Logo
image

বিশ্বকাপ ফুটবলত আইছিছৰ ভয়ংকৰ কূটাঘাতৰ আশংকা

আমাৰ অসম, ১৭ নৱেম্বৰঃ স্বৰ্ণকেশী বান্ধবীৰ উন্মুক্ত কঁকালৰ ভাঁজত বাঁওহাত আৰু সোঁহাতত বীয়েৰৰ মাগ লৈ বিশ্বকাপ ফুটবলৰ মেচ উপভোগ কৰাটো চিৰপৰিচিত দৃশ্য৷ ইউৰোপৰ  পৰা আমেৰিকালৈ, ব্ৰাজিলৰ পৰা ৰাছিয়ালৈ– কেমেৰাৰ ভাৰ্জিন ট্যুৰত গেলাৰীৰ দৰ্শকক সোণালী চুলিৰ তন্বীৰ কঁকালৰ খাজত হাত থৈ বীয়েৰ পান কৰি বিশ্বকাপ উপভোগ কৰা দৃশ্যই সদাই টেলিভিছনৰ দৰ্শকক উত্তেজিত কৰি আহিছে৷ কিন্তু আপুনি যদি কাতাৰত এইবাৰৰ ফিফা বিশ্বকাপ উপভোগ কৰিবলৈ যায় আৰু আপোনাৰ  লগত যদি থাকে কোনো স্বৰ্ণকেশী ব্লণ্ড, তেন্তে দৰ্শক হৈয়ো আপুনি সাৱধান হ’বই লাগিব৷ সুন্দৰী বান্ধবীৰ কঁকালত হাত থোৱা অথবা বীয়েৰ পান– দুয়োটাতে৷ আৰু যদি আপুনি কেৱল টিভিৰহে দৰ্শক, তেন্তে আপুনি হা-হুমুনিয়াহ কাঢ়ি কেৱল মেচৰ বিশ্লেষণতে ব্যস্ত থাকিব লাগিব, মন উতনুৱা কৰা এনে দৃশ্যৰ পৰা বঞ্চিত হোৱাটো খাটাং৷ কিয়নো মৰুৰ দেশ কাতাৰত ফুটবল বিশ্বকাপ হ’ব কঠোৰ ইছলামিক আইনৰ অধীনত, য’ত সুৰাপান কৰাটো নিষিদ্ধ৷ আৰু ৰাজহুৱা স্থানত কেনো সুন্দৰীৰ সৈতে ইমান ঘনিষ্ঠ হোৱাটোও কাতাৰত নিষেধ৷ টিউব টপ পৰিধান কৰি কঁকালৰ ভাঁজ প্ৰদৰ্শন কৰাটো গেলাৰীত নৈব নৈব চঃ৷ যদিও ইছলামিক দেশ কাতাৰত সুৰাপান, বীয়েৰ পান নিষিদ্ধ, বিশ্বকাপ ফুটবলৰ বাবে দেশখনৰ প্ৰশাসনে এই নিয়মত সামান্য শিঠিলতা আনিছে৷ সেয়া কেৱল বিদেশী আৰু প্ৰাপ্ত বয়স্ক দৰ্শকৰ ক্ষেত্ৰত আৰু বহু পৰিমাণৰ ধনৰ বিনিময়ত৷ বিশ্বকাপৰ এমাহত, অহা দেওবাৰৰ পৰা কাতাৰৰ যি হোটেলত বিদেশী দৰ্শক, অভ্যাগত থাকিব সেই হোটেলত বীয়েৰ, সুৰা বিক্ৰী কৰা হ’ব৷ অভ্যাগতে পাছপ’ৰ্ট দেখুৱাইহে ক্ৰয় কৰিব পাৰিব সুৰা, বীয়েৰ৷ ষ্টেডিয়ামৰ গেলাৰীলৈও কেৱল বিদেশী দৰ্শকে বীয়েৰৰ মাগ বা কেন লৈ প্ৰৱেশ কৰিব পাৰিব, তাকো সীমিত পৰিমাণত৷ এটা বিশেষ কোম্পানীক কাতাৰৰ প্ৰশাসনে ষ্টেডিয়ামৰ বাহিৰত বিদেশী দৰ্শকৰ বাবে বীয়েৰ বিক্ৰীৰ অনুমতি দিছে, য’ৰ ৫০০ মিলিলিটাৰ বীয়েৰৰ মূল্য ৯৭৫ টকা৷ তাতো যদি ২১ বছৰ বয়সৰ তলৰ কোনো কিশোৰ-কিশোৰীয়ে বীয়েৰ কিনি ধৰা পৰে তেন্তে তেওঁৰ শাস্তি নিৰ্ঘাত৷ তদুপৰি এজন দৰ্শকে, প্ৰাপ্তবয়স্ক হ’লেও সৰ্বাধিক চ্ছ্ৰটাহে বীয়েৰৰ বটল ক্ৰয় কৰিব লাগিব৷ ততোধিক নহয়৷

বিশ্বৰ প্ৰায় ১২ লক্ষ ফুটবলপ্ৰেমীয়ে কাতাৰ বিশ্বকাপ উপভোগ কৰিবলৈ দেশখনলৈ আহিব৷ সাধাৰণতে অধিক দৰ্শক আহে ইউৰোপ আৰু লেটিন আমেৰিকাৰ পৰা৷ দৰ্শক আহে আমেৰিকা আৰু আফ্ৰিকাৰ পৰাও৷ তেওঁলোক প্ৰত্যেকেই মুক্ত চিন্তা, মুক্ত আচৰণত বিশ্বাসী৷ এই ফুটবল পৰ্যটক প্ৰায় সকলোৱেই আহে সংগীনি লৈ, এমাহ মুক্ত বিচৰণৰ বাবে৷ সেয়ে বিশ্বকাপ ফুটবল আয়োজন কৰা দেশত এমাহ সময় বাটে পথে সংগিনীক লৈ ঘূৰি ফুৰা দেখা যায় তেনে অনুৰাগীক৷ সংগিনীৰ প্ৰতি তেওঁলোকৰ আচৰণো হয় খোলা-মেলা৷ পিছে কাতাৰত তেনে খোলা-মেলা আচৰণৰ কোনো অনুমতি নাই৷ ৰাজহুৱা স্থানত বান্ধৱীৰ সৈতে ঘনিষ্ঠভাৱে থাকিলেই বিপদ৷ যদিহে কোনো বিদেশীয়ে ৰাজহুৱা স্থানত বান্ধৱীক চুম্বন কৰে তেন্তে তেওঁৰ মহা বিপদ৷ দুয়োটা ক্ষেত্ৰতে ইছলামিক আইন অনুসৰি শাস্তিৰ সন্মুখীন হ’ব বিদেশী আগন্তুক৷ প্ৰকাশ্য চুম্বন কাতাৰত শাস্তিযোগ্য অপৰাধ৷ সেয়ে দলৰ বিজয়ত গেলাৰীত কিম্বা ৰাজপথত তেনে আচৰণ কৰা, প্ৰকাশ্য চুম্বন কৰা বিদেশীক কাতাৰৰ ইছলামিক আইন অনুসৰি সাস্তি প্ৰদান কৰা হ’ব৷

অহা দেওবাৰৰ পৰা আৰম্ভ হ’বলগীয়া ২৮ দিন জোৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাক লৈ বিশ্বজুৰি প্ৰবল উন্মাদনাৰ সৃষ্টি হৈছে৷ দেওবাৰে উদ্বোধনী মেচখনত আয়োজক দেশ কাতাৰে ইকুৱেডৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব৷ প্ৰায় এমাহজোৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাখনৰ সকলো আয়োজন কাতাৰে নিৰ্দিষ্ট সময়ৰ পূৰ্বেই সম্পূৰ্ণ কৰি তুলিছে৷ এই সময়ছোৱাত দেশখনলৈ ১২ লাখ ফুটবল অনুৰাগীৰ আগমন ঘটিব৷ সফলভাৱে প্ৰতিযোগিতাখন আয়োজন কৰাটো কাতাৰৰ বাবে এক বৃহৎ প্ৰত্যাহ৩ান৷ খেলৰ পৰিচালনাৰ বাবে সকলো দায়িত্ব ল’বলৈ ফিফাৰ কৰ্মকৰ্তা আহিব, তাত সন্দেহ নাই৷ কিন্তু এয়া এক বিৰাট আয়োজন৷ সেই আয়োজন সফলভাৱে সম্পন্ন কৰাটো কঠিন৷ অৱশ্যে সকলো প্ৰত্যাহ৩ান গ্ৰহণ কৰি কাতাৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত ষ্টেডিয়াম, হোটেল, অন্যান্য আন্তঃগাঁথনি নিৰ্মাণ কৰি উলিয়াইছে৷ কিন্তু প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ ঠিক আগমুহূৰ্তত কাতাৰ বিশ্বকাপত নৃশংস সন্ত্ৰাসবাদী সংগঠন আইছিছ বা আই এছে ভয়ংকৰ কূটাঘাতৰ ঘটনা সংঘটিত কৰিব বুলি খবৰ প্ৰকাশ পোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এখন স্পেনিছ সংবাদপত্ৰই এই ভয়ংকৰ খবৰটো প্ৰকাশ কৰিছে৷ স্পেনিছ সংবাদপত্ৰখনৰ খবৰ অনুযায়ী কিছু সংখ্যক আইছিছ সমৰ্থকে টেলিগ্ৰাম এপৰ জৰিয়তে কূটাঘাতৰ আহ৩ান জনোৱাৰ খবৰ তেওঁলোকে লাভ কৰিছে৷ বিশ্বকাপ চলি থকাৰ সময়তে ভয়ংকৰ কূটাঘাত সংঘটিত কৰিবলৈ আইছিছ সাজু হৈছে৷ বিশ্বকাপৰ সময়ত কূটাঘাত সংঘটিত কৰিলে তেনে সংগঠনে বিশ্বজোৰা প্ৰচাৰ লাভ কৰে৷ সেই প্ৰচাৰৰ লোভতে আৰু তাৰ জৰিয়তে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰাৰ সুযোগ থকাৰ বাবেই আইছিছে কাতাৰ বিশ্বকাপত কূটাঘাতৰ পৰিকল্পনা হাতত লৈছে৷ উল্লেখ্য, মিউনিক অলিম্পিকত পেলেষ্টাইনী সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ চলোৱা ঘটনা এতিয়াও ক্ৰীড়াবিশ্বই পাহৰা নাই৷ কাতাৰতো আইছিছে তেনে ঘটনাৰ পুনৰাবৃত্তি ঘটোৱাৰ আশংকাত কঁপিছে আয়োজক৷ সম্প্ৰতি শীৰ্ষ নেতৃত্বক ইজনৰ পাছত সিজনকৈ আমেৰিকা আৰু ৰাছিয়াই হত্যা কৰাৰ পাছত আইছিছৰ শক্তি হ্ৰাস পাইছে৷ ঘাইকৈ ইৰাক আৰু ছিৰিয়াৰ বৃহৎ অংশ দখল কৰি খলিফা সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা বুলি আইছিছে ঘোষণা কৰিছিল৷ এতিয়া অৱশ্যে আইছিছৰ সেই শক্তি নাই৷ শক্তি নথকাটোও কাতাৰ বিশ্বকাপৰ বাবে ভয়ৰ কাৰণ হৈ পৰিছে৷ কিয়নো আইছিছে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈকে কাতাৰ বিশ্বকাপৰ মাজত ভয়ংকৰ কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব পাৰে৷ আইছিছৰ লক্ষ্য ঘাইকৈ বেলজিয়াম, কানাডা আৰু ফ্ৰান্স৷ সেই দেশৰ দৰ্শকৰ ওপৰতো আক্ৰামণ সংঘটিত হ’ব পাৰে৷ টেলিগ্ৰাম এপৰ জৰিয়তে দিয়া আইছিছৰ মেছেজত কোৱা হৈছে–‘পৰিষ্কাৰ অভিযান আৰম্ভ হৈ গ’ল৷ কাতাৰ বিশ্বকাপত ভাগ লৈ গ’ল কৰা৷ গ’লপোষ্ট খালী হৈ আছে৷’ উল্লেখ্য, টেলিগ্ৰাম এপৰ জৰিয়তে সম্ভাৱ্য আক্ৰমণৰ দুটা ইনফ’গ্ৰাফিকছ প্ৰকাশ কৰা হৈছে৷ তাৰ এটাত আছে সেইবোৰ দেশৰ নাম, যি দেশে জোঁট বান্ধি আইছিছক পৰাভূত কৰাৰ আহ৩ান জনাইছিল৷ আনটো ইনফ’গ্ৰাফিকছত কাতাৰ বিশ্বকাপত ভাগ লোৱা সকলো দলৰ নাম আছে৷ আইছিছৰ লক্ষ্য কাতাৰত সম্পূৰ্ণ হয় নে সুকলমে প্ৰতিযোগিতাখন কোনো বিঘিনি নোহোৱাকৈ সম্পন্ন হয় তাৰবাবে বিশ্বৰ ক্ৰীড়াপ্ৰেমীয়ে উদ্বিগ্নতাৰে অপেক্ষা কৰিছে৷