Logo
image

আজি গুৱাহাটীত ভাৰত জোড়ো

আমাৰ অসম, ১৭ নৱেম্বৰঃ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত হাজাৰ হাজাৰ কংগ্ৰেছীয়ে বজালে দুন্দুভি৷ অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবাম টুকী, মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কে মেঘা চন্দ্ৰাৰ উপস্থিতিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত জালুকবাৰী সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী চ’কৰ  পৰা আমিনগাঁৱৰ ৰাজীৱ ভৱনলৈ উলিওৱা ‘ভাৰত জোড়ো যাত্ৰা’ত চামিল হয় হাজাৰ হাজাৰ কংগ্ৰেছী৷ বুধবাৰৰ পদযাত্ৰাত ৰাইজৰ স্বতঃস্ফুৰ্ত আৰু অভূতপূৰ্ব সঁহাৰিত উৎফুল্লিত হৈ পৰ কংগ্ৰেছৰ নেতা-কৰ্মী৷ উল্লেখ্য, নাবাম টুকীৰ সৈতে অৰুণাচল যুৱ কংগ্ৰেছৰ কেইবাগৰাকী নেতায়ো পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি পদযাত্ৰাত অংশ গ্ৰহণ কৰিছিল৷  অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীৰ ৰাজপথ কঁপাই চৰকাৰৰ জন-বিৰোধী নীতি আৰু মিথ্যাচাৰৰ প্ৰতিবাদেৰে পদযাত্ৰা আগবাঢ়ে৷ জালুকবাৰী সমষ্টিৰ কেইবাহেজাৰো লোকে এই পদযাত্ৰাত অংশগ্ৰহণ কৰাটো আছিল বিশেষভাৱে উল্লেখনীয় দিশ৷ সভাপতি বৰাক আজিৰ পদযাত্ৰাত সাংসদ গৌৰৱ গগৈ, সাংসদ প্ৰদু্যত বৰদলৈ, সাংসদ আব্দুল খালেক, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, বিধান সভাত কংগ্ৰেছৰ মুখ্য সচেতক ৱাজেদ আলী চৌধুৰী, দলৰ তিনিওগৰাকী কাৰ্যকৰী সভাপতি ক্ৰমে ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ, কমলাক্ষ দেৱ পুৰকায়স্থ, বিধায়ক নুৰুল হুদা, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়ক নন্দিতা দাস, বিধায়ক ভাস্কৰ বৰুৱা, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, প্ৰাক্তন সাংসদ আব্দুল হামিদ, ‘ভাৰত জোড়ো যাত্ৰা-অসম’ৰ ৰাজ্যিক সমন্বয়ক ৰমেন বৰঠাকুৰ, সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত, জ্যেষ্ঠ মুখপাত্ৰদ্বয় ক্ৰমে মেহদী আলম বৰা আৰু কুশল কুমাৰ শৰ্মা, সেৱাদলৰ সভাপতি দীপ বায়ন, মহিলা কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত, ৰামান্না বৰুৱা, ববিতা শৰ্মা, গোলাপ শইকীয়া আৰু মানস বৰা প্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকল, এন এছ ইউ আইৰ নেতৃবৃন্দ, কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাসকে প্ৰমুখ্য কৰি অগণন কংগ্ৰেছ নেতাই আজিৰ কাৰ্যসূচীত ভাগ লয়৷ পদযাত্ৰাৰ আৰম্ভণিতে শিঙিমাৰী চ’কত অনুষ্ঠিত এখন অনুষ্ঠুপীয়া সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন প্ৰমুখ্যে নেতাসকলে পদযাত্ৰাৰ বাবে সমবেত হোৱা কংগ্ৰেছ নেতা-কৰ্মী আৰু ৰাইজক সম্বোধন কৰি বিজেপিৰ বিভাজনৰ ৰাজনীতি তথা অপশাসনৰ বিৰুদ্ধে ৰাইজক ঐক্যবদ্ধ হৈ ওলাই আহিবলৈ আহ্বান জনায়৷ মূল্যবৃদ্ধি ৰোধ, ব্যাপক দুৰ্নীতি ৰোধ, নিবনুৱা সমস্যাৰ সমাধানত চূড়ান্ত ব্যৰ্থ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰিতাৰ উদাহৰণ দাঙি ধৰি এই চৰকাৰক বিদায় দিবলৈ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি নেতাসকলে আশা প্ৰকাশ কৰিছে৷ সভাত বিশেষ অতিথিসকলক আদৰণি জনোৱা হয়৷ ইয়াৰ পূৰ্বে আজি পুৱা সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ভাস্কৰ বৰুৱা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধিস্থলীত উপস্থিত হৈ মহান শিল্পী তথা অসমীয়া জাতিৰ গৌৰৱ ডঃ ভূপেন হাজৰিকাদেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তাৰ পাছতে নেতাসকলে শুৱালকুছিৰ শ্ৰীশ্ৰী ঈশ্বৰ আটী সত্ৰলৈ গৈ আশীৰ্বাদ গ্ৰহণ কৰে৷ দলটোৱে শুৱালকুছিৰ গান্ধী মণ্ডপত উপস্থিত হৈ বাপুজীৰ প্ৰতিকূতিত মাল্যাৰ্পণ কৰে আৰু চহৰখনৰ বয়নকেন্দ্ৰ পৰিদৰ্শন কৰি শিপিনীসকলৰ সৈতে কিছু সময় মত বিনিময় কৰে৷ কাইলৈ পুৱা ১০.৩০ বজাত ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰত চমু উদ্বোধনী সভা অনুষ্ঠিত হ’ব৷ তাৰ পাছত পদযাত্ৰাৰ কাৰ্যসূচী আৰম্ভ হ’ব৷ গুৱাহাটীত ভাৰত জোড়ো যাত্ৰা সফল কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে৷ এই পদযাত্ৰাত ১০ হাজাৰৰো অধিক লোকে ভাগ ল’ব বুলি কংগ্ৰেছ নেতৃত্বই সদৰী কৰিছে৷

ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাৰত জোড়ো পদ যাত্ৰাত শিঙিমাৰীৰ পৰা আমিনগাঁৱত ৰাজীৱ ভৱনলৈ যোৱা পদ যাত্ৰাত হিমন্ত চৰকাৰৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰে৷ বৰ্তমান চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ মূল্যবৃদ্ধিক মুল ইচ্ছূ্ হিচাপে লৈ কৰা ভাৰত জোড়ো পদ যাত্ৰাৰ সময় চোৱাত শিঙিমাৰী, দদৰা, আজ্ঞাঠুৰিৰ প্ৰতিঘৰ মানুহে পদূলি মুখত থিয় হৈ এই পদ যাত্ৰাত পূৰ্ণ সমৰ্থন দিয়ে৷ ভ্ৰষ্টাচাৰি বিজেপি চৰকাৰ হায় হায় মুল্য বৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লোগানৰে উত্তাল কৰি তোলে৷ আনহাতে পদযাত্ৰাৰ প্ৰাক ক্ষণত কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ভূপেন বৰাই সতীৰ্থ সমন্বিতে শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰত আঁঠু লৈ এই যাত্ৰা আৰম্ভ কৰে৷ উক্ত সময়ত সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভৃপেন বৰাই হিমন্ত চৰকাৰ চান্দা তোলা পাৰ্টি বুলি মতপোষণ কৰে৷ বলিউদৰ গায়কক মাতি বৰ্তমান ২০ কোটি চান্দা তোলাত ব্যস্ত থকা চৰকাৰে জণসাধাৰণ স্বাৰ্থৰ প্ৰতি নজৰ কৰে বুলি কয়৷ বিজেপিয়ে কভিড কালতো চান্দা তুলি ৰাইজক হাৰাহাস্তি কৰিছিল বুলি কয়৷ এইবাৰৰ নিৰ্বাচনত বিজেপিক অসমৰ পৰা পুলি পোখাই উচ্ছেদ কৰাৰ বাবে বদ্ধ পৰিকৰ ভাৰতীয় জাতীয় কংগ্ৰেছ৷ ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ পৰা বালিচৰৰ গান্ধী আশ্ৰমত থকা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰি শুৱালকুছি একাংশ মহিলা শিপিনীৰ লগত শুৱালকুছিৰ বস্ত্ৰ শিল্পৰ দুৰ্দশাৰ বুজ লয়৷