Logo
image

লাচিত মৈদামলৈ ১৬০ কোটি টকা !তিনিদিনীয়া হ’ব দিল্লীৰ লাচিত জয়ন্তী

আমাৰ অসম, ১৭ নৱেম্বৰঃ দেশৰ ৰাজধানী চহৰ দিল্লীত অনুষ্ঠিত হ’ব মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব উক্ত  অনুষ্ঠান৷ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই কথা৷  মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে এটা থীম ছং মুকলি কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী ১৮ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ উদ্‌যাপনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীসমূহৰো আভাষ দাঙি ধৰে৷ তেওঁ কয় যে ১৮ নৱেম্বৰত অসম আৰক্ষী, সামৰিক, অদ্ধৰ্ সামৰিক বাহিনী, নৌ আৰু বায়ু সেনাৰ  জোৱান তথা এন চি চি কেডেটসকলৰ দ্বাৰা প্ৰতিখন জিলাত সামৰিক অভিবাদনৰ জৰিয়তে এই সমগ্ৰ উদ্‌যাপন কাৰ্যসূচীৰ শুভাৰম্ভ হ’ব৷ ১৯ নৱেম্বৰত সমগ্ৰ ৰাজ্যৰ বিদ্যালয় পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ শিক্ষানুষ্ঠানসমূহত মহাবীৰগৰাকীৰ বিষয়ে ৰচনা লিখা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে যোৰহাটৰ হোলোঙাপাৰত অৱস্থিত লাচিত বৰফুকনৰ মৈদাম পৰ্যটকৰ আকৰ্ষণীয় স্থলী ৰূপে সজাই তোলাৰ উদ্যোগ লৈছে৷ ২০ নৱেম্বৰত এই উপলক্ষে ৫০ বিঘা ভূমি স্থানীয় লোকৰ পৰা ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব৷ এই ভূমিৰ বাবদ ৰাজ্য চৰকাৰে ভূমি দাতা স্থানীয় ৰাইজক কৃতজ্ঞতা হিচাপে ১২ কোটি টকা আগবঢ়াব৷ প্ৰায় ১৬০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এই সুবিশাল প্ৰকল্পটিত লাচিত বৰফুকনৰ ১৫০ ফুট ওখ এটা ব্ৰঞ্জৰ মূৰ্তি স্থাপনৰ উপৰি প্ৰেক্ষাগৃহ, অতিথিশালা, শব্দ আৰু আলোকৰ প্ৰদৰ্শনীৰ বাবে এখন মুকলি মঞ্চ [এম্পিথিয়েটাৰ] আদিও নিৰ্মাণ কৰা হ’ব৷ ৰাজ্য চৰকাৰে আলাবৈ ৰণৰ স্মৃতি চিৰযুগমীয়া কৰাৰ বাবেও ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই পদক্ষেপৰ আধাৰত আলাবৈ পাহাৰৰ শীৰ্ষত অসমীয়া সৈন্যৰ ত্যাগৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ এখন ৩০ মিটাৰ উচ্ছতাৰ হেংদাং এই স্মাৰক ক্ষেত্ৰত স্থাপন কৰা হ’ব৷ তদুপৰি, পাহাৰৰ নামনিত এটা সংগ্ৰহালয়, বীথিকা, দৃশ্য-শ্ৰাব্য গেলেৰী, প্ৰদৰ্শনী ভৱন আদিও থাকিব৷ উল্লেখ্য, ২৫ ফেব্ৰুৱাৰীত এক অনুষ্ঠানত তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই দুয়োটা প্ৰকল্প ৰূপায়ণৰ শুভাৰম্ভ কৰিছিল৷ আনহাতে, ২০, ২১ আৰু ২২ নৱেম্বৰত জিলাসমূহত ৰক্তদান, বৃক্ষৰোপণ আদিকে ধৰি বিভিন্ন সামাজিক কাৰ্যসূচী আৰু নাটক পৰিৱেশন, তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ দৰে বিভিন্ন সাংস্কৃতিক আৰু বৌদ্ধিক কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ ২৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ ২৩ নৱেম্বৰত আহোম যুগৰ সোণালী অধ্যায়ক বিষয়বস্তু হিচাপে লৈ অনুষ্ঠিত হ’ব এখন আলোচনা চক্ৰ৷ সেইদিনাই অসম ৰাজ্যিক সংগ্ৰহালয়ৰ পৰা নিয়া কেইবাপদো সামগ্ৰীৰে নতুন দিল্লীত এখন কেন্দ্ৰীয় প্ৰদৰ্শনী আয়োজন কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷ উক্ত দিনাই নতুন দিল্লীত দেশপ্ৰেমমূলক সাংস্কৃতিক সন্ধিয়াও আয়োজিত হ’ব৷ পৰৱৰ্তী ২৪ নৱেম্বৰৰ পুৱা অনুষ্ঠিত হ’ব আন এখন আলোচনাচক্ৰ৷ সেই দিনা বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ এই অনুষ্ঠানত লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজি আধাৰিত এখন তথ্যচিত্ৰ মুকলি কৰা হ’ব৷ মহাবীৰ গৰাকীৰ বীৰত্বৰ গাঁথা যাতে দেশ-বিদেশত প্ৰচাৰিত হয়, সেই উদ্দেশ্যে পৰৱৰ্তী পৰ্যায়ত এই তথ্যচিত্ৰখন বিভিন্ন বৈদ্যুতিন মাধ্যমযোগে সম্প্ৰচাৰৰ উদ্যোগো ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব৷ তেওঁ লগতে সদৰি কৰে যে ২৫ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদ্‌যাপনৰ সামৰণি অনুষ্ঠানত ভাগ ল’ব৷ প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুষ্ঠানত দেশৰ বৌদ্ধিক জগতৰ অগ্ৰণী ব্যক্তি, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকী সদস্য, সাংসদ তথা অসমৰ পৰা যোৱা প্ৰতিনিধি দলক সম্বোধন কৰিব৷ প্ৰধানমন্ত্ৰী মোদীৰ এই সম্বোধন ৰাজ্যৰ জিলা, ব্লক পৰ্যায়ৰ বিভিন্ন স্থান তথা বিভিন্ন শিক্ষানুষ্ঠানত প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে৷ আগন্তুক বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ৰাজ্যৰ শৈক্ষিক পাঠ্যক্ৰমত বুৰঞ্জী বিষয়টো অন্তৰ্ভূক্ত হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে লগতে সদৰি কৰে৷