Logo
image

২০২৬ চনলৈ বহু পৰিৱৰ্তন হ’ব অসমত! মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী

আমাৰ অসম, ১৬ নৱেম্বৰঃ  ২০২৬ চনলৈ অসমত বহুত পৰিৱৰ্তন হ’ব৷ অসমলৈ আৰু বহু তাৰকাৰ আগমন ঘটিব৷ এই ভাষ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেইবাটাও গৃহ মুকলি কৰি সাংবাদিকৰ আগত তেওঁ এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়৷ নলবাৰীৰ ৰাস উপলক্ষে ড্ৰীমগাৰ্লখ্যাত অভিনেত্ৰী হেমা মালিনী, প্ৰসিদ্ধ অভিনেতা আশ্ৰাণীৰ আগমণ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ আৰু কয়– অসমে আজি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ বহু প্ৰখ্যাত অভিনেতা-অভিনেত্ৰী আগমণ ঘটিছে অসমলৈ৷ এয়া অসমবাসীৰ বাবে আশাব্যঞ্জক কথা৷ ইফালে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অসম বন্ধৰ আহ৩ান জনোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– সাংবাদিকৰ লগত আলোচনা কৰিলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ সমাধান নহয়৷ আমি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে কথা পাতিয়েই আছোঁ৷ আমাৰ মন্ত্ৰীসকলে সময়ে সময়ে এই বিষয়ে আলোচনা কৰি আছে৷ অচিৰেই সমাধান হ’ব ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী চিকিৎসা প্ৰতিষ্ঠান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক  বিশ্বমানৰ চিকিৎসা বিজ্ঞানৰ অধ্যয়ন আৰু সেৱাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে সংযোজিত কেইবাটাও আন্তঃগাঁথনিৰ শুভ উদ্বোধন কৰে৷ উল্লেখ্য,  মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা পাঁচটা নতুন ভৱনৰ ভিতৰত  পাৱাৰ গ্ৰীড কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতাৰ পুঁজিৰ অধীনত ১৩.প্ত কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১৫৬ খন বিছনাযুক্ত অতিথিশালাটো বিশ্ৰাম সদন নামেৰে নামাকৰণ কৰা হৈছে৷ এই অতিথিশালাটোত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন ৰোগীৰ পৰিচাৰকসকলৰ বাবে পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত পৃথক আৱাসৰ সুবিধা উপলব্ধ হ’ব৷ ইয়াৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা খণ্ডৰ উদ্যোগৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত অইল ইণ্ডিয়া লিমিটেডৰ আংশিক বিত্তীয় সাহায্যত ৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ৪৫০ খন আসনযুক্ত এটি অত্যাধুনিক প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰে৷ মহাবিদ্যালয়খনত নতুনকৈ সংযোজন হোৱা ১১.০৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৮৪ খন আসনযুক্ত চ্ছ্ৰ নং আৱাসটোও  মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৩.৩২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নাৰ্ছসকলৰ আৱাস  গৃহ আৰু ২.০৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অধ্যক্ষৰ আৱাস গৃহটোও উদ্বোধন কৰে৷ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই শিক্ষা প্ৰতিষ্ঠানখনত নতুন আন্তঃগাঁথনি সংযোজন হোৱাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যাপক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে৷ এই সংযোজনসমূহে চৰকাৰক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বাবে দীৰ্ঘম্যাদী দৃষ্টিভংগী বাস্তৱায়িত কৰাত বহুখিনি সহায় কৰিব বুলি তেওঁ কয়৷ নতুনকৈ স্থাপন হ’বলগীয়া গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মহানগৰখনে দুখন চিকিৎসা মহাবিদ্যালয় লাভ কৰিলে সম্পদ আৰু সমল বিতৰণত সহায়ক হোৱাই নহয় বিভিন্ন ৰোগৰ চিকিৎসাধীন ৰোগীসকলো অপৰিসীমভাৱে উপকৃত হ’ব৷ মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছাত্ৰ-ছাত্ৰীসকলৰ দীৰ্ঘদিনীয়া খেলপথাৰৰ দাবীক অগ্ৰাধিকাৰ হিচাপে লোৱা হ’ব আৰু অতি সোনকালে সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হ’ব৷ আজিৰ এই অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত বৈশ্যও উপস্থিত থাকে৷