Logo
image

আপাৰ দিহিং বনাঞ্চল ঘেৰাও কৰি ৰাখিছে সেনাই

আমাৰ অসম, ১৬ নৱেম্বৰঃ  বিদ্ৰোহী সংগঠন আলফা স্বাধীনে ২৮ নৱেম্বৰৰ প্ৰতিবাদ দিৱসৰ লগত সংগতি ৰাখি ‘অপাৰেশ্বন লক্ষীপথাৰ’ৰ জৰিয়তে সোমবাৰে আপাৰ দিহিং বনাঞ্চলত সেনাৰ বাহনৰ ওপৰত আইইডি বিস্ফোৰণ ঘটনাইছিল বুলি দাবী কৰিছে৷ উক্ত এম্বুছত সেনাৰ ১৮নং গাৰোৱাল ৰেজিমেণ্টৰ বহুকেইজন জোৱান আহত হোৱা বুলিও দাবী কৰিছে বিদ্ৰোহী সংগঠনটোৱে৷ অৱশ্যে আলফাই   ‘অপাৰেশ্বন লক্ষীপথাৰ’ৰ কথা প্ৰকাশ কৰিলেও সেনাৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱা ৫জনীয়া উগ্ৰপন্থীৰ দলটোৰ সন্ধানত সমগ্ৰ আপাৰ দিহিং বনাঞ্চল ঘেৰাও কৰি মঙলবাৰে দ্বিতীয় দিনাও অভিযান অব্যাহত ৰাখিছে সেনা-আৰক্ষীয়ে৷ ইফালে, আইইডি বিস্ফোৰণটোত জড়িত থকাৰ সন্দেহত মঙলবাৰে সেনা-আৰক্ষীয়ে স্থানীয় যুৱক মাইনা বুঢ়াগোহাঁইক আটক কৰি সোধা-পোছা কৰিছিল যদিও পাছত ঘৰলৈ যাবলৈ দিয়ে৷ সেনাৰ এই অভিযানৰ ফলত সমগ্ৰ ফিলবাৰী অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে৷ ইফালে, ‘অপাৰেশ্বন লক্ষীপথাৰ’ৰ অধীনত সেনাৰ ওপৰত আক্ৰমণ কৰাৰ দায়িত্ব স্বীকাৰ কৰি মঙলবাৰে এটা ই-মেইল বিবৃতিত আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে কয়–  ‘১৪ নৱেম্বৰৰ পুৱা প্ৰায় ৭.৪৫ বজাত সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ সেনানীৰ দ্বাৰা ‘অপাৰেশ্বন লক্ষীপথাৰ’ৰ জৰিয়তে ডিগবৈ-পেঙেৰী বনাঞ্চলত ঔপনিৱেশিক ভাৰতীয় দখলদাৰী বাহিনীৰ ১৮নং গাৰোৱাল ৰেজিমেণ্টৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযানত দখলকাৰী বাহিনীৰ এখন এণ্টি মাইন কেস্পায়াৰ বাহন ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি বহুকেইজন সেনা জোৱান আহত হয়৷ অৱশ্যে দখলদাৰী বাহিনীয়ে মুখলজ্জা ঢাকিবৰ বাবে ক্ষতিগ্ৰস্ত বাহন আঁতৰাই নিয়াৰ লগতে আহত সেনা-জোৱানকেইজনৰ তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু সাংবাদিকসকলক ঘটনাস্থলীত প্ৰৱেশত বাৰণ কৰে৷ যাৰ পৰিপ্ৰেক্ষিতত সাংবাদিকে প্ৰকৃত তথ্য লাভৰ পৰা বঞ্চিত হয় যদিও ঘটনাস্থলীত পোৱা তেজৰ চেকুৰাই সেনা-জোৱানসকলক আহত হোৱাৰ প্ৰমাণ দিয়ে৷ অসমৰ বুৰঞ্জীত ক’লা আখৰেৰে লিখা এটা দিন হৈছে ২৮ নৱেম্বৰ৷ যিটো দিন ‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]’ সংগঠনে ‘প্ৰতিবাদ দিৱস’ হিচাপে পালন কৰি আহিছে৷ সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ লগতে অসমৰ থলগিৰি জনগণৰ ওপৰত ভাৰতীয় দখলদাৰী বাহিনীয়ে বৰ্বৰোচিত শাৰীৰিক-মানসিক অকথ্য অত্যাচাৰ চলোৱা এই দিনটো সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ লগতে অসমৰ থলগিৰি মুক্তিকামী জনগণে কেতিয়াও পাহৰিব নোৱাৰে৷ সেয়েহে আগন্তুক ‘প্ৰতিবাদ দিৱস’ৰ সৈতে সংগতি ৰাখিয়েই সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ সেনানীৰ দ্বাৰা ভাৰতীয় দখলদাৰী বাহিনীৰ বিৰুদ্ধে সোমবাৰে উক্ত সামৰিক অভিযান চলোৱা হয়৷’ অৱশ্যে আলফাই উক্ত আক্ৰমণত সেনা-জোৱান আহত হোৱা বুলি দাবী কৰিছে যদিও আলফাৰ দাবীক অগ্ৰাহ্য কৰি সেনাৰ সূত্ৰই কোনো জোৱান হতাহত হোৱা নাই বুলিহে প্ৰকাশ কৰিছে৷