Logo
image

জনজাতীয় সুৰা হানিকাৰক নহয়ঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আমাৰ অসম, ১৬ নৱেম্বৰঃ ৰাজহ ঘাটি জোৰা মৰাৰ বাবে ৰাজ্যৰ অলিয়ে-গলিয়ে নতুনকৈ ৭০০খন বিলাতী সুৰাৰ অনুজ্ঞাপত্ৰ দিবলৈ দিছপুৰে প্ৰস্তুতি চলোৱাৰ সময়তে জনজাতীয় সুৰাৰ সংজ্ঞা দাঙি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ জনজাতীয় পানীয় মদৰ সংজ্ঞাত নাহে বুলিও স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে৷ মঙলবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিয়ে বিৰছা মুণ্ডাৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা জনজাতীয় গৌৰৱ দিৱসত অংশ লৈ মুখ্যমন্ত্ৰীয়ে জনজাতীয় পানীয় সেৱনৰ বিপক্ষে কথা কোৱাৰ অধিকাৰ নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে জনজাতীয় সুৰা হানিকাৰক নহয় বুলি মত ব্যক্ত কৰি কয়– ‘জনজাতীয় লোকসকলে যি পানীয় ব্যৱহাৰ কৰে সেয়া মদৰ সংজ্ঞাত নাহে৷ এই পনীয়বিধ হৈছে হেৰিটেজ লিকাৰ৷ কিয়নো আমি হাজাৰ হাজাৰ বছৰ  ধৰি জনজাতীয় পানীয় সেৱন কৰি আহিছোঁ৷ হাজাৰ হাজাৰ বছৰ এই পানীয় খায় থকাৰ বাবে অজনজাতীয় লোকতকৈ জনজাতীয় লোকসকলৰ স্বাস্থ্য বেছি ভালে আছে৷ জনজাতীয়সকল যেনেদৰে আছে, তেনেদৰে ধৰ্মীয়-সংস্কৃতি ৰক্ষা কৰিব দিব লাগে৷ ট্ৰাইবেল লিকাৰসমূহ সঁচায়ে যদি শুদ্ধ নিয়ম অনুসৰি প্ৰস্তুত কৰে, তেতিয়া কোনো মানুহৰ ক্ষতি হ’ব নোৱাৰে৷ কিয়নো এই সুৰাৰ বাবে নৰকাসুৰৰ দিনৰ পৰা আজিলৈকে মানুহৰ ক্ষতি হোৱা নাই৷ এই কথাবিলাক ওলোটাকৈ বুজাই বুজাই এচাম লোকে আমাৰ জনজাতীয় ধৰ্মীয় কলা-কৃষ্টি-সংস্কৃতি নষ্ট কৰিব বিচাৰে৷ আমাৰ কোনোবাই এতিয়া যদি কয়– আহক কোনো গাঁৱত গৈ জানজাতীয় লোকসকলক মদ খোৱাৰ বিপক্ষে প্ৰচাৰ চলাও৷ সেইটো মোৰ কাম নহয়৷ জনজাতীয় পানীয় উৎসৰ্গা কৰি আমি ভগৱানক উপাসনা কৰিছোঁ৷ এই পানীয় আমাৰ লোক কৃষ্টিত ব্যৱহাৰ কৰিছোঁ৷ কেতিয়াবা যদি কিবা এটা পৰিৱৰ্তন লাগে, সেয়া সমাজে পৰিৱৰ্তন কৰিব৷ দেউৰীসকলে কৰিব, মিচিং-বড়োসকলে পৰিৱৰ্তন কৰিব৷ পৰিৱৰ্তনৰ ভাষণ দিয়া মোৰ কাম নহয়৷ মই এনে সুৰাৰ বিপক্ষে কোৱা মানে পৰোক্ষভাৱে বিদেশী সুৰাৰ বাবেহে প্ৰচাৰ চলোৱা হ’ব– আপুনি থলুৱা জনগোষ্ঠীয় সুৰা বাদ দিয়ক আৰু বিদেশী সুৰা পান কৰক৷ তাৰ মানে কোম্পানীক ধনী কৰি কোম্পানীয়ে প্ৰস্তুত কৰা মদ খাওঁক৷ কোম্পানীৰ মদত অমৃত সোমাই আছে আৰু জনগোষ্ঠীয় পানীয়ত কি বিষ সোমাই আছে? সেয়া ভুল৷ সেয়েহে জনজাতীয় মদ নাখাব বুলি কোৱাৰ মোৰ অধিকাৰ নাই৷’ ‘জনজাতীয় গৌৰৱ দিৱস’ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে অৰ্থনৈতিক আন্দোলন আৰু সাংস্কৃতিক বিপ্লৱক লৈ জনজাতীয় সমাজে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল৷ কিন্তু ধৰ্ম, ঐতিহ্য, সংস্কৃতি পৰিবৰ্তন কৰিবলৈ বৰ্তমান আমাৰ সমাজত অহৰহ হেঁচা অব্যাহত আছে৷ লোক সংস্কৃতি আৰু ধৰ্ম দুটা পৃথক ব্যবস্থা নহয়৷ বড়ো কাৰ্বিসকলৰ নৃত্য মূলতঃ ভগৱানক উপাসনা কৰা নৃত্য৷ তথাপি এচামে বুজাব খোজে ধৰ্ম বেলেগ আৰু সংস্কৃতি বেলেগ৷ মহান স্বাধীনতা সংগ্ৰামী বীৰছা মুণ্ডাই জনজাতীয় সমাজৰ অধিকাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তুলিছিল৷ বিহুত থকা ৰাম-কৃষ্ণৰ নামকেইটা আজি এচামে নোহোৱা কৰিব খোজে৷ বৰগীতৰ সুৰত বেলেগ ধৰ্মৰ উপাসনা চলিছে৷ সংস্কৃতিৰ মেৰুদণ্ড ভাঙি দিয়াৰ বাবে এচাম লোকে প্ৰচেষ্টা চলাইছে৷  শংকৰদেৱে বৰগীত কৃষ্ণ উপাসনাৰ বাবেহে সৃষ্টি কৰিছিল৷ বড়োসকলৰ নৃত্য বাথৌ দেৱতাক উপাসনা কৰিবৰ বাবেহে সৃষ্টি হৈছিল৷ নৃত্য একে ৰাখি যদি তাৰ পৰা বাথৌক নোহোৱা কৰি দিও তেন্তে প্ৰাণটো নোহোৱা কৰি শৰীৰটো ৰখাৰ দৰে হ’ব৷ তেতিয়া আমি সম্পূৰ্ণ মানুহ হ’ব নোৱাৰিম৷ সেয়েহে জনজাতীয় লোকসকলক এইক্ষেত্ৰত সাৱধান হ’বলৈ আহ্বান জনায়৷ মুখ্যমন্ত্ৰী  শৰ্মাই কয় যে স্বাধীনতাৰ ৭৫ বছৰ পিছত জনজাতীয় লোকসকলক ভূমিৰ অধিকাৰক মান্যতা দিবলৈ অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে৷ মিছন বসুন্ধৰা -২.০ ৰ জৰিয়তে জনজাতীয় পৰিয়াল এটাক ৫০ বিঘা পৰ্যন্ত ভূমি পট্টন দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ কিন্তু এটা পৰিয়ালৰ যদি দুজন বিবাহিত সন্তান থাকে তেন্তে ১০০ বিঘালৈকে মাটি পাব পাৰিব৷  বীৰছা মুণ্ডা নামৰ এটি প্ৰতিবাদী কণ্ঠ, এটি দূৰদৰ্শী চিন্তা চিৰ জাগ্ৰত কৰি ৰাখিবলৈ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে যি পদক্ষেপ আৰম্ভ কৰিছে সেয়া আদৰণীয়৷ আমাৰ জাতীয় জীৱনৰ এনেবোৰ নায়কক পুনৰুজ্জীৱিত কৰি তোলাৰ মাজেৰে আমি আমাৰ দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখিব লাগিব অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, জনজাতি কল্যাণ আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেণ্ড, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, দলৰ ৰাষ্ট্ৰীয় নেতা অৰুণ ওৰাং, সাংসদ হৰেন সিং বে ‘বিধায়ক নৱ দলে, ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি শিৱ নাথ ব্ৰহ্ম প্ৰমুখ্যে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্য আৰু দলৰ বিষয়-ববীয়াসকল উপস্থিত থাকে৷