Logo
image

ৰাহুলে কয় এটা, হয় আন এটা...

ডিজিটেল ডেস্ক : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় এটা, হয় আন এটা৷ পুনৰবাৰ ভাৰত জোড়ো যাত্ৰাৰ সময়তে ট্ৰ'লৰ সন্মুখীন হৈছে ৰাহুল গান্ধী৷ ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাষ্ট্ৰীয় সংগীতক লৈ হোৱা খেলিমেলিৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ট্ৰ'লৰ সন্মুখীন হৈছে। বিজেপিকে ধৰি নেটিজেনৰ এতিয়া সমালোচনাৰ সন্মুখীন হৈছে ৰাহুল গান্ধী।

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মহাৰাষ্ট্ৰৰ ৱাছিমৰ এখন মঞ্চৰ পৰা ৰাষ্ট্ৰীয় সংগীত বজাবলৈ আহ্বান জনাইছিল৷ কিন্তু ভিডিঅ'টোত ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰীয় সংগীতৰ পৰিৱৰ্তে বহুবাৰ ৰাষ্ট্ৰীয় গীত-ৰাষ্ট্ৰীয় গীত বুলি কোৱাহে দেখিবলৈ পোৱা গৈছে। ৰাহুল আহ্বানৰ পিছতে ৰাষ্ট্ৰীয় সংগীতৰ পৰিৱৰ্তে বাজি উঠিল নেপালৰ জাতীয় সংগীত। ইয়াকে লৈ অস্বস্তিত পৰে ৰাহুলৰ লগতে মঞ্চত থকা আন নেতাসকল৷ উল্লেখ্য যে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাষ্ট্ৰীয় সংগীতক লৈ হোৱা খেলিমেলিৰ ভিডিঅ' ভাইৰেল হৈ পৰে ছ'চিয়েল মিডিয়াত৷

https://twitter.com/i/status/1593071879237296128

এই খেলিমেলিৰ পিছত এতিয়া বিজেপি নেতা আৰু নেটিজেনে ৰাহুলক সমালোচনা কৰিছে। এই ভুলৰ বাবে বিজেপি নেতাসকলে ৰাহুল গান্ধী আৰু কংগ্ৰেছক দোষাৰোপ কৰিছে। মহাৰাষ্ট্ৰৰ বিজেপি নেতা নিতেশ ৰাণেই ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে, "ৰাহুলৰ কমেডি চাৰ্কাছ৷" আনহাতে কোনো কোনোৱে ভুল ৰাষ্ট্ৰীয় সংগীত বজোৱা আৰু অপমান কৰাৰ বাবে গোচৰ ৰুজু কৰাৰো দাবী জনাইছে৷