Logo
image

প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি আধাতে সভা এৰিলে নন্দিতাই

আমাৰ অসম, ১৪ নৱেম্বৰ: এইবাৰ ৰাইজৰ ৰোষত পৰিছে এগৰাকী কংগ্ৰেছী বিধায়িকা৷ বকোৰ মালিবাৰীত ৰাইজৰ ৰোষত পৰিছে কংগ্ৰেছী বিধায়িকা নন্দিতা দাস৷ বকোৰ বদলা মালিবাৰী বজাৰ ক্লাবৰ বাৰ্ষিক অধিৱেশনত ভাগ ল’বলৈ আহি ৰাইজৰ ৰোষত পৰে নন্দিতা দাস৷ কংগ্ৰেছৰ বিধায়কগৰাকীৰ কাৰ্যকালত সমষ্টিটোত ব্যাপক উন্নয়ন হোৱা বুলি বক্তব্য আগবঢ়াই থকা সময়তে এজন যুৱকে উভতি ধৰে বিধায়িকা নন্দিতা দাসক৷ সমষ্টিটোৰ বদলা মালিবাৰী বজাৰ ক্লাবৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল সমষ্টিৰ বিধায়িকা নন্দিতা দাসে৷ সভাৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰি এটা সময়ত ভাষণ দিবলৈ আৰম্ভ কৰিলে বিধায়িকা নন্দিতা দাসে৷ সমষ্টিৰ ৰাস্তা-ঘাটৰ লগতে যথেষ্ট উন্নয়নমূলক কাম কৰা বুলি ভাষণ দি থকা অৱস্থাতে জনসভাত বহি থকা এজন যুৱকে বিধায়িকাগৰাকীক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে৷ হতভম্ব বিধায়িকাগৰাকীয়ে বিভিন্ন কৌশলেৰে যুৱকজনক বুজনি দিবলৈ চেষ্টা কৰা সময়তে আন এজন ব্যক্তিয়ে তেওঁলোকৰ ৰাস্তা-ঘাটৰ কোনো উন্নয়ন নোহোৱাৰ অভিযোগ উত্থাপন কৰে৷ ভাষণ দি থকা অৱস্থাতে সভাত উপস্থিত থকা লোকে এনেদৰে জবাবদিহি কৰাত বিব্ৰত হৈ পৰে বিধায়িকাগৰাকী৷ পৰিস্থিতি বিষম দেখি আধাতে ভাষণ সমাপ্ত কৰি কৌশলেৰে সভাস্থলী ত্যাগ কৰে বিধায়িকাগৰাকীয়ে৷ বকো সমষ্টিৰ সৰ্বাংগীণ উন্নয়ন সাধন কৰা বুলি সততে সভাই সমিতিত কৈ ফুৰা বিধায়িকা নন্দিতা দাসক ভাষণৰত অৱস্থাতে সমষ্টিৰ লোকে জবাবদিহি কৰা ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে৷ আগন্তুক নিৰ্বাচনত ইয়াৰ ভয়ংকৰ বহিঃপ্ৰকাশ ঘটিব বুলিও ধাৰণা কৰিছে একাংশ লোকে৷ উল্লেখ্য যে ৰাজ্যসভাৰ নিৰ্বাচনত দলীয় প্ৰাৰ্থীক ভোট নিদিয়াৰ অভিযোগত কংগ্ৰেছৰ গাদ্দাৰ বিধায়কৰ তালিকাত নাম সাঙোৰ খাই আছে বিধায়িকা নন্দিতা দাস৷ তেনেস্থলত আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে নতুন মুখৰ প্ৰাৰ্থীৰ সন্ধান কৰি থকাৰ কথাও নুই কৰিব নোৱাৰি৷