Logo
image

বৰঝাৰ বিমানকোঠত ‘ই-গেট’উদ্বোধন

ডিজিটেল ডেস্ক, ১৪ নবেম্বৰ: গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, বদ্ধিৰ্ত যাত্ৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি, বিভিন্ন উন্নতমানৰ সেৱাৰ সংযোগ কৰি থকাৰ সময়তে, যাত্ৰীৰ সুবিধাৰ্থে শুকুৰবাৰে বিমানকোঠত ৪ খনকৈ ‘ই-গেট’ৰ শুভাৰম্ভ কৰা হয়৷ উল্লেখযোগ্য যে, এই গেটেৰে যাত্ৰী সকলে নিজ-নিজ বৰ্ডিং টিকটত থকা কিউ-আৰ কাৰ্ডখন লগাই টাৰ্মিনেললৈ প্ৰৱেশ কৰিব পাৰিব৷ পূৰ্বে সুৰক্ষা এলেকা পাৰ হ’বলৈ অতি কমেও ৫ মিনিটৰ পৰা ১০ মিনিট সময় লাগিছিল৷ এতিয়া মাত্ৰ এটা মিনিটৰ ভিতৰতে যাত্ৰীসকলে সুৰক্ষা কক্ষৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব৷ এই ব্যবস্থাই ভৱিষ্যতে সুৰক্ষা ব্যবস্থাকো উন্নীতকৰণ কৰিব বুলি আশা কৰা হৈছে৷ আনহাতে এই গেটসমূহৰ শুভ উদ্বোধন যাত্ৰীৰ দ্বাৰা কৰা হয়৷ লগতে উপস্থিত থাকে বৰঝাৰ বিমানকোঠৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা৷ অনুষ্ঠানত বিমানকোঠৰ বহুতো জেষ্ঠ বিষয়া উপস্থিত আছিল৷