Logo
image

শ্ৰদ্ধা হত্যাকাণ্ডই জোকাৰিছে দেশ : লাভ জেহাদৰ বলি হ'ল শ্ৰদ্ধা!

ডিজিটেল ডেস্ক : শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডক লৈ ন ন তথ্য পোহৰলৈ আহিছে। লাভ জেহাদৰ বাবে আফতাব আমিনে শ্ৰদ্ধাক হত্যা কৰা বুলি দাবী কৰিছে শ্ৰদ্ধাৰ পিতৃয়ে৷ হত্যাকাৰী আফতাবৰ  মৃত্যুদণ্ডৰ দাবী কৰিছে শ্ৰদ্ধাৰ পৰিয়ালে।

এএনআইৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰদ্ধাৰ পিতৃ বিকাশ মদন ৱাকাৰে কয়, ‘মই সন্দেহ কৰিছিলো যে এটা লাভ জেহাদৰ এংগেল। আমি আফতাবৰ মৃত্যুদণ্ডৰ দাবী জনাইছো। দিল্লী আৰক্ষীৰ তদন্ত সঠিক দিশত আগবাঢ়িছে বুলি মোৰ বিশ্বাস। শ্ৰদ্ধা ককাকৰ ঘনিষ্ঠ আছিল আৰু মোৰ লগত বেছি কথা পতা নাছিল। আফতাবৰ লগত মোৰ কেতিয়াও যোগাযোগ হোৱা নাছিল।”

বিকাশ মদন ৱাকাৰে বিগত ১০ নৱেম্বৰত দক্ষিণ দিল্লী জিলাৰ মেহৰৌলি থানাত শ্ৰদ্ধা নিৰুদ্দেশ হোৱা ব্যক্তিৰ প্ৰতিবেদন দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে শ্ৰদ্ধাক বিচাৰি উলিয়াবলৈ তদন্ত আৰম্ভ কৰে। উল্লেখ্য, শ্ৰদ্ধাৰ সৈতে লিভ ইন সম্পৰ্কত থকা আফতাব আমিন পুনাৱালাই মে’ মাহত শ্ৰদ্ধাক হত্যা কৰে আৰু শ্ৰদ্ধাৰ শৰীৰৰ ৩৫ টা টুকুৰা কৰি এটা এটাকৈ পেলাই দিয়াৰ কথা তদন্তত পোহৰলৈ আহে।

আফতাব মুছলমান হোৱাৰ বাবেই শ্ৰদ্ধাৰ পৰিয়ালে এই সম্পৰ্কৰ বিৰোধিতা কৰিছিল। আফতাবৰ লগত লিভ ইন সম্পৰ্কত শ্ৰদ্ধা  থাকিবলৈ লোৱা সিদ্ধান্ততো আপত্তি কৰিছিল পৰিয়ালে। অৱশ্যে শ্ৰদ্ধাই নিজৰ সিদ্ধান্তক লৈ অটল আছিল। এজাহাৰত উল্লেখ কৰা হৈছে যে শ্ৰদ্ধাই সঘনাই মাকক ফোন কৰি জনাইছিল যে আফতাবে তেওঁৰ সৈতে প্ৰায়ে কাজিয়াত লিপ্ত হোৱাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল।