Logo
image

ৰাজ্যত আৰম্ভ মিলেট অভিযান

আমাৰ অসম, ১৭ নৱেম্বৰঃ ৰাষ্ট্ৰসংঘ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ অনুসৰি বুধবাৰে ৰাজ্যত মুকলি কৰা হয় অসম মিলেট অভিযান৷ সমগ্ৰ ৰাজ্যতে মিলেট কৃষি সম্প্ৰসাৰণ আৰু বৃদ্ধিৰ লক্ষ্যৰে আজি খানাপাৰাত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ‘অসম মিলেট অভিযান’ৰ শুভাৰম্ভ কৰে৷ মিলেট অভিযানৰ আৰম্ভ কৰাৰ সমান্তৰালকৈ একেটা কাৰ্যসূচীতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বঙাইগাঁও, মৰিগাঁও, ওদালগুৰি,  গোলাঘাট, কৰিমগঞ্জ আৰু দৰং জিলাত ৬টা ভূমি পৰীক্ষণ আৰু মান নিয়ন্ত্ৰণ পৰীক্ষাগাৰৰ লগতে ধেমাজি আৰু তিতাবৰত দুটা জ্ঞান কেন্দ্ৰৰ ভাৰ্চুৱেলি উদ্বোধন কৰে৷ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ১২৬টা কম্বাইণ্ড হাৰ্ভেষ্টাৰ, ১০০০খন মিনি ট্ৰাক, ৪৫০টা গাঁও পৰ্যায়ৰ ফাৰ্ম মেচিনেৰী বেংক, ১২ হাজাৰটা সৌৰ পিভি পাম্প ছেট, ৮৫০০ টা এইছ্‌ পি ডিজেল পাম্প ছেট, ৫০৯১খন পাৱাৰ টিলাৰ, ২২৩৯৬৩ কুইণ্টল বীজ, ১৪৬১ টা বহুমুখী পালভাৰাইজাৰৰ বিতৰণৰ প্ৰক্ৰিয়াও শুভাৰম্ভ কৰে৷ এই উপলক্ষে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে আজিৰ দিনটো ৰাজ্যৰ কৃষক সমাজৰ বাবে এক ঐতিহাসিক দিন৷ পুষ্টিকৰ খাদ্যৰ বিবিধতা বৃদ্ধি আৰু কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে অসম মিলেট অভিযানৰ শুভাৰম্ভ হোৱা আজিৰ এই দিনটোৱে এক বিশেষ দিন হিচাপে তাৎপৰ্য বহন কৰিছে৷ এই অভিযানে শস্যৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে শস্যৰ বৈচিত্ৰতাতো অৰিহণা যোগাব৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰতা [স্বাৱলম্বিতা]ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি এই অভিযান আৰম্ভ কৰা হৈছে৷ মিলেট অভিযান আৰম্ভ হোৱাৰ লগে লগে অসমৰ কৃষকসকলে তেওঁলোকৰ শস্য পদ্ধতিৰ বৈচিত্ৰতা আনিব পাৰিব আৰু গতানুগতিক শস্যৰ বাহিৰেও মিলেট কৃষিৰ জৰিয়তে তেওঁলোকে কৃষি উন্নয়ন সাধন কৰিব পাৰিব৷ ২৫ হাজাৰ হেক্টৰ কৃষি ভূমিত মিলেট অভিযান আৰম্ভ কৰাৰ উদ্যোগ লোৱাৰ বাবে তেওঁ কৃষি বিভাগক অভিনন্দন জনায়৷ পৰৱৰ্তী সময়ত ইয়াক ৰাজ্যৰ ৫০ হাজাৰ হেক্টৰ কৃষি ভূমিলৈ সম্প্ৰসাৰিত কৰা হ’ব৷ তেওঁ লগতে কয় যে আজি উদ্বোধন হোৱা জ্ঞান কেন্দ্ৰসমূহে ৰাজ্যৰ কৃষকসকলক মিলেট কৃষিৰ বিষয়ে জ্ঞান আৰু ইয়াৰ প্ৰয়োগ সম্পৰ্কে অৱগত হোৱাত সহায় কৰিব৷ তেওঁ জনায় যে অনাগত দিনত কৃষি উৎপাদন বৃদ্ধি কৰিবলৈ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি [আৰ আই ডি এফ]ৰ অধীনত সমগ্ৰ ৰাজ্যতে আৰু ৯৬টা জ্ঞান কেন্দ্ৰ স্থাপন কৰা হ’ব৷ কৃষক সমাজৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কৃষকসকলক মিছন বসুন্ধৰা ২.০ ৰ সুবিধাৰ জৰিয়তে তেওঁলোকৰ ভূমিক ম্যাদি পট্টা ভূমিলৈ ৰূপান্তৰিক কৰিবলৈ আহ৩ান জনায়৷ তেওঁ লগতে কয় যে অহা বছৰৰ পৰা ৰাজ্য চৰকাৰে ধান ক্ৰয়ৰ বাবে নূ্যনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত ২০৪০ টকা নিদ্ধাৰ্ৰণ কৰিছে৷ তেওঁ কৃষকসকলক তেওঁলোকৰ ধান চৰকাৰক বিক্ৰী কৰিবলৈ আহ্বান জনায়৷ তেওঁ লগতে কয় যে এই ৰাজ সাহায্যৰ জৰিয়তে চৰকাৰে স্থানীয় যুৱকসকলক ধান বনা কল আৰু অন্যান্য কৃষি আন্তঃগাঁথনি স্থাপন কৰাত সহায় আগবঢ়াইছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বাণিজ্যিক লাভালাভৰ লগতে ভূমিৰ সীমা নিদ্ধাৰ্ৰণ হিচাপে চিহ্নিত কৰিবলৈ কৃষকসকলক তেওঁলোকৰ কৃষি ভূমিৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ যেনে- শাল, অগৰ আদি ৰোপণ কৰিবলৈ কয়৷ তেওঁ কৃষকসকলক কলগছৰ খেতিৰ ক্ষেত্ৰতো বৈচিত্ৰতা আনিবলৈ আহ্বান জনায়৷ তদুপৰি, নেমু, ভোট জলকীয়া, জহা ধানৰ বিপুল চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ কৃষকসকলক এই শস্যসমূহৰ খেতি প্ৰচুৰ পৰিমাণে কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’বলৈ আহ্বান জনায়৷ তেওঁ কৃষকসকলৰ নতুন কৃষি পদ্ধতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিবেচনাপূৰ্ণ হোৱাৰ লগতে ৰাজ্যত নতুন কৃষি বিপ্লৱ আৰম্ভ কৰাত সহায় আগবঢ়াবলৈ আহ্বান জনায়৷ গাখীৰ, হাঁহ, মাছ, কণী আদিৰ ক্ষেত্ৰত অসমক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই খণ্ডসমূহক উজ্জ্বীৱিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও আলোকপাত কৰে৷ কৃষিমন্ত্ৰী অতুল বৰা, মন্ত্ৰী ৰঞ্জিত দাস, জয়ন্ত মল্ল বৰুৱা, সঞ্জয় কিষাণৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে অসম মিলেট অভিযান৷ তেওঁ আৰু কয়– অসমৰ কৃষকৰ অধ্যাৱসায়ৰ পৰিস্থিতিত অসমৰ কলা জহা, ৰঙা জহা, লিছু, নেমু ভোট জলকীয়া আদি ৮ বিধ শস্যই জি আই টেগ লাভ কৰিবলৈ সক্ষম হৈছে৷ মিলেট কৃষিৰ জৰিয়তে ৰাজ্যৰ কৃষি উৎপাদন বুদ্ধি হোৱাৰ পথ সুগম হ’ব৷ ৰাজ্যত ২৮ লাখ কৃষক আছে৷  তাৰ ভিতৰত ১৪ লাখ কৃষকেহে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে৷ কৃষিমানে এতিয়া আৰু পৰিশ্ৰম হৈ থকা নাই; কৃষিমানে আজি হৈ পৰিছে জ্ঞান৷ জ্ঞান সম্পূৰ্ণ হ’লে ৰাজ্যৰ কৃষকৰ আয় দুগুণ হ’ব৷ অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই ভাষণ প্ৰদান কৰি কৃষি উন্নয়নৰ বাবে তেওঁৰ বিভাগৰ আঁচনিসমূহৰ এক চমু ৰূপৰেখা দাঙি ধৰে৷ কৃষকসকলৰ কল্যাণ আৰু কৃষি উৎপাদন বৃদ্ধিৰ  বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰাত কৃষি বিভাগক সহায় আগবঢ়োৱাৰ বাবে তেওঁ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷ কৃষি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব আশীষ ভূটানীয়ে আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত দিছপুৰৰ বিধায়ক অতুল বৰা,  অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা প্ৰমুখ্যে প্ৰগতিশীল কৃষক আৰু গণ্য-মান্য লোকসকল উপস্থিত থাকে৷

লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰই উৎপাদন কৰিছে জুতিলগা সুগন্ধি চিৰাৰ ধান

লখিমপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰটোৱে সাম্প্ৰতিক সময়ত ন ন উৎপাদনেৰে কৃষকৰ কাষ চপা পৰিলক্ষিত হৈছে৷ লখিমপুৰৰ গৰুমুৰীয়াস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ চৌহদত থকা এই কৃষি বিজ্ঞান কেন্দ্ৰটোৱে এতিয়া বিভিন্ন উন্নত জাতৰ কৃষি সামগ্ৰী উৎপাদনেৰে ৰাইজক উপকাৰ সাধন কৰি আহিছে৷ তদুপৰি, কেন্দ্ৰটোত এতিয়া পদুমণি নামৰ এবিধ উন্নত জাতৰ ধান উৎপাদন কৰাৰ পাছত এই ধানৰ পৰা তৈয়াৰ কৰা সুগন্ধিযুক্ত চিৰাই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ পদুমণি ধানৰ পৰা তৈয়াৰ কৰা চিৰাৰ বিশেষত্ব হৈছে যে এই চিৰাবিধ অতি জুতিলগা আৰু সুগন্ধিযুক্ত৷ দেখাতো অতি মনোমোহা এই চিৰাৰ জৰিয়তে কৃষকে আত্মনিৰ্ভশীল হোৱাৰ যথেষ্ঠ সম্ভাৱনা আছে৷ আনহাতে, কৃষি বিজ্ঞান কেন্দ্ৰটোত এতিয়া বান সহনশীল ৰঞ্জিত চাব ৰ, বাহাদুৰ চাব ৰ নামৰ দুবিধ উন্নত জাতৰ ধান উৎপাদন কৰিবলৈ সক্ষম হৈছে৷ কেন্দ্ৰটোৰ ফাৰ্ম মেনেজাৰ বিশ্বজিৎ কোঁৱৰে জানিবলৈ দিয়া অনুসৰি, এই দুয়োবিধ ধান সজাল ধৰাৰ পাছত যদি বানত ডুব যায় তেনেহ’লে তেনে ধান ১২-১৫ দিনপৰ্যন্ত পানীৰ তলত থাকিলেও মৰি নাযায়৷ একেদৰে টিটিবি ৪০৪ নামৰ শ্ৰাৱনী নামৰ ধানৰ উৎপাদন কৰি কৃষকক সকাহ দিবলৈ সক্ষম হৈছে৷ এই উন্নত জাতৰ ধানবিধ কৃষকসকলে নৱেম্বৰ মাহৰ ১৫-২০ তাৰিখেই চপাব পাৰে আৰু তেনে পথাৰত পুনৰ কৃষকে অন্য খেতি কৰিব পাৰে৷ অৰ্থাৎ এই খেতি কৰা স্থানত মাহ-সৰিয়হ আদিৰ দৰে দুতৰপীয়া খেতি কৰিব পাৰে৷ একেদৰে পদুমণি নামৰ উন্নত জাতৰ ধানবিধৰ পৰা কৃষকসকলে উন্নতমানৰ চিৰা প্ৰস্তুত কৰিব পাৰে বুলি জানিবলৈ দি কেন্দ্ৰটোৱে পদুমণি ধান উৎপাদনত গুৰুত্ব দিয়া বুলি ব্যক্ত কৰে৷ একেদৰে এতিয়া এই কেন্দ্ৰটোত নেমুৰ ভিতৰত গুটি নথকা নেমু পুলি উৎপাদন কৰি কৃষকক যোগান ধৰা হৈছে বুলিও কোঁৱৰে সদৰি কৰে৷ একেদৰে কেন্দ্ৰটোত এতিয়া ড্ৰেগন ফলৰ পুলি উৎপাদন কৰাৰ লগতে পনীয়ৰ ৰ নামৰ উন্নত জাতৰ জালুক পুলিও উৎপাদন কৰি কৃষকক যোগান ধৰিছে৷ এইদৰে জি-৯ নামৰ এবিধ উন্নতমানৰ কলপুলি উৎপাদন কৰিছে আৰু এনে পুলিৰ পৰা কৃষকসকল অধিক লাভবান হ’ব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷ তেনেদৰে কেন্দ্ৰটোত এতিয়া ৮ বিধ উন্নত জাতৰ ঘাঁহ উৎপাদন কৰি তেনে ঘাঁহৰ পুলি বিক্ৰীৰ ব্যৱস্থা কৰিছে৷ বিশেষকৈ হাইব্ৰিড নেপিয়াৰ, চেতেৰিয়া, কংগু চিগনেল, পাৰা আদি জাতৰ ঘাঁহ পুলি কেন্দ্ৰটোত উপলব্ধ বুলিও তেওঁ কয়৷ তদুপৰি, এতিয়া এই কেন্দ্ৰটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত এইচ ডি কে ৭৫ নামৰ এবিধ উন্নত জাতৰ গাহৰি ৰখা হৈছে আৰু এই গাহৰিৰ পৰা পোৱালি উৎপাদনৰ বাবে গাহৰি পালকসকলে কেন্দ্ৰটোৰ সহায় গ্ৰহণ কৰি আহিছে৷ সম্প্ৰতি সচ উৎপাদনৰ বাবে কেন্দ্ৰটোত ৰখা এটা পূৰ্ণবয়স্ক গাহৰিৰ ওজন হৈছে প্ৰায় ১.৫০ কুইণ্টল৷ একেদৰে মুৰ্গী উৎপাদনৰ ক্ষেত্ৰত কামৰূপা নামৰ উন্নত জাতৰ মুৰ্গী কেন্দ্ৰটোত উপলব্ধ আৰু এই কেন্দ্ৰটোৰ পৰা কামৰূপা মুৰ্গীৰ এটা কণী সচৰ বাবে ১৫ টকাকৈ বিক্ৰী কৰি থকা হৈছে৷ তেনেদৰে কেন্দ্ৰটোৱে এতিয়া টি এছ ৩৬ আৰু টি এছ ৬৭ নামৰ উন্নত জাতৰ সৰিয়হৰ বীজো ৰখা হৈছে৷ এই সৰিয়হৰ বীজৰ প্ৰধান বৈশিষ্ট্য হৈছে এনে সৰিয়হ কৃষকসকলে ডিচেম্বৰ মাহৰ ১০ তাৰিখপৰ্যন্ত সিচিলেও ইয়াৰ উৎপাদন কোনোগুণে কম নহয়৷ কেন্দ্ৰটোৱে এনেদৰে এতিয়া ন ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ মূলতঃ লখিমপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য কৃষি বিজ্ঞানী ড॰ প্ৰশান্ত কুমাৰ পাঠকৰ লগতে সকলো বিষয়া-কৰ্মচাৰীৰ তৎপৰতাত আৰু একাগ্ৰতাত এতিয়া কেন্দ্ৰটোৱে প্ৰাণ পাই উঠিছে৷