আৰএছএছৰ শৰণাপন্ন হাগ্ৰামা
আমাৰ অসম, ১৭ নৱেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এসময়ত অতি ঘনিষ্ঠ বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী বিগত এমাহ ধৰি নতুন দিল্লীত বাহৰ পাতি আছে৷ কিন্তু বিটিচিৰ প্ৰাক্তন মুখ্যকাৰ্যবাহী সদস্যজন নতুন দিল্লীত কিয় বাহৰ পাতি আছে? নতুন দিল্লীত বাহৰ পাতি কি কৰিছে হাগ্ৰামা মহিলাৰীয়ে? নে এয়া বিটিএডিত পট পৰিৱৰ্তনৰ ইংগিত নেকি? পুনৰ ক্ষমতালৈ আহিব নেকি হাগ্ৰামা মহিলাৰী? উল্লেখ্য যে বড়োলেণ্ডৰ বিগত পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে ভংগ হয় বিজেপি আৰু বিপিএফৰ মাজৰ মিত্ৰতা৷ এসময়ৰ দুই মিত্ৰদল পৰিষদীয় নিৰ্বাচনত সমুখ সমৰত লিপ্ত হয়৷ ইটো দলে আনটো দলৰ বিৰুদ্ধে গ্ৰহণ কৰে তীব্ৰ আক্ৰমণাত্মক স্থিতি৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ মাজৰ বাক যুদ্ধ আৰু আক্ৰমণ-প্ৰত্যাক্ৰম নিৰ্বাচনৰ সময়ত তুংগত উঠে৷ বিজেপিয়ে নিজৰ পুৰণি মিত্ৰদল বিপিএফৰ সংগ ত্যাগ কৰি প্ৰমোদ বড়ো আৰু তেওঁৰ নেতৃত্বাধীন ইউ পি পি এলক আদৰি লয়৷ পৰৱৰ্তী সময়ত পৰিষদীয় নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল নিৰ্বাচনত পৰাজিত হয় আৰু বিজেপি-ইউ পি পি এলে যৌথভাৱে বড়োলেণ্ডত চৰকাৰ গঠন কৰে৷ এই পৰাজয়ৰ পিছতে নিজৰ দলৰে বহু ৰথী-মহাৰথীয়ে হাগ্ৰামা মহিলাৰীৰ সংগ ত্যাগ কৰি বিজেপিত আশ্ৰয় লয়৷ ক্ষমতাৰ পৰা বাহিৰ হোৱাৰ পিছতে বড়োলেণ্ডৰ ৰাজনীতিত প্ৰায় অচল হৈ পৰে হাগ্ৰামা মহিলাৰী৷ ৰাজনৈতিকভাৱে অকলশৰীয়া হৈ পৰে ৰাজ্যৰ ৰাজনীতিত৷ বিজেপিৰে আতৰাই পঠোৱাৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে বিধানসভাৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ মহাজোটত অংশ লয় যদিও পৰৱৰ্তী সময়ত তেওঁ কৌশলগত কাৰণত মহাজোঁটৰ সংগ ত্যাগ কৰে৷ ইয়াৰ পিছতে নিজৰ হেৰোৱা ৰাজনৈতিক ভেটি আৰু শক্তি পুনৰ উদ্ধাৰৰ অভিযানত নামি পৰে হাগ্ৰামা মহিলাৰী৷ উপ-নিৰ্বাচনৰ সময়ত নিজে উপযাচি বিজেপিক সহায় কৰে বিপিএফে৷ আনকি বিধানসভাৰ মজিয়াত বিপিএফে বিজেপি সহযোগী দল হিচাপে কাম কৰি যোৱাৰো একপক্ষীয় সিদ্ধান্ত ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে৷ ইয়াৰ মাজতে মিত্ৰতাৰ প্ৰস্তাবলৈ হাগ্ৰামাই তেওঁৰ পুৰণি ৰাজনৈতিক বন্ধু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো কাষ চাপে৷ তেওঁ মুখ্যমন্ত্ৰীক সাক্ষাতো কৰে৷ ইমানখিনি কৰাৰ পিছতো কিন্তু বিপিএফ বা হাগ্ৰামা মহিলাকী কিন্তু পুনৰ মিত্ৰ কৰি যোৱাৰ ক্ষেত্ৰত বিজেপি দল বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ আগ্ৰহ প্ৰকাশ নকৰিলে৷ কিন্তু চেষ্টা এৰি নিদিলে হাগ্ৰামা মহিলাৰীয়ে৷ ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতিৰ নিৰ্বাচনতো বিপিএফে বিজেপিক সহযোগিতা কৰে৷ নিজৰ ফালৰ পৰা মিত্ৰতাৰ প্ৰস্তাব বাৰম্বাৰ দিয়াৰ পিছতো বিজেপিয়ে ইয়াক স্বীকাৰ নকৰাত যথেষ্ট বিপদত পৰে