Logo
image

১৬-২০ নৱেম্বৰলৈ গুৱাহাটীত পিএছপিবিৰ আন্তঃইউনিট টুৰ্ণামেন্টৰ আয়োজন : মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উদ্বোধন কৰে টুৰ্ণামেণ্টৰ

ডিজিটেল ডেস্ক : ১৬ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৫ দিনীয়া আন্তঃইউনিট টুৰ্ণামেন্ট, ২০২২-২৩ ৰ মঙলবাৰে উদ্বোধনী অনুষ্ঠান সম্পন্ন হয়৷ উদ্বোধনী অনুষ্ঠানত পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে গুৱাহাটীৰ সাংসদ কুইন ওজাও উপস্থিত থাকে। 

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ উদ্যোগত পেট্ৰ'লিয়াম স্প’ৰ্টছ প্ৰম’শ্যন ব’ৰ্ডে (PSPB) অহা ১৬ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ গুৱাহাটীত ৫ দিনীয়া আন্তঃইউনিট টুৰ্ণামেন্ট, ২০২২-২৩ ৰ আয়োজন কৰিছে। এই টুৰ্ণামেণ্টত পাঁচটা ক্ৰীড়া ক্ৰমে ফুটবল, বেডমিন্টন, ভলীবল, বাস্কেটবল আৰু কেৰম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ষ্টেডিয়াম আৰু নেহৰু ষ্টেডিয়ামত আয়োজন হ’বলগীয়া এই প্ৰতিযোগিতাত ৬০০ৰো অধিক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। উল্লেখ্য, দৰ্শকে তেওঁলোকৰ বাবে নিৰ্ধাৰিত স্থানত সকলো দিনতে বিনামূলীয়াকৈ এই প্রতিযোগিতাসমূহ উপভোগ কৰিব পাৰিব।

পিএছপিবি সম্পৰ্কেঃ

পেট্ৰ'লিয়াম স্প’ৰ্টছ প্ৰম’শ্যন ব’ৰ্ড (PSPB) হৈছে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ উদ্যোগত ১৯৭৯ ত স্থাপিত এটি ক্ৰীড়া সংস্থা। এই সংস্থাটো ১৫ টা তেল পিএছইউৰ সমৰ্থনত সদস্য সংস্থা হিচাপে ছ’চাইটিজ এক্টৰ অধীনত পঞ্জীয়নভুক্ত। এই ১৫ টা তেল পিএছইউত প্ৰায় ৩০০+ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবিদ আছে। পিএছপিবিয়ে ইয়াৰ সদস্য সংস্থাসমূহৰ সহযোগত হকী, টিটি, বেডমিন্টন, ক্ৰিকেট, ভলীবল, বাস্কেটবল, আৰ্চাৰী, এথলেটিকছ আদি ক্ষেত্ৰসমূহত প্ৰোৎসাহিত কৰি আহিছে।

বিগত সময়ছোৱাত পিএছপিবিয়ে ১৮ টা ক্ৰীড়াত একাধিক আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক সমৰ্থন আগবঢ়াইছে। তেওঁলোকৰ একাংশ হৈছেঃ

১) হকী (পুৰুষ/মহিলা) – হৰমনপ্ৰীত সিং, গুৰজন্ত সিং, হাৰ্দিক সিং, সুমিত

২) টেবুল টেনিছ – শৰথ কমল, মণিকা বাট্ৰা, অমলৰাজ, জি সঠিয়ান

৩) বেডমিন্টন – লক্ষ্য সেন, চিৰাগ শ্বেট্টী, অশ্বিনী পোনাপ্পা

৪) ভলীবল – ললিত কুমাৰ, মনদ্বীপ সিং, বিনীত, অখিন জিএছ

৫) বাস্কেটবল – বিনয় দবাছ, বিষেশ ৰঘুবংশী

৬) কেৰম – ৰশ্মি, কাজল কুমাৰী, যোগেশ পাৰ্দেশী, শ্ৰীনিবাস

৭) ক্ৰিকেট – ৰোহিত শৰ্মা, ঈশান্ত শৰ্মা, বিৰাট কোহলী

৮) আৰ্চাৰী – দীপিকা কুমাৰী, জ্যোতি সুৰেখা, অতনু দাস

৯) বিলিয়ার্ড আৰু স্নুকাৰ – পংকজ আদৱানি, সৌৰভ কোথাৰী, আলোক কুমাৰ, ধ্ৰুৱ সীতৱালা

১০) দবা – মনন চন্দ্ৰ, এছ শ্ৰী কৃষ্ণ