাবী কৰে যে তেখেত কেতিয়াও বিজেপিত যোগদান নকৰে৷ বিজেপিলৈ যোৱাৰ কথা তেওঁ নিজেই ভবা নাই৷ কিন্তু খুমটাই সমষ্টিক এসময়ত প্ৰতিনিধিত্ব কৰা কংগ্ৰেছ নেত্ৰীগৰাকীৰ এই ভাষ্যৰ সত্যতা কিমান দূৰ আছে৷ কিছুদিন পূৰ্বে বিজেপিত যোগদানৰ কথা প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল বিস্মিতা গগৈয়ে৷ বৰাকৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী অজিত সিং, প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ পুত্ৰ ৰাহুল ৰয় আদিৰ সৈতে বিস্মিতা গগৈয়ে একেলগে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ কথা আছিল৷ বিজেপিৰ কেন্দ্ৰীয় সভাপতি জেপি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শেহতীয়া গুৱাহাটী ভ্ৰমণৰ সময়ত কংগ্ৰেছৰ এই নেতাকেইজন বিজেপিত যোগদান কৰাৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছিল৷ কিন্তু এইসকল কংগ্ৰেছী নেতাৰ বিজেপি আগমনক কেন্দ্ৰ কৰি বাজপেয়ী ভৱনত তীব্ৰ ক্ষোভ অসন্তোষ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ আনকি খুমটাই সমষ্টিতে দলীয় নেতাকৰ্মীসকলে বিস্মিতা গগৈৰ বিজেপিত যোগদানৰ তীব্ৰ বিৰোধিতা কৰে৷ যাৰ ফলত অন্তিম মুহূৰ্তত বিস্মিতা গগৈসহ অন্য কংগ্ৰেছী নেতাসকলৰ বিজেপি আগমন সাময়িকভাৱে স্থগিত হয়৷ আনকি দলৰ তৃণমূল পৰ্যায়ৰ নেতাকৰ্মীৰ বাধাৰ প্ৰতি লক্ষ্য দলৰ হাইকামাণ্ডে বিস্মিতা গগৈৰ যোগদানত সেউজ সংকেট নিদিলে৷ অৱশ্যে নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থতে বিস্মিতা গগৈয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদানৰ চেষ্টা নিয়ন্ত্ৰণৰ অব্যাহত ৰাখিছে৷