Logo
image

‘বসুন্ধৰা’ কেৱল অসমৰ থলুৱাৰ বাবেঃ মুখ্যমন্ত্ৰী

আমাৰ অসম, ১৫ নৱেম্বৰঃ অসমীয়া গাঁও মানে কি? কি কি বৈশিষ্ট্য থাকিলে এখন গাঁৱক অসমীয়া গাঁও বুলি ক’ব পৰা যায়? বহুজনৰ মনত খু-দুৱাই থকা এই প্ৰশ্নৰ উত্তৰ দিছে স্বয়ং মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ মতে, ‘এইখনি গাঁও বুকুৰ আপোন...’ শীৰ্ষক দ্বীপেন বৰুৱাই গোৱা গীতটোৱেই অসমীয়া গাঁৱৰ সংজ্ঞা৷ সোমবাৰে পুৱা শ্ৰীমন্ত শংকৰদেৱ   কলাক্ষেত্ৰত ‘মিছন বসুন্ধৰা-২.০’ আনুষ্ঠানিকভাৱে মুকলি কৰি দ্বীপেন বৰুৱাৰ কণ্ঠৰ এই গীতটোৱেই অসমৰ খিলঞ্জীয়া গাঁৱৰ সংজ্ঞা বুলি স্পষ্টভাৱে কয় মুখ্যমন্ত্ৰীজনে৷ উল্লেখ্য, বিশিষ্ট গীতিকাৰ জয়ন্ত বৰুৱা ৰচিত, জিতু-তপনৰ দ্বাৰা সুৰ আৰু সংগীত আৰোপিত আৰু সুজিৎ সিংহ পৰিচালিত অসমীয়া ছবি ‘অভিযান’ত উক্ত গীতটোত কণ্ঠদান কৰিছে দ্বীপেন বৰুৱাই৷ পৰৱৰ্তী সময়ত প্ৰতিজন অসমীয়াৰ মুখে মুখে, প্ৰাণে প্ৰাণে সোমাই গৈছিল উক্ত গীতটো৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মিছন বসুন্ধৰা-২.০ৰ অধীনত প্ৰদান কৰিবলগীয়া সেৱাসমূহৰ লগত ৰাজ্যখনৰ পঞ্জীয়ন ক্ষেত্ৰত লোৱা সংস্কাৰী পদক্ষেপৰ অংশ হিচাপে ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালী [এন জি ডি আৰ এছ] আৰু ই-ষ্টাম্পিং ব্যৱস্থাৰো শুভাৰম্ভ কৰে৷ উল্লেখ্য, মিছন বসুন্ধৰা ২.০ ৰ অধীনত ডিজিটেল মাধ্যমত  ৮ টা সেৱা জনসাধাৰণক প্ৰদান কৰা হ’ব৷ এই সেৱাসমূহ হৈছে– সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন, দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান, হস্তান্তৰিত একচনা পট্টাৰ ভূমি চৰকাৰীকৰণ, খিলঞ্জীয়া লোকক বিশেষ খেতিৰ বাবে ভূমি পট্টন, গাঁৱলীয়া চৰণীয়া পথাৰ/বৃত্তিগত চৰণীয়া পথাৰত পূৰ্বে আৱণ্টনপ্ৰাপ্ত/সংস্থাপিত উপযুক্ত লোকক ভূমি পট্টন, জনজাতীয় সম্প্ৰদায়ৰ লোকক বংশানুক্ৰমে ভোগদখল কৰি থকা ভূমিৰ পট্টন, ভূমি হস্তান্তৰ তথা স্বয়ংক্ৰিয় নামজাৰি সেৱা আৰু অনলাইনযোগে মাটিৰ খাজনা পৰিশোধ৷ আনহাতে, মুখ্যমন্ত্ৰীয়ে আজি শুভাৰম্ভ কৰা ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালী পৰীক্ষামূলকভাৱে কামৰূপ আৰু দৰং জিলাৰ পঞ্জীয়ন কাৰ্যালয়সমূহত আৰম্ভ কৰা হ’ব৷ সম্পত্তিৰ পঞ্জীয়নৰ কাৰ্যসমূহ সহজভাৱে, কাৰ্যালয়সমূহলৈ সঘনে অহা-যোৱা নকৰাকৈ ডিজিটেল মাধ্যমত সংহত ৰূপত সমাধা কৰিবলৈ এই পদক্ষেপে ৰাইজক সহায় কৰিব৷ মিছন বসুন্ধৰা-২ মুকলি কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– ভূমি অধিকাৰৰ বিষয়টো দীৰ্ঘদিনে বিতৰ্কৰ বিষয় হৈ আহিছে৷ ৰায়ত, একচনীয়া পট্টা আদি শব্দৰ প্ৰয়োগ হৈ থকা বাবে চৰকাৰে দীৰ্ঘদিনে বিপুল পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত হৈ আহিছে৷ অসমৰ জনতাই কৰ বা ৰাজহ দিবলৈ মুঠেও বেয়া নাপায়৷ ৰায়ত, একচনীয়া আদি শব্দ নাইকীয়া হ’লে অসমে বছৰি অতিৰিক্তভাৱে ৫০০-৬০০ কোটি টকা ৰাজহ লাভ কৰিব৷ স্বাধীনতাৰ ৭৫ বছৰ পাছতো জনগণে ভূমিৰ অধিকাৰ বিচাৰি আন্দোলন কৰি অহা কথাটো অতি দুৰ্ভাগ্যজনক৷ এই বিষয়টো নাইকীয়া কৰিবলৈ ‘মিছন বসুন্ধৰা’ আৰম্ভ কৰা হৈছিল৷ মিছন বসুন্ধৰা-ৰত ভূমিবিবাদ সম্পৰ্কীয় ৮ লাখ লোকে আবেদন কৰিছিল৷ তাৰ ভিতৰত ৬ লাখ গোচৰ নিষ্পত্তি হৈছে৷ বাকী থকা বিবাদ মিছন বসুন্ধৰা-২ত নিষ্পত্তি কৰা হ’ব৷ মিছন বসুন্ধৰা-২ৰ জৰিয়তে ৩.৫লাখ লোকক ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ ৰায়তী মাটি থকা ৩.৫ লাখ লোকক প্ৰদান কৰা হ’ব ম্যাদি পট্টা৷ দালাল নোহোৱাকৈ সম্পূৰ্ণ নিকাভাৱে এই লোকসকলে লাভ কৰিব ম্যাদী পট্টা৷ উত্তৰাধিকাৰী সূত্ৰে একচনীয়া মাটিত থকা লোকসকলক ম্যাদী পট্টা দিব চৰকাৰে৷ কমেও ৩টা প্ৰজন্মই একচনীয়া মাটিত দখলভোগ কৰা লোকক দিয়া হ’ব পট্টা৷ একচনীয়া মাটিৰ পট্টা নাইকীয়া কৰিব চৰকাৰে৷ বেদখলীকৃত একচনীয়া ভূমিৰ অঞ্চলসমূহ চৰকাৰী মাটিলৈ সলনি কৰা হ’ব৷ চৰকাৰী ভূমিত থকা থলুৱা লোকক দিয়া হ’ব ম্যাদী পট্টা৷ ভিজিআৰ, আৰপিজি আৰত বাস কৰা লোকৰ ক্ষেত্ৰত হ’ব বেলেগ নিয়ম৷ অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ লোক, শৰণাৰ্থীসকলে বসবাসৰ বাবে মাটি লাভ কৰিব৷ জনজাতীয় লোকৰ বাবে মিছন বসুন্ধৰা-২.০ত আছে বিশেষ সুবিধা৷ জনজাতীয় লোকসকলে ৫০ বিঘা পৰ্যন্ত মাটি ৰাখিব পাৰিব৷ ৰাজহ ভূমিত চাহ বাগান খোলা উজনি অসম, উত্তৰ অসমৰ চাহ খেতিয়কক ৩০ বিঘা পৰ্যন্ত পট্টা দিব চৰকাৰে৷ মিছন বসুন্ধৰা-ৰৰ সেৱাসমূহো অব্যাহত থাকিব মিছন বসুন্ধৰা-২ত৷ ১৮টা সেৱা উপলব্ধ হ’ব মিছন বসুন্ধৰা-২ত৷ মাটিৰ খাজনাৰ ক্ষেত্ৰত মৌজাদাৰৰ ভূমিকা নাইকীয়া কৰা হ’ব৷ অনলাইনযোগে দিব লাগিব মাটিৰ খাজনা৷ ৩১ মাৰ্চৰ ভিতৰত চৰকাৰে বন্ধ কৰিব মেনুৱেল ষ্টাম্প৷ ইয়াৰ বিপৰীতে উপলব্ধ হ’ব ই-ষ্টাম্প৷ চৰৰ জনতাই নাপাব মিছন বসুন্ধৰাৰ সুবিধা৷ মাজুলীক বাদ দি আন চৰ-চাপৰিত ভূমিৰ পট্টা প্ৰদান কৰা নহ’ব৷ বসুন্ধৰা-২ কেৱল অসমৰ থলুৱা জনগণৰ বাবে৷ একচনীয়া পট্টাৰ মাটিৰ গৰাকীৰ পৰা বিষয়াই বিচাৰি বিচাৰি গৈ আবেদন কৰি ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ ম্যাদী পট্টাৰ বাবে আবেদন নকৰা একচনীয়া মাটিত বাস কৰা খিলঞ্জীয়া লোককো উচ্ছেদ কৰা হ’ব৷ একচনীয়া বিষয়টোৱে নাইকীয়া কৰিব বিচাৰিছোঁ৷ একচনীয়া মাটিৰ গৰাকীক ম্যাদী পট্টা প্ৰদান কৰা বিষয়ত দালাল-মধ্যভোগী বহুত হৈ গ’ল৷ এনে পৰম্পৰা আৰু আমি ৰাখি থ’ব নিবিচাৰোঁ৷ মাটিৰ বিষয়টো যথেষ্ট জটিল৷ এতিয়াও মাটিৰ বিষয়ে জানিবলৈ মই ফণী তালুকদাৰক সোধো৷ বিধায়ক ফণী তালুকদাৰে মাটিৰ বহু জটিল কথা সহজকৈ বুজাই দিব জানে৷ উপায়ুক্ত-চক্ৰ বিষয়াসকলে বিষয়টো সন্দৰ্ভত গুৰুত্ব দিলে জটিলতা আঁতৰ হ’ব৷ তেওঁ আৰু কয়– সংগঠিত বেদখলকাৰীক কোনো কাৰণতে মাটিৰ পট্টা দিয়া নহ’ব৷ এনে লোকক মাটিৰ পট্টা দিব বিচৰা উপায়ুক্ত, চক্ৰ বিষয়াৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা৷ উপায়ুক্তসকলক সকীয়াই দিছোঁ তেওঁলোকে যাতে বসুন্ধৰা-০২ৰ জৰিয়তে বেদখলকাৰীক উৎসাহ নোযোগায়৷ যদি ইয়াৰ ব্যতিক্ৰম হয় তেন্তে উপায়ুক্ত-চক্ৰ বিষয়াৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ৷ বৰপেটা, নগাঁও, মৰিগাঁও, ধুবুৰী, গোৱালপাৰাৰ উপায়ুক্তসকল সচেতন হোৱা উচিত যে উক্ত জিলাসমূহত বহু বেদখলকাৰী আছে৷ সেইসকল বেদখলকাৰীক যাতে উপায়ুক্তসকলে কোনোপধ্যে উৎসাহ নোযোগায়৷ এনে জিলা আৰু বহুকেইখন আছে৷ কোন কোন জিলাত বেদখল চলি আছে সেয়া আমি জানো৷ উপায়ুক্তসকলেও এই কথা জানে৷ বসুন্ধৰা-১ৰ জৰিয়তে ৰাজহ বিভাগত, চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু জিলাসমূহত জনসাধাৰণৰ সৈতে সম্পৰ্কিত ভূমি বিষয়ক যিবিলাক বিষয় নিষ্পত্তি নোহোৱাকৈ পৰি থাকে বা বিলম্ব হয়, সেই সমূহ বিষয়বোৰক এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা লৈছিল৷ মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ত জনসাধাৰণক উত্তৰাধিকাৰীসূত্ৰে নামজাৰী, দলিলসূত্ৰে নামজাৰী, বিবাদহীন বাটোৱাৰা, একচনীয়া পট্টাৰ পৰা ম্যাদী পট্টালৈ পৰিৱৰ্তন, এবিঘাতকৈ কম ভূমিক কৃষি ভূমিৰ পৰা অকৃষিভূমিলৈ পুনৰ পৰিৱৰ্তন, ৰাজহ নথিৰ পৰা দখলস্বত্ব নথকা পট্টাদাৰৰ নাম কৰ্তন, আৱণ্টিত মাটি ম্যাদী পট্টালৈ পৰিৱৰ্তন, পট্টাদাৰৰ মোবাইল নম্বৰৰ অদ্যৱধিকৰণ, মূল ভূমি নথিৰ অদ্যৱধিকৰণ বা সংশোধন আৰু নাম শুধৰণি বা মাটিকালি শুধৰণিৰ সুবিধা প্ৰদান কৰা হৈছিল৷ এই পদক্ষেপৰ ফলত ৮ লাখতকৈও অধিক আবেদন ৰাজ্য চৰকাৰে জনসাধাৰণৰ পৰা লাভ কৰিছিল আৰু মাত্ৰ ছমাহৰ ভিতৰত ৬ লাখতকৈও অধিক ব্যক্তিয়ে উপকৃত হ’ব পাৰিছিল৷ অসম চৰকাৰে ৰাজহুৱা সেৱা সম্বন্ধীয় যিমানবোৰ আঁচনি বৰ্তমানলৈকে গ্ৰহণ কৰিছে তাৰ ভিতৰত মিছন বসুন্ধৰা-১ উজ্জ্বলতম চানেকি হৈ ৰৈ গৈছে৷ মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ে ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলক আকৌ এবাৰ ৰাজহ আইনৰ ভিতৰত সোমাই ৰাজহ বিবাদ, ৰাজহ সম্বন্ধীয় বিভিন্ন বিষয়, সমস্যা আদি নিষ্পত্তি কৰাৰ দিশত এক অন্তদৃৰ্ষ্টি প্ৰদান কৰিছিল৷ সেই অন্তৰ্দৃষ্টিৰ ফলস্বৰূপে ৰাজ্য চৰকাৰে এই মিছন বসুন্ধৰা ২.০  শুভাৰম্ভ কৰি জনসাধাৰণৰ সুবিধাৰ্থে উৎসৰ্গা কৰিব খুজিছে৷ কোনো ভূমিত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা ব্যক্তি এগৰাকীয়ে যদি আনুষ্ঠানিকভাৱে সেই ভূমিৰ স্বত্ব লাভ নকৰে বা অধিকাৰ নাপায়, তেতিয়া ব্যক্তিগৰাকীয়ে অসুৰক্ষিত অনুভৱ কৰে৷ বহুলোকে ব্যক্তিগৰাকীৰ পৰা ইয়াৰ সুযোগ লোৱাৰো অৱকাশ থাকে৷ তদুপৰি, ভূমিৰ অধিকাৰ নাথাকিলে সামাজিক নিৰাপত্তাহীনতা, পাৰিবাৰিক সমস্যা, বেংকৰ পৰা ঋণ গ্ৰহণৰ সমস্যা আদিৰো উদ্ভৱ হয়৷ এনে প্ৰেক্ষাপটতে ৰাজ্য চৰকাৰে মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে জনসাধাৰণৰ ভূমি সম্পৰ্কীয় বহু সমস্যা দূৰীকৰণৰ প্ৰয়াস লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জনসাধাৰণক সেৱা কৰাটো এটা মিছন৷ মধ্যভোগীক প্ৰশ্ৰয় নিদিয়াকৈ নিকা আৰু স্বচ্ছভাৱে মিছন বসুন্ধৰা ২.০ ৰূপায়ণ কৰিবলৈও তেওঁ উপস্থিত বিষয়াসকলক নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ থলুৱা আৰু খিলঞ্জীয়া লোকৰ বাবেই মিছন বসুন্ধৰা ২.০ আৰম্ভ কৰা হৈছে৷ কোনো সংগঠিত বেদখলকাৰীয়ে এই মিছনৰ পৰা যাতে সুবিধা আদায় কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে৷ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কা, সমাজ কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ সাহু, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আয়ুক্ত সচিব জি দি ত্ৰিপাঠী, ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তা শান্তনু গোটমাৰে, বিত্ত বিভাগৰ আয়ুক্ত সচিব মণীষ ঠাকুৰকে ধৰি বিভিন্ন জিলাৰ উপায়ুক্ত, চক্ৰ বিষয়া, উপ-পঞ্জীয়কসকলকে ধৰি বহু শীৰ্ষ বিষয়া তথা গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