Logo
image

ডিচেম্বৰত উচ্ছতৰ মাধ্যমিকৰ প্ৰাক্‌বাছনি পৰীক্ষা

আমাৰ অসম, ১৬ নৱেম্বৰঃ  ‘২০২৩ বৰ্ষ’ৰ উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰী, মাৰ্চ মাহত অনুষ্ঠিত হ’ব৷ ৫ ডিচেম্বৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে অনলাইনযোগে এই পৰীক্ষাৰ বাবে প্ৰপত্ৰ পূৰণ কৰিব পাৰিব৷ ৩১ ডিচেম্বৰৰ ভিতৰত এই প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব লাগিব৷ ১০ জানুৱাৰীৰ ভিতৰত সাংসদ মাচুল আদায়ৰ চালান, ষ্টেটমেণ্টৰ কপি আদি দাখিল  কৰিব লাগিব৷’ অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে আজি এক বিজ্ঞপ্তি যোগে এই কথা সদৰি কৰাৰ লগতে ডিচেম্বৰ মাহৰ ভিতৰত সংসদৰ অধীনৰ সকলো শিক্ষানুষ্ঠানকে উচ্ছতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ প্ৰী ফাইনেল টেষ্ট অনুষ্ঠিত কৰাৰ বাবেও নিৰ্দেশনা দিছে৷ সেই নিৰ্দেশ অনুসৰি শিক্ষানুষ্ঠানৰ মুৰব্বীসকলে নিজাববীয়াকৈ প্ৰশ্ন কাকত প্ৰস্তুত, এডমিটকাৰ্ড প্ৰস্তুত, প্ৰশ্নোত্তৰ বহী প্ৰস্তুত আদি কাম সম্পূৰ্ণ কৰিব লাগিব৷ প্ৰীটেষ্ট পৰীক্ষা অনুষ্ঠিত কৰি শিক্ষানুষ্ঠানসমূহে ১৫ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰী ২০২৩ ৰ ভিতৰত কাউন্সিলৰ পৰ্টেলত ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা নম্বৰ আপলড কৰিব লাগিব৷ এই প্ৰী ফাইনেল টেষ্ট পৰীক্ষাত প্ৰেক্টিকেল থকা বিষয়সমূহত ৭০ নম্বৰ থিয়ৰী আৰু ৩০ নম্বৰৰ প্ৰেক্টিকেল পৰীক্ষা হ’ব৷ স্বাস্থ্য অধ্যয়ন, অৰ্থনীতি, বিছনেছ ষ্টাডিজ, একাউটেন্সি আদি বিষয়ত ৮০ শতাংশ থিয়ৰী আৰু ২০ নম্বৰৰ আভ্যন্তৰিন মূল্যায়নৰ ব্যৱস্থা থাকিব৷ শিক্ষা প্ৰতিষ্ঠানসমূহে প্ৰী ফাইনেল টেষ্ট পৰীক্ষা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ উত্তৰ বহী সমূহ সংৰক্ষিত কৰিব লাগিব৷ কাউন্সিলে বিচাৰিলে সময়ত সেই উত্তৰ বহী শিক্ষানুষ্ঠানসমূহে প্ৰদান কৰিব লাগিব৷