Logo
image

কোনে কৰিছিল আক্ৰমণ? : পোলেণ্ডত মিছাইল আক্ৰমণ ইউক্ৰেইনে কৰা বুলি দাবী ৰাছিয়াৰ

ডিজিটেল ডেস্ক : পোলেণ্ডত মিছাইল আক্ৰমণ সন্দৰ্ভত ৰাছিয়াৰ সংসদৰ পৰা বিবৃতি জাৰি কৰা হৈছে। পোলেণ্ডত হোৱা আক্ৰমণত ৰাছিয়া জড়িত নহয় বুলি স্পষ্টভাৱে কোৱা হৈছে বিবৃতিটোত। এই মিছাইল আক্ৰমণ ইউক্ৰেইনে কৰা বুলি দাবী কৰিছে ৰাছিয়াই৷ মিছাইল আক্ৰমণত দুজন লোকৰ মৃত্যুৰ বাবে ইউক্ৰেইনক দোষাৰোপ ৰাছিয়াই।

পোলেণ্ডত এই বিস্ফোৰণ পথাৰত নিৰ্মিত এটা অট্টালিকাত সংঘটিত হৈছিল। আক্ৰমণৰ ফলত দুজন লোক নিহত হয়। পোলেণ্ডত হোৱা মিছাইল আক্ৰমণৰ ফলত ৰাছিয়া-ইউক্ৰেইনৰ সংঘৰ্ষ বৃদ্ধি হোৱাৰ উদ্বেগ প্ৰকাশ কৰা হৈছে। পোলেণ্ডত হোৱা বিস্ফোৰণৰ পিছত নাটো সামৰিক সংগঠনৰ ৰাষ্ট্ৰদূতসকলে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে। ইয়াৰ লগতে পোলেণ্ডে সামৰিক বাহিনীক হাই এলাৰ্টত থকাৰ নিৰ্দেশ দিছে।

উল্লেখ্য,  ৰাছিয়াই মঙলবাৰে ইউক্ৰেইনৰ কেইবাখনো চহৰত মিছাইল নিক্ষেপ কৰাৰ সন্দেহ কৰা হৈছে। এই আক্ৰমণৰ সময়ত ৰাছিয়াৰ মিছাইলৰ পোলেণ্ডত বিস্ফোৰণ হোৱাৰ সন্দেহ কৰা হৈছে। কিন্তু শেহতীয়াকৈ এই সমগ্ৰ ঘটনাক লৈ ৰাছিয়াই দাবী কৰিছে যে পোলেণ্ডত মিছাইল আক্ৰমণত ৰাছিয়া জড়িত নহয় আৰু এই মিছাইল আক্ৰমণ ইউক্ৰেইনে কৰা বুলি দাবী কৰিছে ৰাছিয়াই৷