Logo
image

পষেকটোত দিছপুৰে ঋণ ল’লে ১,৬০০ কোটি টকা

আমাৰ অসম, ১৭ নৱেম্বৰঃ টেটুৰ গুৰিলৈকে লগা ধাৰ আৰু সুদৰ বোজাত এক প্ৰকাৰে যেন থৰক-বৰক হৈ পৰিছে ৰাজ্যৰ অৰ্থনীতি৷ ভয়াৱহ ৰাজহ ঘাটি জোৰা মাৰিবৰ বাবে চৰকাৰে অ’ৰ তালি ত’ত মাৰিও পাৰ নোপোৱা হৈছে৷ বিশ্ব বেংক, এছিয়ান ডেভেলপমেণ্ট বেংক আদি বিভিন্ন দেশী-বিদেশী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ইতিমধ্যে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ কিন্তু ইয়াৰ পাছতো আঁতৰা নাই সংকট৷ বিত্ত বিভাগৰ এক উচ্ছস্তৰীয় সূত্ৰই জনোৱা মতে বিত্তীয় সংকট জোৰা মাৰিবলৈ যোৱাকালি অৰ্থাৎ মঙলবাৰেও ৰাজ্য চৰকাৰে পুনৰ অতি উচ্ছ সুদত ৮০০ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছে৷ মুকলি বজাৰৰ পৰা এই ঋণ গ্ৰহণ  কৰিছে ৰাজ্য চৰকাৰে৷ উল্লেখ্য, পহিলা নৱেম্বৰতো ৰাজ্য চৰকাৰে ৰিজাৰ্ভ বেংকৰ জৰিয়তে অসম চৰকাৰৰ ষ্টক [অংশীদাৰিত্ব] নিলাম কৰি ৮০০ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছে৷ অৰ্থাৎ মাত্ৰ এটা পষেকৰ ভিতৰতে ৰাজ্য চৰকাৰে ধাৰ ল’লে ১৬০০ কোটি টকা৷ অভাৱ জোৰা মাৰিবলৈকে মাত্ৰ এটা বছৰতে ৰাজ্য চৰকাৰে প্ৰায় ১৮,০০০ কোটি টকাৰ ধাৰ ল’বলগা পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে জিএছটিৰ ক্ষতিপূৰণ বন্ধ কৰাৰ পাছতেই ৰাজহ ঘাটি জোৰা মৰাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্য চৰকাৰে৷ এফালে ৰাজ্যৰ আন্তঃগাঠনি উন্নয়ন, আনফালে চৰকাৰী কৰ্মচাৰীৰ দা-দৰমহা তথা হিতাধিকাৰী আঁচনি ৰূপায়ণ, নতুন চৰকাৰী কৰ্মচাৰীৰ নিযুক্তি তথা দৰমহা ভাট্টা আদি কাৰণত যেন ধাৰ লৈ লৈ তৎ নোপোৱা হৈছে চৰকাৰে৷ দিছপুৰৰ এক উচ্ছস্তৰীয় সূত্ৰই জনোৱা মতে ইয়াৰ পাছতো যদি চৰকাৰে অপ্ৰয়োজনীয় চাৰ্টাৰ্ড বিলাস তথা ফাংচনত ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰাটো বন্ধ নকৰে তেন্তে শীঘ্ৰেই হিতাধিকাৰী আঁচনিটো বাদেই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক মাহেকৰ মূৰত দৰমহাৰ টকা কেইটা দিয়াও সম্ভৱ নহ’ব৷ সূত্ৰটোৱে জনোৱা মতে চৰম বিত্তীয় সংকটৰ বাবেই যোৱা ফেব্ৰুৱাৰী মাহতে পদোন্নতি দিও আজিকোপতি অৰ্থাৎ ১০ মাহে ৰাজ্যৰ ৬ শতাধিক কলেজ শিক্ষকৰ বৰ্ধিত দৰমহা আদায় দিব পৰা নাই ৰাজ্য চৰকাৰে৷ একেদৰে