Logo
image

মোদীৰ হুংকাৰৰ ৬ বছৰৰ পাছত অমিত শ্বাহৰ ‘বিস্ফোৰণ’! সকলো ৰাজ্যলৈ বিশেষ বাৰ্তা

আমাৰ অসম, ১৫ নৱেম্বৰঃ দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে পুনৰ সৰব হৈ উঠিছে কেন্দ্ৰৰ বিজেপি চৰকাৰ৷ বাংলাদেশীৰ অনুপ্ৰেৱশক লৈ এইবাৰ উদ্বিগ্নতা ব্যক্ত কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে৷ অবৈধ বাংলাদেশীৰ আগ্ৰাসন প্ৰতিৰোধৰ বাবে অসমকে ধৰি দেশৰ প্ৰতিখন ৰাজ্যকে প্ৰতিদিনে ১০০জনকৈ বিদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ তথা বিতাড়নৰ নিৰ্দেশ দিয়া হৈছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিগত ৯ নৱেম্বৰত নতুন দিল্লীত দেশৰ প্ৰতিখন ৰাজ্যৰ চোৰাংচোৱা ব্যুৰ’ বিষয়াসকলৰ সৈতে হোৱা   বৈঠকত এই নিৰ্দেশ প্ৰদান কৰে৷ চুবুৰীয়া ৰাষ্ট্ৰৰ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ হ’বলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া উক্ত নিৰ্দেশনাৰ সন্দৰ্ভত শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে৷ অৱশ্যে বাংলাদেশী অনুপ্ৰৱেশকাৰীকলৈ গৃহমন্ত্ৰণালৰ এনে আকস্মিক সক্ৰিয়তাৰ আঁৰত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ৰাজনৈতিক ইছ্যু বুলিও একাংশই সন্দেহ ব্যক্ত কৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে–বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাক লৈ অসমে দশক দশক ধৰি আন্দোলন কৰি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে ইয়াক কোনো দিন গুৰুত্ব আৰোপ কৰা নাই৷ কিন্তু বাংলাদেশী অনুপ্ৰৱেশকাৰী সমস্যাই সমগ্ৰ দেশতে সম্প্ৰসাৰিত হোৱাৰ পাছত এইবাৰ যেন  সাৰ পাইছে কেন্দ্ৰৰ বিজেপি চৰকাৰে৷ সেই অনুসৰি অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাক দেশৰ সমস্যা হিচাপ অভিহিত কৰিবলৈ বাধ্য হৈছে৷ অসমত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পূৰ্বে নিৰ্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ১৬ মে’ৰ ভিতৰত বাংলাদেশীয় টালি টোপোলা বান্ধিব লাগিব বুলি হুংকাৰ দিছিল যদিও পৰৱৰ্তী সময়ত নৰেন্দ্ৰ মোদীৰ সেই হুংকাৰ নিৰ্বাচনী কৌতুকলৈহে পৰিণত হৈছিল৷ আনকি বিজেপি চৰকাৰে ক্ষমতালৈ অহাৰ পাছতেই হিন্দু বঙালীৰ ভোটৰ স্বাৰ্থত অবৈধ হিন্দু-বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবে জাতিধবংসী ‘কা’ বলৱৎ কৰিলে৷ কিন্তু পুনৰ ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগ আৰু অসমক টাৰ্গেট কৰি অবৈধ বাংলাদেশীৰ সমস্যাক নিৰ্বাচনী ইছ্যু কৰাৰ বাবে বিজেপিয়ে কৌশলী পৰিকল্পনা কৰা বুলিহে চৰ্চা লাভ কৰিছে৷ ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশী বিতাড়নৰ হুংকাৰ দিয়াৰ ছবছৰৰ পাছত এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহে বিস্ফোৰণ ঘটাইছে৷ বিগত ৯ নৱেম্বৰত অনুষ্ঠিত দেশৰ প্ৰতিখন ৰাজ্যৰ শীৰ্ষ চোৰাংচোৱা বিষয়াসকল উপস্থিত থকা বৈঠকত অমিত শ্বাহে ৰাজ্যসমূহক নিতৌ অতি কমেও ১০০জনকৈ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি নথি-পত্ৰ পৰীক্ষা কৰাৰ লগতে সম্ভৱ হ’লে গ্ৰেপ্তাৰ কৰি তাৎক্ষণিকভাৱে বিতাড়নৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে৷ চুবুৰীয়া দেশৰ নথি-পত্ৰ বিহীন অনুপ্ৰৱেশকাৰীয়ে যাতে ভাৰতত আশ্ৰয় ল’ব নোৱাৰে তাক নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে শ্বাহে৷ বিশেষকৈ¸ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে দেশৰ কেইবাখনো ৰাজ্যৰ জনগাঁথনিৰ পৰিৱৰ্তন অনা বুলি দাবী কৰি দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে ভাবুকি হৈ পৰা বুলিও বৈঠকত অমিত শ্বাহে উদ্বিগ্নতা ব্যক্ত কৰে৷ কেৱল বাংলাদেশীয়ে নহয়, খ্ৰীষ্টান ধৰ্মান্তকৰণৰ ওপৰতো চকু ৰাখিবলৈ নিৰ্দেশ দি শিখসকলে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা বিষয়টো পৰ্যালোচনাৰ পৰামৰ্শ দিয়ে৷ বৈঠকত লগতে কোন কোন ৰাজ্যত কিমান অবৈধ বাংলাদেশীয়ে বিভিন্ন কামত নিয়োজিত হৈ আছে তাৰো পৰিসংখ্যা যুগুত কৰিবলৈ বিষয়াসকলক কোৱা হয়৷ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ভাৰতৰ মাটিত প্ৰৱেশ কৰাৰ পাছতেই কেনেকৈ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, তথা পেন কাৰ্ড উলিয়াবলৈ সক্ষম হৈছে সেই স্পৰ্শকাতৰ বিষয়টোকো গুৰুত্ব সহকাৰে তদন্ত কৰিবলৈ নিৰ্দেশ দিছে অমিত শ্বাহে৷ এই বৈঠকৰ পাছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে প্ৰতিখন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে৷ অবৈধ বিদেশী চিনাক্তকৰণৰ বাবে অসমকে ধৰি দেশৰ ১৪ খন ৰাজ্যৰ নিৰ্মাণ প্ৰকল্পৰ শ্ৰমিক, হোটেলৰ কৰ্মচাৰী, দৈনিক হাজিৰা কৰা শ্ৰমিক, ঘৰুৱা শ্ৰমিক আদিৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে৷ ৪,০৯৬.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তৰ ৩,১৪৫ কিলোমিটাৰ এলেকা বেৰা দিয়াৰ তথ্য উল্লেখ কৰি বেৰা নথকা অঞ্চলসমূহত বি এছ এফক চোকা নজৰ ৰাখিবলৈও নিৰ্দেশ দিছে৷ গৃহমন্ত্ৰী অমিত শ্বাহে অসমত প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত ১৯ লাখ লোকৰ নাম বাদ পৰা বুলি উল্লেখ কৰি অনুপ্ৰৱেশকাৰীক সহ্য কৰা নহ’ব বুলিও সকীয়াই দিছে৷ অৱশ্যে বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন পশ্চিমবংগত বাংলাদেশী অনুপ্ৰৱেশকাৰীলৈ অধিক উদ্বিগ্নতা ব্যক্ত কৰাত ৰাজনৈতিক মহলত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে৷