Logo
image

এতিয়া জেপ গধুৰ নহ’লে ঘৰ সাজিব নোৱাৰিব

আমাৰ অসম, ১৫ নৱেম্বৰঃ  আপুনি স্থায়ীকৈ ঘৰ এডোখৰ তৰাৰ কথা ভাবিছে নেকি? যদি ভাবিছে তেনেহ’লে প্ৰথমতে গৃহ নিৰ্মাণৰ বাবে আৱশ্যকীয় অনুমতিৰ বাবদ ভৰিবলগা ধনখিনি প্ৰথমে যোগাৰ কৰাৰ চিন্তা কৰক৷ কিয়নো, শেহতীয়াভাৱে চৰকাৰে প্ৰযোজ্য কৰিবলৈ ওলোৱা ‘অনলাইন বিল্ডিং পাৰ্মিশ্যন চিষ্টেম’ [অ’বিপিএছ] অৰ্থাৎ অনলাইনযোগে গৃহ নিৰ্মাণৰ অনুমতিৰ নতুন  ব্যৱস্থা অনুসৰি এতিয়াৰে পৰা ঘৰ নিৰ্মাণৰ বাবে নিৰ্ধাৰিত খৰচৰ মুঠ ৩ শতাংশ ধন ঘৰ নিৰ্মাণৰ অনুমতি মাচুল হিচাপে আদায় দিব লাগিব৷ গোলাঘাট পৌৰসভাৰ এক সূত্ৰই এই কথা সদৰি কৰি কয় যে, ১ ডিচেম্বৰৰ পৰা ঘৰ নিৰ্মাণৰ বাবে আৱশ্যকীয় অনুমতিৰ এই অ’বিপিএছ বলৱৎ হ’ব৷ পৌৰসভাৰ সূত্ৰটোৱে জনোৱা মতে, গৃহ নিৰ্মাণৰ বাবে আৱশ্যকীয় অনুমতিৰ নতুন এই অনলাইন ব্যৱস্থাটো হ’ব এনেধৰণৰ– ঘৰ সাজিবলৈ পূৰ্বতে যিকোনো অভিজ্ঞ কাৰিকৰী লোকৰ দ্বাৰা ঘৰৰ নক্সা এখন তৈয়াৰ কৰি লোৱাৰ ব্যৱস্থাৰ পৰিৱৰ্তে এতিয়াৰে পৰা কোনো ব্যক্তি-অনুষ্ঠানে গৃহ নিৰ্মাণৰ কাম হাতত লোৱাৰ পৰিকল্পনা কৰিলে প্ৰথমতেই এজন ‘ৰেজিষ্টাৰ্ড টেকনিকেল পাৰ্চন’ [আৰটিপি] অৰ্থাৎ পঞ্জীয়নভুক্ত কাৰিকৰী ব্যক্তিক বাধ্যতামূলকভাৱে নিয়োগ কৰিব লাগিব৷ এই আৰটিপিয়ে প্ৰস্তাৱিত ঘৰৰ নক্সা প্ৰস্তুতৰ পৰা আৰম্ভ কৰি আদিৰে পৰা অন্তলৈ ঘৰ নিৰ্মাণৰ সমস্ত কামৰ চোৱাচিতা কৰিব আৰু স্বাভাৱিকতে ইয়াৰ বাবে আৰটিপিক মাচুল আদায় দিব লাগিব৷ আৰটিপিয়ে মাটি-বাৰীৰ জোখ-মাপ, নক্সা আদি সমস্তখিনি যোগাৰ কৰি ৭ জনীয়া সদস্যৰ এখন সমিতিক এই তথ্য দাখিল কৰিব৷ সমিতিত থাকিব আৰটিপি, পৌৰসভাৰ সহকাৰী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তা, টাউন এণ্ড কান্ত্ৰি প্লেনিং বিভাগৰ উপ-সঞ্চালক, পৌৰসভাৰ সভাপতি আৰু পৌৰসভাৰ কাৰ্যকৰী বিষয়া৷ ৭ জনীয়া এই সমিতিয়ে আৰটিপিয়ে দাখিল কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি প্ৰস্তাৱিত ঘৰ নিৰ্মাণৰ সমুদায় ব্যয়ৰ এষ্টিমেট চিপিডব্লিউডিৰ নিৰ্ধাৰিত হাৰত তৈয়াৰ কৰি যাৱতীয় অনুমতি প্ৰদানত অনুমোদন জনাব৷ অসম আৰ্হিৰ ঘৰৰ ক্ষেত্ৰত প্ৰিণ্ট এৰিয়াৰ প্ৰতি বৰ্গমিটাৰত ১৫,৮৬৭.