Logo
image

গুৱাহাটী অভিমুখে কংগ্ৰেছৰ ভাৰত জোড়ো সমদল

আমাৰ অসম, ১৬ নৱেম্বৰঃ বিজেপিৰ জনবিৰোধী নীতি সন্দৰ্ভত ৰাজ্যবাসীক সজাগ কৰাৰ উদ্দেশ্য লৈ পহিলা নৱেম্বৰত ধুবুৰীত আৰম্ভ কৰা প্ৰদেশ কংগ্ৰেছ ‘ভাৰত জোড়ো যাত্ৰা’ আহি আছে কামৰূপ মহানগৰ জিলা অভিমুখে৷ কাইলৈ পুৱা ৮.৩০ বজাত জালুকবাৰীস্থিত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত বৰেণ্য ব্যক্তিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই ভাৰত জোড়ো যাত্ৰা মুকলি কৰিব প্ৰদেশ  কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ ইয়াৰ পাছত অৰ্থাৎ পুৱা ৯ বজাত কংগ্ৰেছ নেতৃত্বই সেৱা জনাব শুৱালকুছিৰ শ্ৰীশ্ৰী হাটী সত্ৰত৷ ৯.২০ বজাত শুৱালকুছিৰ গান্ধী মণ্ডপত পুষ্পমাল্য অৰ্পণ কৰিব প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই৷ ১০.৩০ বজাত শিঙিমাৰী চ’কৰ পৰা আমি নগাঁও দ্বিত উপায়ুক্তৰ কাৰ্যালয়লৈ পদযাত্ৰা উলিওৱা হ’ব৷ বৃহস্পতি আৰু শুকুৰবাৰে দুদিনীয়াকৈ গুৱাহাটী মহানগৰীত উলিওৱা হ’ব ভাৰত জোড়ো যাত্ৰা৷ উল্লেখ্য, ১৪ নৱেম্বৰত বিয়লি কামৰূপ [গ্ৰাম্য] জিলাত পদযাত্ৰাৰ কাৰ্যসূচী সমাপ্ত হৈছিল আৰু ছয় জনগোষ্ঠীৰ ‘অসম বন্ধ’ৰ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত  ১৫ নৱেম্বৰৰ পদযাত্ৰা কাৰ্যসূচী স্থগিত ৰখা হৈছিল৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত ১ নৱেম্বৰত ধুবুৰীৰ গোলকগঞ্জত আৰম্ভ কৰা পদযাত্ৰাই ইতিমধ্যে ধুবুৰী, বঙাইগাঁও, বৰপেটা, নলবাৰী আৰু কামৰূপ [গ্ৰাম্য] জিলা অতিক্ৰম কৰিছে আৰু বিগত ১৪ দিনত প্ৰায় ১৫০ কিলোমিটাৰ বাট পদব্ৰজে অতিক্ৰম কৰিলে৷ এই যাত্ৰাত প্ৰতিদিনে বৰাৰ সৈতে ১২০জনীয়া এটা স্থায়ী পদযাত্ৰীৰ দলে যাত্ৰা কৰিছে আৰু প্ৰায় প্ৰতিদিনে গৌৰৱ গগৈ, আব্দুল খালেক, প্ৰদু্যত বৰদলৈ, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰ, ৰাণা গোস্বামী, দীপ বায়ন, ৰামান্না বৰুৱা, বিভিন্ন সমষ্টিৰ বিধায়কসকল, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া, বিভিন্ন জিলা কংগ্ৰেছৰ নেতৃত্ব আৰু কৰ্মকৰ্তা, দলৰ বিভিন্ন বিভাগ আৰু কোষৰ মুৰব্বীসকল, ভাতৃ-ভগ্নী সংগঠনৰ নেতৃত্ব তথা সদস্য-সদস্যাসকলে অংশগ্ৰহণ কৰিছে৷