হাগ্ৰামা৷ মুখ্যমন্ত্ৰী শৰ্মা বা প্ৰদেশ বিজেপিৰ পৰা মিত্ৰতাৰ ক্ষেত্ৰত বিমুখ হোৱাৰ পিছত হাগ্ৰামা মহিলাৰী এইবাৰ আৰ এছ এছ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ শৰণাপন্ন হোৱাৰ চেষ্টা কৰে৷ হাগ্ৰামা মহিলাৰীৰ এনে অস্তিত্ব ৰক্ষাৰ যুঁজৰ মাজতে বিজেপি আৰু ইউ পি পি এৰ মাজৰ মিত্ৰতা অব্যাহত থাকিব বুলি বিজেপিৰ তৰফৰ পৰা স্পষ্টভাৱে ঘোষণা কৰা হয়৷ উল্লেখ্য যে বিধানসভাৰ উপনিৰ্বাচনৰ সময়ত বিজেপিৰে বিপিএফৰ মিত্ৰতা পুনৰ স্থাপন হোৱা বুলি বহুবাৰ ৰাজহুৱা ঘোষণা কৰিছিল হাগ্ৰামা মহিলাৰীয়ে৷ এই ক্ষেত্ৰত মাত্ৰ আনুষ্ঠানিক ঘোষণাহে বাকী বুলিও দাবী কৰিছিল হাগ্ৰামাই৷ বিগত এমাহ নতুন দিল্লীত বাহৰ পাতি হাগ্ৰামা মহিলাৰীয়ে আৰ এছ এছৰ একাংশ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰে৷ ইতিমধ্যে আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ইন্দ্ৰেশ কুমাৰক সাক্ষাৎ কৰি তেওঁৰ চৰণ চুই আশীৰ্বাদ লৈছে হাগ্ৰামা মহিলাৰীয়ে৷ নাগপুৰত ইন্দ্ৰেশ কুমাৰক মাজত কৰাৰ সময়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল বুলি এক সূত্ৰই দাবী কৰিছে৷ আৰ এছ এছৰ জ্যেষ্ঠ নেতা পবন কুমাৰকো তেওঁ সাক্ষাৎ কৰে৷ বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষক সাক্ষাৎ কৰি মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছে হাগ্ৰামাই৷ বৰ্তমান তেওঁ নতুন দিল্লীত অপেক্ষা কৰি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাতৰ বাবে৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সাক্ষাৎ কৰিব বিচাৰিছে হাগ্ৰামাই৷ যাৰ বাবে দিল্লী এৰিব পৰা নাই হাগ্ৰামাই৷ আনকি প্ৰয়োজন হ’লে সম্পূৰ্ণ বিপিএফ দলটোৱে বিজেপিত বিলিন কৰি দিয়াৰ বাবে প্ৰস্তুত হৈ আছে হাগ্ৰামা মহিলাৰী৷ ইয়াৰ বিনিময়ত তেওঁক লাগে মাত্ৰ বিজেপিৰ আশীৰ্বাদ আৰু ৰাজনৈতিক সংস্থাপন৷ বিজেপিৰ একাংশ নেতাক তেওঁ সাক্ষাৎ কৰিছে যদিও দলৰ কোনো শীৰ্ষ নেতাৰ সাক্ষাতৰ অনুমতি পোৱা নাই এই পৰ্যন্ত৷ আৰ এছ এছৰ শীৰ্ষ নেতৃত্বৰ সাক্ষাতৰ অপেক্ষাতো সময় অতিবাহিত কৰি আছে হাগ্ৰামাই৷ হাগ্ৰামা মহিলাৰীয়ে আৰ এছ এছ আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বৰ শৰণাপন্ন হোৱাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে কোকৰাঝাৰৰ সদ্য সমাপ্ত ইউ পি পি এলৰ অধিৱেশনত মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰিছে যে লোকসভাৰ আগন্তুক নিৰ্বাচন বিজেপি আৰু ইউ পি পি এলে একেলগে খেলিব আৰু কোকৰঝাৰ আসনখন মিত্ৰদল ইউ পি পি এলক এৰি দিয়া হ’ব৷ হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে নতুন দিল্লীৰ মোডী মন্ত্ৰীসভাৰ একাংশ প্ৰভাৱশালী মন্ত্ৰীকো সাক্ষাৎ কৰিছে নিজৰ হাত ৰাজনৈতিক ক্ষমতা পুনৰ উদ্ধাৰ অভিযানৰ অংশ হিচাপে৷ আৰ এছ এছ আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰা সেউজ সংকেট লাভ কৰিলেই হয়তো পট পৰিৱৰ্তন হ’ব বিটিআৰৰ ৰাজনীতিত৷