৩৫ টকা হাৰত এষ্টিমেট নিৰ্ধাৰণ কৰাৰ লগতে আৰচিচি ঘৰৰ বেলিকা তিনিৰ পৰা ছয় মহলীয়া ঘৰৰ প্ৰতিটো মহলাৰ প্ৰতি বৰ্গমিটাৰত ২০,৬৮৫ টকা আৰু ছয় মহলাতকৈ বেছি হ’লে প্ৰতিটো মহলাৰ প্ৰতি বৰ্গমিটাৰত ২৭,০৯০ টকা হাৰত এষ্টিমেট নিৰ্ধাৰণ কৰা হ’ব৷ প্ৰস্তাৱিত ঘৰৰ নিৰ্ধাৰিত এই এষ্টিমেটৰ মুঠ ধনৰাশিৰ ৰ শতাংশ শ্ৰম কৰ আৰু ২ শতাংশ ফৰেষ্ট ৰয়েল্টিকে ধৰি মুঠ ৩ শতাংশ মাচুল আদায় দিব লাগিব৷ অৰ্থাৎ কোনো ব্যক্তিয়ে ১০০০ বৰ্গ ফুট [৯৩ বৰ্গ মিটাৰ] প্লিন্থ এৰিয়াৰ এটা অসম আৰ্হিৰ ঘৰৰ ক্ষেত্ৰত উল্লিখিত হিচাপত নিৰ্ধাৰিত এষ্টিমেট হ’ব ১৪,৭৫,৬৬৩.৫৫ টকা আৰু ইয়াৰে ৩ শতাংশ অৰ্থাৎ ৪৪,২৭০ টকা ব্যক্তিজনে কেৱল অনুমতি মাচুলৰূপে আদায় দিব লাগিব৷ গোলাঘাট পৌৰসভাৰ সুত্ৰটোৱে জনোৱা মতে, গৃহ নিৰ্মাণৰ বাবদ নতুন এই ব্যৱস্থাত সংগৃহীত কৰৰ কোনো অংশ স্থানীয় পৌৰসভাই লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত পৌৰসভাই অসম আৰ্হিৰ ঘৰৰ বেলিকা প্ৰতি বৰ্গমিটাৰত ৩ টকা আৰু আৰচিচি ঘৰৰ ক্ষেত্ৰত গ্ৰাউণ্ড ফ্ল’ৰৰ বাবে প্ৰতি বৰ্গমিটাৰত ১০ টকা আৰু পৰৱৰ্তী মহলাৰ বাবে প্ৰতি বৰ্গমিটাৰত ১২ টকাকৈ অতিৰিক্ত কৰ আদায় ল’ব৷ বাণিজ্যিক ভৱনৰ ক্ষেত্ৰত পৌৰসভাৰ এই অতিৰিক্ত কৰ চাৰিগুণ আৰু গুদাম ঘৰৰ ক্ষেত্ৰত পাঁচগুণ হাৰত আদায় দিব লাগিব৷ সূত্ৰটোৰ তথ্য অনুসৰি, যদিহে অহা ডিচেম্বৰৰ পৰা গৃহ নিৰ্মাণৰ অনুমতিৰ ক্ষেত্ৰত নতুন এই অনলাইন ব্যৱস্থা কাৰ্যকৰী হয়, তেনেহ’লে গৃহ নিৰ্মাণ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতো কোনোৰকম ঘৰ এটা বন্ধাৰ সপোন লৈ ফুৰা সৰ্বসাধাৰণৰ মূৰত যে ৰামটাঙোন পৰিব সি ধুৰূপ৷