Logo
image

বংগ ভংগ আন্দোলনে জোকাৰি গৈছে নামনিৰ বহু ঠাই !পুনৰ খণ্ডিত হ’ব অসম?

আমাৰ অসম, ১৬ নৱেম্বৰঃ নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰত্যক্ষ প্ৰশ্ৰয়ত পৃথক গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য গঠনৰ দাবী প্ৰবল হৈ পৰাত অসম পুনৰ খণ্ডিত হোৱাৰ উপক্ৰম ঘটিছে৷ মুলতঃ পশ্চিমবংগক দুভাগ কৰি মমতা বেনাৰ্জীক দুৰ্বল কৰি তোলাৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে পৰিকল্পনা কৰাৰ ফলতে অসমো তাৰ বলি হ’ব বুলি আশংকা কৰা হৈছে৷ ৰাজনৈতিক যুঁজত বিজেপিয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীক বলে নোৱাৰি এতিয়া প্ৰশাসনিকভাৱে শেষ কৰাৰ অভিসন্ধি ৰচনা কৰা বুলি অভিযোগ উঠিছে৷ অভিযোগ অনুসৰি এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে তুৰুপৰ তাচ হিচাপে ব্যৱহাৰ কৰিছে গ্ৰেটাৰ কোচবিহাৰ পিপ’লছ এছ’চিয়েশ্বন আৰু কোঁচ ৰাজবংশী জনগোষ্ঠীৰ মাজত প্ৰভাৱ থকা শিৱ-চণ্ডী ধৰ্মীয় নেতা   অনন্ত মহাৰাজক৷ যোৱা দেওবাৰে অসমৰ চিৰাং জিলাৰ বাসুগাঁৱত গ্ৰেটাৰ কোচবিহাৰ পিপ’লছ এছ’চিয়েশ্বনৰ উদ্যোগত আয়োজিত সমাৱেশৰ পাছৰ পৰাই অসমৰ অবিভক্ত গোৱালপাৰা জিলা, পশ্চিমবংগৰ উত্তৰ বংগ অঞ্চল আৰু বিহাৰৰ একাংশ অঞ্চলক লৈ পৃথক কেন্দ্ৰীয় শাসিত প্ৰদেশ গঠনৰ দাবী জোৰদাৰ হৈ পৰিছে৷ বাসুগাঁৱত আয়োজিত সেই সমাৱেশত মুখ্য অতিথি হিচাপে উপস্থিত আছিল কেন্দ্ৰীয় চৰকাৰে প্ৰশ্ৰয় প্ৰদান কৰি থকা অনন্ত মহাৰাজ৷ অনন্ত মহাৰাজে সেই সমাৱেশত স্পষ্টভাৱে পৃথক ৰাজ্য গঠনৰ দাবী উত্থাপন কৰে৷ আৰু এখোজ আগবাঢ়ি তেওঁ কয় যে, অসমৰ কোঁচ ৰাজবংশীপ্ৰধান অঞ্চল আৰু পশ্চিমবংগৰ সেই একে জনগোষ্ঠী থকা অঞ্চল সামৰি কেন্দ্ৰীয় শাসিত প্ৰদেশ গঠন কৰাৰ চূড়ান্ত সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে নৰেন্দ্ৰ মোদী চৰকাৰ৷ প্ৰস্তাৱিত সেই কেন্দ্ৰীয় শাসিত প্ৰদেশত অন্তৰ্ভূক্ত হ’ব পশ্চিমবংগৰ গাতে লাগি থকা বিহাৰৰো এটা অংশ৷ অনন্ত মহাৰাজৰ এই বক্তব্যৰ পাছত অসমত কোঁচ ৰাজবংশী সংগঠনসমূহৰ আন্দোলন আৰু পৃথক ৰাজ্যৰ দাবীৰ বিৰুদ্ধে অসমৰ বহুকেইটা জনগোষ্ঠীয় সংগঠন সৰৱ হৈ উঠিছে৷ অৱশ্যে পূৰ্বৰে পৰাই অসমৰ কেইবাটাও জনগোষ্ঠীয় সংগঠনে পৃথক কোচবিহাৰ ৰাজ্যৰ দাবী অমুলক বুলি কৈছিল৷ একেদৰে কোঁচ ৰাজবংশী সংগঠন আক্ৰাছু, কে এল অ’ আৰু আন দুই-এটা সংগঠনেও পৃথক কোচবিহাৰৰ দাবী সমৰ্থন কৰাৰ পৰিৱৰ্তে পৃথক কমতাপুৰ ৰাজ্যৰ দাবী জনাই আহিছে৷ কেন্দ্ৰীয় চৰকাৰে বিদ্ৰোহী সংগঠন কে এল অ’ৰ সৈতে এই ক্ষেত্ৰত শান্তি আলোচনা চলাই আছে৷ কিন্তু তাৰ মাজতে অনন্ত  মহাৰাজ নেতৃত্বাধীন গ্ৰেটাৰ কোচবিহাৰ পিপ’লছ এছ’চিয়েশ্বনকো সমানভাৱে কেন্দ্ৰীয় চৰকাৰে উচতাই আছে৷ ইতিপূৰ্বে এই সংগঠনৰ নেতা অনন্ত মহাৰাজে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী, পশ্চিমবংগৰ সাংসদ নিশীথ প্ৰামাণিকক সাক্ষাৎ কৰি আলোচনাও কৰিছে৷ অনন্ত মহাৰাজে নিশীথ প্ৰামাণিকক সাক্ষাতৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে পৃথক কেন্দ্ৰীয় শাসিত প্ৰদেশ গঠনৰ সিদ্ধান্ত ল’ব বুলি মুকলিভাৱে দাবী কৰিছিল৷ সেই একে আলোচনা তেওঁ পশ্চিমবংগৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ সৈতেও সম্পন্ন কৰিছে৷ অৱশ্যে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ কোনো মন্ত্ৰী, সাংসদ আৰু আনকি নিশীথ প্ৰামাণিকেও অনন্ত মহাৰাজৰ সৈতে পৃথক কেন্দ্ৰীয় শাসিত প্ৰদেশ গঠনৰ বিষয়ে আলোচনা কৰা নাই বুলি মন্তব্য কৰিছে৷ প্ৰামাণিকৰ দাবী কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু সৰ্বোপৰি কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে তেনে সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু এই সন্দৰ্ভত কোনো আলোচনাও চলোৱা নাই৷ কিন্তু ইয়াৰ বিপৰীতে ৰাজহুৱা সভাত অনন্ত মহাৰাজে মুকলিভাৱে কেন্দ্ৰীয় চৰকাৰে পৃথক কোচবিহাৰ কেন্দ্ৰীয় শাসিত প্ৰদেশ গঠনৰ সিদ্ধান্ত অচিৰেই ল’ব বুলি কৰা দাবীয়ে অসমত বিশেষকৈ অবিভক্ত গোৱালাপাৰা জিলাত আশংকা আৰু উদ্বেগৰ সৃষ্টি কৰিছে৷ মহাৰাজৰ দাবী অনুসৰি পৃথক সেই প্ৰদেশত অবিভক্ত গোৱালপাৰা জিলা অন্তৰ্ভূক্ত হ’ব৷ আনহাতে পশ্চিমবংগৰ পৰা পৃথক কৰি অনা হ’ব কোচবিহাৰ, আলিপুৰ দুৱাৰকে ধৰি কোঁচ ৰাজবংশী অধ্যুষিত সমগ্ৰ উত্তৰ বংগ৷ মহাৰাজৰ এই দাবীয়ে পশ্চিমবংগৰ শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছকো উদ্বিগ্ন কৰি তুলিছে৷ তেওঁলোকে অনন্ত মহাৰাজক বিভিন্ন অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই দলটোৰ ঘনিষ্ঠ কৰিবলৈ চেষ্টা কৰি আছে৷ পিছে মহাৰাজে আকৌ মুকলিভাৱে কৈছে তেওঁ শাসনাধিষ্ঠিত দলৰ ঘনিষ্ঠ নহয়৷ অৱশ্যে তেওঁ তৃণমূল কংগ্ৰেছৰ দ্বাৰা আয়োজিত ৰাসমেলাৰ অনুষ্ঠানত পশ্চিমবংগৰ মন্ত্ৰী আৰু বিধায়কৰ সৈতে মঞ্চত উপস্থিত থাকে৷ পিছে অনন্ত মহাৰাজৰ সৈতে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সম্পৰ্ক অতি নিকট তাত কাৰো দ্বিমত নাই৷ কিয়নো পশ্চিমবংগৰ বিগত বিধানসভা নিৰ্বাচনত উত্তৰ বংগৰ কোঁচ ৰাজবংশী বসতিপ্ৰধান সমষ্টিকেইটাৰ ভোট বিজেপিলৈ অহাৰ বাবে অমিত শ্বাহে অসমৰ চিৰাং জিলালৈ আহি অনন্ত মহাৰাজক সাক্ষাৎ কৰি তেওঁৰ ঘৰত মধ্যাহ্ন ভোজন কৰিছিল৷ তেতিয়াই অনন্ত মহাৰাজে সেই দাবী তুলিছিল৷ অমিত শ্বাহে ভালদৰেই জানে পশ্চিমবংগক দ্বিখণ্ডিত কৰিব পাৰিলে বিজেপিয়ে মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছক বলে পাৰিব৷ তাৰবাৰে তেওঁ পৃথক ৰাজ্যৰ দাবী জোৰদাৰ কৰিবলৈ অনন্ত মহাৰাজক প্ৰশ্ৰয় দিছে৷ এনে দাবী অধিক প্ৰবল হৈ পৰিলে কেন্দ্ৰীয় চৰকাৰে মমতা বেনাৰ্জীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰিব৷ ৰাজ্যখনত অশান্তিৰ সৃষ্টি হ’ব আৰু সেই সুযোগত প্ৰয়োজনবোধে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰপতি শাসনো জাৰি কৰিব পাৰিব৷ এনে দীঘলীয়া আৰু সুনিৰ্দিষ্ট ব্লুপ্ৰিণ্ট লৈ আগবাঢ়িছে অমিত শ্বাহ বাহিনী৷ তেওঁক সেই ক্ষেত্ৰত অনন্ত মহাৰাজে যোগ্য সংগ দিছে আৰু অনন্ত মহাৰাজৰ এই দাবী আৰু আন্দোলনে এতিয়া জোকাৰি গৈছে নামনি অসমৰ বহু স্থান৷