Logo
image

বিজেপিত বিদ্ৰোহ! তূণত শৰ লৈ যুঁজত নামিছে অমিত শ্বাহ

আমাৰ অসম, ১৬ নৱেম্বৰঃ প্ৰাৰ্থিত্ব প্ৰয়াসীক দলীয় টিকট প্ৰদান কৰিব নোৱাৰাত স্বয়ং প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাটত শাসনাধিষ্ঠিত বিজেপিত প্ৰচণ্ড বিদ্ৰোহৰ সৃষ্টি হৈছে৷ এসময়ত দীঘলীয়াকৈ কংগ্ৰেছ শাসিত ৰাজ্যত টিকটৰ পৰা বঞ্চিত হ’লে কংগ্ৰেছ নেতাই নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰে আৰু নিজৰ দলৰ প্ৰাৰ্থীক পৰাজিত কৰিবলৈ চিপৰাং মাৰে, ঠিক তেনে অৱস্থা এতিয়া দেখা গৈছে গুজৰাটত৷ অতি শৃংখলিত দল বিজেপিৰ শাসনাধিষ্ঠিত আৰু নৰেন্দ্ৰ মোদী তথা অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটত স্বাভাৱিকতে বিজেপিত বিদ্ৰোহ সৃষ্টি হোৱাটো অতিশয় অবাঞ্চিত ঘটনা৷ এই অবাঞ্চিত বিদ্ৰোহত শংকিত হৈ পৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্ব৷ অলপতে হিমাচল প্ৰদেশতো তেনে ধৰণৰ বিদ্ৰোহৰ ঘটনা উপশম কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদ্ৰোহী প্ৰাৰ্থীক নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ টেলিফোনযোগে অনুৰোধ কৰিছিল৷ গুজৰাটৰ অৱস্থা হিমাচল প্ৰদেশতকৈ বিদ্ৰোহৰ ক্ষেত্ৰত অধিক সংকটজনক হৈ পৰিছে৷ কিয়নো বিজেপিয়ে তেওঁলোকৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ঘোষণা কৰা ১৬০জনীয়া প্ৰাৰ্থী তালিকাত ১৫জন সাম্প্ৰতিক মন্ত্ৰী আৰু বিধায়কক টিকট প্ৰদান কৰা নাছিল৷ তদুপৰি প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানি আৰু তেওঁৰ কাৰ্যকালৰ উপ-মুখ্যমন্ত্ৰী বিজেপিৰ শীৰ্ষ নেতৃত্বই নিৰ্দেশ দি আগতীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা দূৰ কৰিছিল৷ যি পোন্ধৰজন মন্ত্ৰী-বিধায়কক বিজেপিয়ে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে তাৰে দহজনৰো অধিকে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগবাঢ়িছে৷ যদিহে সেইকেইজন প্ৰাক্তন বিধায়ক আৰু মন্ত্ৰীয়ে সঁচাকৈ প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে গভীৰ ক্ষতি হ’ব বিজেপিৰ৷ কিয়নো তেওঁলোকে বিজেপিৰ ভোটকে কাঢ়ি নিব৷ ইপিনে শক্তিশালী কংগ্ৰেছৰ লগতে এইবাৰ ৰাজ্যখনত মূৰ ডাঙি উঠিছে আম আদমী পাৰ্টীয়ে৷ তাৰ মাজতে নিজ দলৰ বিদ্ৰোহ বিজেপিৰ বাবে ভূতৰ ওপৰত দানহৰ দৰে হৈ পৰিছে৷ এনে পৰিস্থিতিত গৃহৰাজ্য গুজৰাটত বিজেপিৰ বিদ্ৰোহ উপশম ঘটোৱাৰ বাবে পোনপটীয়াকৈ নৰেন্দ্ৰ মোদীয়ে দায়িত্ব অৰ্পণ কৰিছে তেওঁৰ সেনাপতি অমিত শ্বাহক৷ সাধাৰণতে বিগত আঠ-দহ বছৰত অমিত শ্বাহক বিজেপিৰ নিৰ্বাচনী যুঁজৰ মাইক্ৰ’ মেনেজাৰ বুলি আখ্যা দিয়া হৈছিল৷ অৰ্থাৎ অমিত শ্বাহে ৰচনা কৰা প্ৰায় সকলো নিৰ্বাচনী পৰিকল্পনাই দলে সঠিকভাৱে ৰূপায়ণ কৰি বিজয় অৰ্জন কৰি আহিছে৷ যদিহে নিজ ৰাজ্যত দলীয় বিদ্ৰোহৰ বাবে বিজেপিৰ ভয়ংকৰ ক্ষতি হয় তেন্তে দেশৰ অন্যান্য ৰাজনৈতিক দলৰ ওচৰত মুখ দেখুৱাব নোৱাৰিব যোৱা সাতাইশ বছৰ ধৰি গুজৰাট শাসন কৰি থকা বিজেপিয়ে৷ পৰিস্থিতি বেগতিক দেখি অমিত শ্বাহে এতিয়া দলৰ বিদ্ৰোহীসকলক এজন এজনকৈ সাক্ষাৎ কৰি তেওঁলোকক মৰমেৰে বুজনি দিছে৷ বিজেপিৰ বাবে এতিয়া বিদ্ৰোহ দমনৰ ক্ষেত্ৰত মৰম আৰু আশ্বাসেই মূল অস্ত্ৰ হৈ পৰিছে৷ এই সময়ত দাবি-ধমকি দি ইমানদিনে দলত থকা নেতা আৰু তেওঁলোকৰ সমৰ্থকক বিজেপিয়ে আঁতৰাই পঠিয়ালে হিতে বিপৰীত হ’ব৷ সেয়ে পৰিস্থিতি বুজি বিদ্ৰোহীক মৰমেৰে বশ কৰিবলৈ চেষ্টা কৰিছে অমিত শ্বাহে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে যোৱা দেওবাৰৰ পৰা অধিক বিদ্ৰোহ থকা সমষ্টিক অগ্ৰাধিকাৰ দি ইটোৰ পাছত সিটো সমষ্টিত বিদ্ৰোহী নেতাক মৰম বিলাই আছে৷ অমিত শ্বাহে এনেদৰে মৰমেৰে বুজনি দিয়া বিষয়টোৱে দেশৰ মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে৷ কিয়নো শক্তিশালী নেতা অমিত শ্বাহে দলীয় সতীৰ্থক কেতিয়াও বুজনি দিয়া কাৰো চকুত পৰা নাই৷ বৰং তেওঁ ৰাজহুৱা অনুষ্ঠানতে স্বয়ং উপ-মুখ্যমন্ত্ৰীকো ধমকি দি ভাষণ দি থকাৰ পৰা বহিবলৈ বাধ্য কৰে৷ এনেদৰে অনুজ নেতাক দাবি-ধমকিৰে বশ কৰা অমিত শ্বাহে এতিয়া মৰমৰ আশ্ৰয় লোৱা ঘটনাই বহুতকে আচৰিত কৰি তুলিছে৷ চৰ্চা হৈছে, এতিয়া মৰমেৰে বুজনি দিলেও বিদ্ৰোহী নেতাসকলক পৰৱৰ্তী সময়ত অমিত শ্বাহে সুদাই নেৰে৷ নিৰ্বাচন পাৰ হ’লেই তেওঁলোকৰ বিৰুদ্ধে অমিত শ্বাহে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব৷