অনাদায় হৈ আছে শ শ ঠিকাদাৰৰ বিল৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিত্তীয় জোৰা মাৰিবলৈ চৰকাৰে ৰাজ্যৰ গাঁৱে-চহৰে অলিয়ে গলিয়ে ৭০০খন নতুন ৱাই শ্বপৰ অনুজ্ঞা পত্ৰ দিয়াৰ বাবেও চিন্তা চৰ্চা কৰিছে৷ নতুন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰৰ জৰিয়তে চৰকাৰে বাৰ্ষিক আবকাৰী ৰাজহৰ পৰিমাণ ৩,০০০ কোটি টকালৈ বৃদ্ধিৰ পৰিকল্পনা কৰিছে৷ চৰকাৰে ‘অনলাইন বিল্ডিং পাৰ্মিশ্যন চিষ্টেম’ অৰ্থাৎ [অ’ বি পি এছ] মাধ্যমেৰে গৃহ নিৰ্মাণৰ নিৰ্ধাৰিত খৰচৰ ৩ শতাংশ মাচুল আগতিয়াকৈ আদায় লোৱাৰ ব্যৱস্থা কৰিছে৷ এটা বৰ্ষৰ ভিতৰতে গুৱাহাটী পৌৰ নিগমৰ কৰ প্ৰায় ৭০% বৃদ্ধি পাইছে৷ শেহতীয়াকৈ চৰকাৰৰ শেন দৃষ্টি পৰিছে গুৱাহাটীৰ বিভিন্ন ফ্লেটৰ বাসিন্দাৰ ওপৰত৷ জানিব পৰা মতে গুৱাহাটী পৌৰ নিগমে কাইলৈৰ পৰা হল্ডিং নথকা ফ্লেটসমূহৰ পৰা কৰ সংগ্ৰহৰ বাবে বিশেষ অভিযান আৰম্ভ কৰিব৷ ইয়াৰ বাবে বিশেষভাৱে সাজু কৰিছে পৌৰ নিগমৰ বিশেষ মহিলা কৰ্মচাৰী তথা আত্মসহায়ক গোটৰ মহিলা সদস্যক৷ ইতিমধ্যে গুৱাহাটীৰ বিভিন্ন ৱাৰ্ড সামৰি এনে মহিলাৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে পৌৰ নিগমৰ বেনাৰত এটা ব্যক্তিগত প্ৰতিষ্ঠানে৷ হাতে হাতে মবাইল লৈ অনাদায় কৰ বিচাৰি প্ৰশিক্ষণপ্ৰাপ্ত মহিলাই কাইলৈৰ পৰা মহানগৰীৰ অলি গলিয়ে থকা ফ্লেটে ফ্লেটে যাব৷ যদিহে ১০-১৫ বছৰ বা ২০ বছৰ পুৰণি কোনো ফ্লেটে বা ফ্লেটৰ বাসিন্দাই জি এম চিৰ হল্ডিং গ্ৰহণ কৰা নাই, তেন্তে তেনে ফ্লেটৰ গৰাকীৰ পৰা বিদ্যুৎ সংযোগৰ দিনটোৰে পৰা মাচুল আদায় কৰি আনিবলৈ এইসকল মহিলাক কাঢ়া নিৰ্দেশ দিছে জি এম চিৰ উৰ্ধতম কতৃৰ্পক্ষই৷ কাজেই ফ্লেটৰ বাসিন্দাই একেলগে ২০-২৫ হাজাৰ পৰ্যন্ত কৰ একেলগে পৰিশোধ কৰিব লাগিব৷ ফলত আন এক অনাহত পৰিস্থিতিৰ আশংকা ঘনীভূত হৈছে৷ উল্লেখ্য যে ৩১ ডিচেম্বৰৰ ভিতৰত জি এম চিৰ হল্ডিং আৰু এছেছমেণ্ট নম্বৰ এপিডিচিএলৰ ৱেবছাইটত আপলড নকৰিলে গ্ৰাহকক বিদ্যুৎ কৰ্তনৰ ভাবুকি দিছে এপিডিচিএলে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভা দাখিল কৰা তথ্য অনুসৰি ২০২২-২৩ বৰ্ষত চৰকাৰে লোৱা ধাৰৰ সুদ আদায় দিওতেই ৰাজকোষৰ পৰা যায় ৭,৫৩৩.৬৫ কোটি টকা৷ ২০১৬-১৭ চনৰ পৰা পাছত চৰকাৰৰ ধাৰৰ বোজা প্ৰায় ১ লাখ ৩০ হাজাৰ কোটি টকা হৈছেগৈ৷