Logo
image

কংগ্ৰেছত সন্দেহৰ ছাঁ, অন্তৰ্কন্দল! কোন কোন নেতা যাব বিজেপিলৈ?

আমাৰ অসম, ১৬ নৱেম্বৰঃ এটা বিশেষ বিষয়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যক কেন্দ্ৰ কৰি তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে অন্তৰ্কন্দলত জৰ্জৰিত অসম প্ৰদেশ কংগ্ৰেছৰ সদৰ ৰাজীৱ ভৱনত৷ যোৱা শনিবাৰে ‘হিন্দুস্তান টাইম্‌ছ লিডাৰশ্বিপ ছামিট’ত অংশ লৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই দাবী কৰিছিল যে কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচনত যি হাজাৰোধিক নেতাই শশী থাৰুৰক ভোটদান কৰিছিল তেওঁলোকে অহা ৬ মাহৰ পৰা এবছৰৰ ভিতৰত বিজেপিত যোগদান কৰিব৷ মুখ্যমন্ত্ৰীৰ এই দাবীক কেন্দ্ৰ কৰি অসম কংগ্ৰেছত সন্দেহৰ ছাঁ গা কৰি উঠিছে৷ অসমৰ কোন কোন নেতা বিজেপিলৈ যাব? উল্লেখ্য, কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা শশী থাৰুৰৰ অন্যতম প্ৰস্তাৱক আছিল নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ৷ শশী থাৰুৰ অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ সময়ত দলীয় নিয়ম অনুসৰি তেওঁক সহযোগিতা কৰিছিল সাংসদ বৰদলৈয়ে৷ আনহাতে, সভাপতি পদৰ অন্যজন প্ৰাৰ্থী মল্লিকাৰ্জুন খৰ্গেৰ অন্যতম প্ৰস্তাৱক আছিল বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু বিধায়ক ৰকিবুল হুছেইন৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ এই দাবী যদি সঁচা হয় তেন্তে সাংসদ বৰদলৈ বিজেপিলৈ যাব নেকি? উল্লেখ্য, লোকসভাৰ আগন্তুক নিৰ্বাচনত অসমত মিছন ১২+ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপি দলে৷ বৰ্তমান কংগ্ৰেছৰ দখলত থকা বৰপেটা, নগাঁও আৰু কলিয়াবৰ সমষ্টি নিজৰ দখললৈ অনাৰ লক্ষ্য বান্ধি লৈছে বিজেপিয়ে৷ ইয়াৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক বিশেষভাৱে দায়িত্ব অৰ্পণ কৰা হৈছে৷ কেন্দ্ৰীয় মন্ত্ৰীজনে শেহতীয়াভাৱে সঘনে এই সমষ্টি তিনিটা ভ্ৰমণ কৰি দলৰ সাংগঠনিক তৎপৰতা অধিক বৃদ্ধি কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাই লগতে আৰু কৈছিল যে গান্ধী পৰিয়ালৰ সমৰ্থিত প্ৰাৰ্থী মল্লিকাৰ্জুন খৰ্গে সভাপতি পদত নিৰ্বাচনত জয়ী হোৱাত কংগ্ৰেছ দললৈ গণতন্ত্ৰ উভতি অহাৰ সম্ভাৱনা শেষ হ’ল৷ ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে– প্ৰদ্যুৎ বৰদলৈ আৰু হিমন্ত বিশ্ব শৰ্মা দীঘলীয়া সময় ধৰি তৰুণ গগৈ মন্ত্ৰীসভাক একেলগে থাকি কাম কৰিছে৷ দুয়োজনৰ মাজৰ সম্পৰ্ক যথেষ্ট সৌহাদ্যপূৰ্ণ৷ তেন্তে নিজৰ সাংসদ পদ ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছ ত্যাগ কৰি প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ যাব নেকি? নে সকলো ৰাজনৈতিক সমীকৰণ জানি-বুজিয়েই মুখ্যমন্ত্ৰী ড॰ শৰ্মাই শশী থাৰুৰৰ সমৰ্থকসকলৰ ক্ষেত্ৰত এই ভৱিষ্যদ্বাণী কৰিছে? ইয়াক লৈ এতিয়া সন্দেহৰ পৰিৱেশ সৃষ্টি হৈছে প্ৰদেশ কংগ্ৰেছত৷ আনহাতে, অসমত চলি থকা ভাৰত জোড়ো কাৰ্যসূচীত সাংসদ বৰদলৈৰ অনুপস্থিতিৰ বিষয়টো দলৰ আভ্যন্তৰত যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰিছে৷ আজি দলৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱ পুৰকায়স্থই আনকি এই সন্দৰ্ভত স্থিতি স্পষ্টও কৰিবলগীয়া হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰা মতে যদি সাংসদ বৰদলৈ বিজেপিলৈ যায় তেন্তে তেওঁৰ সৈতে কংগ্ৰেছৰ আৰু কোন কোন ৰথী-মহাৰথী বিজেপিলৈ যাব? এয়া এই মুহূৰ্তত নিঃসন্দেহে এটা গুৰুত্ব প্ৰশ্ন৷ লক্ষণীয়ভাৱে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে তেওঁৰ বিজেপিত যোগদানৰ সম্ভাৱনা ইতিমধ্যে নুই কৰিছে৷