Logo
image

যদুকুল ধবংসৰ আখৰা বিৰোধীৰ : কংগ্ৰেছ আৰু ইউডিএফৰ মুখ চুপতি চলিয়েই আছে

আমাৰ অসম, ১৪ নৱেম্বৰ: বিগত সময়ত এটাৰ পাছত আনটো নিৰ্বাচনত পৰাজিত হৈছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ৷ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক দিছপুৰৰ পৰা ক্ষমতাচ্যুত কৰিবলৈ কংগ্ৰেছৰ নেতৃত্বত গঠন হৈছিল মহাজোঁট৷ বিধানসভাৰ নিৰ্বাচনৰ পাাছতেই মিত্ৰতাতফাঁট মেলিলে মহাজোঁটৰ অংশীদাৰী তথা অন্যতম বিৰোধী দল এআইইউডিএফৰ সৈতে৷ বিগত ৰাজ্যসভাৰ নিৰ্বাচন, ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কংগ্ৰেছৰ-ইউডিএফৰ মাজৰ যুঁজখনে চূড়ান্ত ৰূপ ল’লে৷ আজিৰ তাৰিখত বিৰোধীয়ে যদি বিজেপিক প্ৰতিহত কৰিব বিচাৰে তেনেহ’লে বিজেপিৰ বিৰুদ্ধে আক্ৰমনাত্মক হ’ব লাগিব বিৰোধী শক্তি৷ প্ৰয়োজন ঐক্যবদ্ধ হৈ বিজেপিক ক্ষমতাচ্যুত কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰা৷ এয়া সময়ৰ দাবী৷ কিন্তু এই সময়ত বিৰোধীৰ মাজত চলিছে বিৰোধী ধবংসৰ অভিযান৷ যেন চলিছে যদুকুল ধবংসৰ আখৰা চলিছে বিৰোধীৰ মাজত৷ কুৰুক্ষেত্ৰৰ যুদ্ধৰ পাছত যিদৰে যদুবংশ ধবংস হৈছিল ভ্ৰাতৃঘাতী যুদ্ধত ঠিক সেইদৰে যেন ধবংস হবলৈ ওলাইছে ৰাজ্যৰ বিৰোধী শক্তি৷ কংগ্ৰেছ আৰু ইউডিএফয়ে মুখ চুপতি  কৰি ক্ৰমাৎ বিৰোধী মিত্ৰতাৰ প্ৰসংগক গুৰুত্বহীন কৰি আছে দুয়োটা দলে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কোনোপধ্যে ইউডিএফৰ মিত্ৰতা নহয় বুলি দাবী কৰাৰ সময়ত ইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ দাবী ভূপেন বৰাৰ কথাৰ কোনে মূল্য নাই৷ ভূপেন বৰাই বিচাৰক -নিবিচাৰক, বিজেপি বিৰোধী মহাজাঁটত ইউ ডি এফ থাকিবই৷ লগতে থাকিব কংগ্ৰেছ৷ ভূপেন বৰাই নহয় দিল্লীত নিখিল ভাৰত কংগ্ৰেছ-ইউডিএফৰ মিত্ৰতাত চূড়ান্ত মোহৰ মাৰিব কংগ্ৰেছ হাইকমাণ্ডে৷ তেওঁ আৰু কয়– ভূপেন বৰাক পাত্তা নিদিয়ে দিল্লীৰ কংগ্ৰেছে৷ দিল্লীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব বুলিও কয় আজমলে৷ ইফালে বিজেপি ইউডিএফক উৎখাত কৰাৰ লক্ষ্য লৈ নলবাৰী জিলাৰ মুকালমুৱাৰ পৰা ‘ভাৰত জোড়ো যাত্ৰা-অসম’ পদযাত্ৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ পদযাত্ৰা¸ বিয়লি লোহাৰকাথাত দিনটোৰ যাত্ৰাৰ সামৰণি পৰে৷ পদযাত্ৰাত সভাপতি ভূপেন কুমাৰ বৰাক সংগ দিয়ে সাংসদ আব্দুল খালেক, বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, দলৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, বিধায়ক আব্দুল ৰছিল মণ্ডল, বিধায়িকা নন্দিতা দাস, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকদয় ৰামান্না বৰা আৰু প্ৰদ্যুৎ ভূঞা, সেৱাদলৰ সভাপতি মহিলা কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ উপৰি বিভিন্ন সংগঠনে কৰ্মীয়ে৷ পদযাত্ৰাত প্ৰায় এহেজাৰৰো অধিক লোকে মুকালমুৱাৰ পৰা কিলমিটাৰ বাট পদযাত্ৰা কবি লোহাৰকাঘাত বিয়লি আজিৰ কাৰ্যসূচীৰ সামৰণি মাৰে৷ ইয়াৰ পূৰ্বে পুৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু অন্যান্য শীৰ্ষ নেতাসকলে মুকালমুৱাৰ দীৰ্ঘেশ্বৰী মন্দিৰত প্ৰাৰ্থনা জনাই আশীৰ্বাদ গ্ৰহণ কৰে৷  ভাৰত জোড়ে৷ ‘যাত্ৰা -অসম’ পদযাত্ৰাৰ আৰম্ভণিতে মুকালমুৱাৰ ৰজাকাহত অনুষ্ঠিত এখন ভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৰাইজক উদ্দেশ্যি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সমগ্ৰ অসমত বিভাজনৰ ৰাজনীতিৰে সমাজখন মাসে কৰি আনিছে৷ সংবিধান, আইন-কানুন সকলো পদানত কৰি এক অদ্ভুত একনায়কত্ববাদী শাসনৰ পাতনি মেলিছে৷ অত্যাবশ্যকীয় সামগ্ৰীৰ মূলবৃদ্ধিয়ে ৰাইজক কোঙা কৰি পেলাইছে৷ গঢ়াৰ নামত শূন্য, কিন্তু দেশৰ সম্পদসমূহ এফালৰ পৰা বিলি কৰি কৰি বিজেপিয়ে দেশ শাসন কৰি আছে৷ হেজাৰ হেজাৰ কোটি টকা ধাৰ লৈ অসমত চৰকাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই৷ আই ইউ ডি এফ আৰু বি জে পিক উৎখাত কৰিব নোৱাৰিলে অসমৰ শান্তি কেতিয়াও নাহে বুলি বৰাই ৰাইজক ঐক্যবদ্ধ হৈ এই দুই অপশক্তিৰ বিৰুদ্ধে মানবাদি দিবলৈ উদাত্ত আহ্বান জনায়৷ কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়া, লোকসভাৰ সাংসদ আঙ্গুল মালেক, বিধায়িনী দলৰ উপ- দলপতি ৰকিবুল হুছেইন, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, বিধায়ক আব্দুল ৰছিদ মণ্ডল, বিধায়িকা মীৰা বাঠাকুৰ গোস্বামী আদিয়ে ৰাইজক সাহসেৰে ওলাই আহি অসমখন বচাবলৈ মুকলি আহ্বান জনায়৷ দেবব্ৰত শইকীয়া, আব্দুল খালেক, ৰকিবুল হুছেইনে বি জে পিৰ জন-বিৰোধী শাসন আৰু বি জে পি-এ’ আই ইউ ডি এফৰ সাম্প্ৰদায়িক ৰাজনীতি ওফৰাই অসমলৈ শান্তি-সম্প্ৰীতিৰ বাতাবৰণ ঘূৰাই অনাত কংগ্ৰেছে আৰম্ভ কৰা যাত্ৰাত চামিল হ’বলৈ জনসাধাৰণৰ প্ৰতি উদাত্ত আহ্বান জনায়৷ ইফালে অসমৰ ছয় জনগোষ্ঠীয়ে ১৫ নৱেম্বৰত  আহ্বান জনোৱা ‘অসম বন্ধ’ৰ পৰিপ্ৰেক্ষিতত ‘ভাৰত জোড়ো যাত্ৰা-অসম’ৰ পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচীৰ কিছু সাল-সলনি ঘটোৱা হৈছে৷ সেই অনুসৰি ১৫, ১৬ আৰু ১৭ নৱেম্বৰত গুৱাহাটী (কামৰূপ-মেট্ৰ’জিলা)ত হ’বলগীয়া পযদাত্ৰাৰ কাৰ্যসূচী এদিন পিছুৱাই ১৬, ১৭  আৰু ১৮  নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ’ব বুলি ‘ভাৰত জোড়ো যাত্ৰা অসম’ৰ ৰাজ্যিক সমন্বয়ক ৰমেন বৰঠাকুৰে এই কথা প্ৰকাশ কৰিছে৷ অন্য সকলো জিলাৰ কাৰ্যসূচীৰ পূৰ্ব নিৰ্দ্ধাৰিত দিন অনুসৰিয়েই অনুষ্ঠিত হ’ব বুলিও বিবৃতিটোত কোৱা হৈছে৷ কামৰূপ মেট্ৰ’ জিলাৰ নতুন সময়সূচী অনুসৰি অহা ১৬ নৱেম্বৰ ‘ভাৰত জোড়ো যাত্ৰা অসম’ৰ পদযাত্ৰা কাৰ্যসূচী পুৱা ১০.৩০  বজাত শিঙিমাৰি চ’কত আৰম্ভ হৈ দুপৰীয়া আমিনগাঁও ৰাজীৱ ভৱনত সামৰণি পৰিব৷ পিছদিনা, অৰ্থাৎ ১৭ নৱেম্বৰত পুৱা ১০.৩০ বজাত ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰত পদযাত্ৰা আৰম্ভ হৈ গুৱাহাটী ক্লাৱ, শিলপুখুৰী হৈ দুপৰীয়া চান্দমাৰীৰ বিহুতলীত সমাপ্ত হ’ব আৰু সেইদৰে ১৮ নৱেম্বৰ তাৰিখে পুৱা ১০.৩০  বজাত চান্দমাৰী বিহুতৱীৰ পৰা পদযাত্ৰা আৰম্ভ হৈ দুপৰীয়া নাৰেংগীৰ বোন্দা খেলপথাৰত সমাপ্ত হ’ব বুলি বিবৃতিটোত ঘোষণা কৰা হৈছে৷