Logo
image

'লিভ ইন'ৰ ভয়ংকৰ পৰিণতি : শ্ৰদ্ধাক হত্যা কৰি ৩৫ টুকুৰাকৈ কাটিলে আফতাবে

ডিজিটেল ডেস্ক : বৰ্তমান সময়ত লিভ ইনৰ ধাৰণা তেনেই সুলভ৷ বিদেশৰ লগতে দেশৰ যুৱপ্ৰজন্মৰ মাজতো লিভ ইনৰ ধাৰণা শিপাবলৈ ধৰিছে৷ তেনে সময়তে দিল্লীত লিভ ইনৰ ভয়ংকৰ পৰিণতিৰ কথা পোহৰলৈ আহিছে৷ লিভ ইনত থকা প্ৰেমিকে প্ৰেমিকাক হত্যা কৰি ৩৫ টুকুৰা কৰি কাটিলে৷ দিল্লীত সংঘটিত হোৱা এই হত্যাকাণ্ডই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰায় পাঁচ মাহ পূৰ্বে দিল্লীত আফতাব আমিন নামৰ এজন যুৱকে তেওঁৰ ২৬ বছৰীয়া লিভ-ইন সঙ্গী শ্ৰদ্ধা ৱাকাৰক হত্যা আৰু তাৰ পিছত মৃতদেহটো লুকুৱাই ৰখাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে অভিযুক্ত আফতাবৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰাৰ লগতে শ্ৰদ্ধাৰ মৃতদেহৰ তালাচী অব্যাহত ৰাখিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, আফতাবে শ্ৰদ্ধাক হত্যা কৰাৰ পিছত তেওঁৰ শৰীৰটো ৩৫ টুকুৰাকৈ কাটিছিল আৰু দিল্লীৰ বিভিন্ন অঞ্চলত পেলাই দিছিল। ৮ নৱেম্বৰত ৫৯ বছৰীয়া বিকাশ মদন ৱাকাৰে তেওঁৰ কন্যা শ্ৰদ্ধা ৱাকাৰৰ অপহৰণৰ অভিযোগত দিল্লীৰ মেহৰৌলি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীৰ তদন্তৰ পিছত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ 

২৬ বছৰীয়া শ্ৰদ্ধা ৱাকাৰে মুম্বাইৰ এটা বহুজাতিক কোম্পানীৰ কল চেণ্টাৰত কাম কৰিছিল। সেই সময়তে শ্ৰদ্ধাই আফতাব আমিনক লগ পাইছিল। তাৰ পিছত তেওঁলোক দুয়োজন প্ৰেমত পৰে আৰু লিভ-ইন সম্পৰ্কত থকাৰ সিদ্ধান্ত লয়৷ তেওঁলোকৰ পৰিয়ালে এই সম্পৰ্কৰ স্বীকাৰ নকৰাত শ্ৰদ্ধা আৰু আফতাবে হঠাতে মুম্বাই ত্যাগ কৰে। পাছত তেওঁলোক মেহৰৌলিৰ ছত্ৰপুৰ অঞ্চলত বাস কৰিবলৈ আৰম্ভ কৰে। 

আৰক্ষীয়ে জনোৱা অনুসৰি, শ্ৰদ্ধাই প্ৰায়ে আফতাবক বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। বিবাহৰ বাবে দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হৈছিল। ১৮ মে'ত, কাজিয়াৰ সময়ত আফতাবে শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰে। ইয়াৰ পিছত শ্ৰদ্ধাৰ শৰীৰটো টুকুৰা-টুকুৰাকৈ কাটি দিল্লীৰ বিভিন্ন অঞ্চলত পেলাই দিয়ে আফতাবে। 

আফতাবৰ স্বীকাৰোক্তি অনুুসৰি প্ৰতি নিশা ২ বজাত ফ্লেটৰ পৰা ওলাই গৈ শ্ৰদ্ধাৰ শৰীৰৰ টুকুৰাবোৰ ১৮ দিন ধৰি বিভিন্ন স্থানত পেলাই আহিছিল। অভিযুক্তক জেৰাৰ পিছত আৰক্ষীয়ে মৃতদেহৰ কিছু টুকুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও ই মানৱ শৰীৰৰ অংশ নে নহয় সেয়া স্পষ্ট নহয়। যি অস্ত্ৰৰে মৃতদেহটো টুকুৰা-টুকুৰকৈ কটা হৈছে সেয়া এতিয়াও উদ্ধাৰ কৰা হোৱা নাই।