Logo
image

নৃশংস : দুজন লোকে মিলি এটা কুকুৰক ফাঁচী দি হত্যা

ডিজিটেল ডেস্ক : দিনক-দিনে অধিক নৃশংস হৈ পৰিছে মানৱ জাতি৷ নিৰীহক হত্যাৰ খেল খেলিবলৈ লৈছে জীৱ শ্ৰেষ্ঠ মানৱে৷ শেহতীয়াকৈ গাজিয়াবাদত সংঘটিত হোৱা এটা ঘটনাই মানৱক জীৱশ্ৰেষ্ঠ বুলি ক'ব নে নাই তাক লৈ প্ৰশ্ন উঠিছে৷ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত দুজন যুৱকে এটা কুকুৰক ফাঁচী দি হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰীহ কুকুৰটোক ফাঁচী দিয়াৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। 

সোমবাৰে ইণ্টাৰনেটত ভাইৰেল হৈ পৰে কুকুৰটোক হত্যা কৰাৰ ভিডিঅ'। ভাইৰেল ভিডিঅ'টোত দুজন লোকে এটা ক'লা কুকুৰক লোহাৰ চেইনত বান্ধি ফাঁচী দি হত্যা কৰা দেখিবলৈ পোৱা গৈছে। ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ঘটনা সন্দৰ্ভত কুকুৰটোৰ গৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য, আৰক্ষীৰ তদন্তত ভিডিঅ'টো ৬ মাহ পুৰণি বুলি জানিব পৰা গৈছে। ইফালে কুকুৰটোৰ গৰাকীয়ে কয় যে কুকুৰটো এক গুৰুতৰ ৰোগত আক্ৰান্ত আছিল যাৰ বাবে কুকুৰটোক হত্যা কৰা হ'ল৷ বৰ্তমান কুকুৰটোৰ গৰাকীৰ বিৰুদ্ধে জন্তুৰ ওপৰত অত্যাচাৰ আৰু অন্যান্য গোচৰ ৰুজু কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।