Logo
image

সন্ধান ওলাল আপৰ অপহৃত প্ৰাৰ্থীৰ : সন্ধান ওলোৱাৰ পিছতেই মনোনয়ন প্ৰত্যাহাৰ কাঞ্চন জাৰিৱালাৰ

ডিজিটেল ডেস্ক : গুজৰাটৰ আপৰ অপহৃদ প্ৰাৰ্থীৰ সন্ধান ওলাল৷ আম আদমী পাৰ্টিৰ চুৰাট পূবৰ প্ৰাৰ্থী কাঞ্চন জাৰিৱালাৰ সন্ধান ওলোৱাৰ পাছতে  আৰঅ' কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন প্ৰত্যাহাৰ কৰে। দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা মনীষ চিছোদিয়াই বিজেপিৰ বিৰুদ্ধে কাঞ্চন জাৰিৱালাক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। মনীষ চিছোদিয়াই কয়, "এতিয়া ৫০০ আৰক্ষীয়ে তেওঁক ঘেৰি ধৰি আৰঅ' কাৰ্যালয়লৈ লৈ আহিছে। তেওঁক মনোনয়ন প্ৰত্যাহাৰ বাধ্য কৰা হৈছে। মই নিৰ্বাচন আয়োগক ক'ব বিচাৰো যে ৰাজহুৱাভাৱে গণতন্ত্ৰৰ ওপৰত লুণ্ঠন চলোৱা হৈছে।"

বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি মনীষ চিছোদিয়াই কয় যে গুজৰাটত বিজেপিয়ে নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হ'ব আৰু এই পৰাজয়ৰ ফলত বিজেপি বিচলিত হৈছে। বিজেপিয়ে আম আদমী পাৰ্টিৰ চুৰাট পূবৰ প্ৰাৰ্থী কাঞ্চন জাৰিৱালাজীক অপহৰণ কৰিছে। কাঞ্চন আৰু তেওঁৰ পৰিয়াল কালিৰ পৰা সন্ধানহীন হৈ আছে। কালি তেওঁ মনোনয়ন পত্ৰ পৰীক্ষা কৰিবলৈ কাৰ্যালয়লৈ গৈছিল। পৰীক্ষাৰ পিছত তেওঁ ওলাই অহাৰ লগে লগে বিজেপিৰ গুণ্ডাসকলে তেওঁক অপহৰণ কৰে। নিৰ্বাচন আয়োগ নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জনাজাত। এনে পৰিস্থিতিত যদি প্ৰাৰ্থীজনক অপহৰণ কৰা হৈছে, তেন্তে নিৰপেক্ষতা ক'ত বাকী আছে? বিজেপিয়ে গণতন্ত্ৰ অপহৰণ কৰিছে, আপৰ প্ৰাৰ্থীক নহয়।"

আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কয় যে চুৰাট (পূব)ৰ পৰা আপৰ প্ৰাৰ্থী কাঞ্চন জাৰিৱালা আৰু তেওঁৰ পৰিয়াল কালিৰ পৰা সন্ধানহীন হৈ আছে। প্ৰথমে বিজেপিয়ে তেওঁৰ মনোনয়ন বাতিল কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁৰ মনোনয়ন গ্ৰহণ কৰা হয়। পিছত তেওঁক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ হেঁচা দিয়া হৈছিল। তেওঁলোকক অপহৰণ কৰা হৈছে নেকি বুলি প্ৰশ্ন কৰে কেজৰিৱালে৷

গুজৰাটত ১ ডিচেম্বৰত ৮৯ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু দ্বিতীয় পৰ্যায়ত ৫ ডিচেম্বৰত ৯৩ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব। ভোটগণনা ৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব। আম আদমী পাৰ্টীয়ে মঙলবাৰে গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে চাৰিজন প্ৰাৰ্থীৰ ১৭ সংখ্যক তালিকা প্ৰকাশ কৰিছে। এই তালিকাৰ লগতে, আপে ইতিমধ্যে ৰাজ্যখনৰ ১৮২ জনীয়া বিধানসভাৰ এখন আসনৰ বাহিৰে সকলো আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলে কেৱল এখন আসন অৰ্থাৎ ভাৱনগৰ পশ্চিমৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই।