Logo
image

ফুটবল বিশ্বযুদ্ধ আৰম্ভ

ডিজিটেল ডেস্ক : বাৰ বছৰ পূৰ্বে অৰ্থাৎ ২০১০ চনতে কাতাৰে বিশ্বকাপ ফুটবল আয়োজন কৰাটো নিশ্চিত হৈছিল৷ আঠখন ষ্টেডিয়াম সাজু কৰি তোলা আৰু আন প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণৰ বাবে কামত লগোৱা হৈছিল দক্ষিণ এছিয়াৰ প্ৰায় ৩০ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকক৷ মূলতঃ তেওঁলোক আহিছিল ভাৰত, পাকিস্তান, নেপাল, বাংলাদেশ আৰু শ্ৰীলংকাৰ পৰা৷ পৰিসংখ্যাই কয় যে বিগত সময়ছোৱাত মৰুৰ দেশখনত চাৰে ছয় হাজাৰতকৈও অধিক শ্ৰমিকৰ মৃত্যু হৈছিল৷ তেওঁলোকৰ ভিতৰৰ বহুসংখ্যক ভাৰতীয় শ্ৰমিকো আছিল৷ এই বিষয়টোক কেন্দ্ৰ কৰি যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল যদিও সেই কথা কাতাৰ চৰকাৰে অস্বীকাৰ কৰিছিল৷ কোৱা হৈছিল যে ষ্টেডিয়াম নিৰ্মাণৰ কামত নিয়োজিত শ্ৰমিকৰ কেৱল ৩৭জনৰহে মৃত্যু হৈছিল৷ তেওঁলোকৰ ৩৪জনৰ মৃত্যুৰ সৈতে ষ্টেডিয়াম নিৰ্মাণৰ কোনো সম্পৰ্ক নাছিল৷ ইয়াৰ উপৰি কাতাৰ বিশ্বকাপক কেন্দ্ৰ কৰি আন কেইবাটাও বিতৰ্ক ব্যাপক চৰ্চিত হৈ পৰিছে৷ এনে সকলো বিতৰ্ক একাষৰীয়া কৰি কাতাৰ সাজু হৈছে মৰুৰ দেশৰ প্ৰথমখন বিশ্বকাপ আয়োজন কৰিবলৈ৷ দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই দেওবাৰে আঁৰ কাপোৰ উঠিব বিশ্ব ফুটবলৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখনৰ৷ ডোহাৰ আল বাইট ষ্টেডিয়ামত ভাৰতীয় সময় মতে নিশা ৯.৩০ বজাত হ’বলগীয়া কাতাৰ আৰু ইকুৱেডৰৰ মাজৰ খেলখনেৰে আৰম্ভ হ’ব বিশ্বকাপ ফুটবল৷ তাৰ পূৰ্বে সন্ধিয়া ৭.৩০ বজাত আয়োজন কৰা হ’ব আধা ঘণ্টাৰ এক উদ্বোধনী অনুষ্ঠান৷ বিশ্বকাপত ভাগ ল’বলগীয়া ৩২খন দেশৰ মাজত ভাৰত নাথাকিলেও উদ্বোধনী অনুষ্ঠানটোত থাকিব ভাৰতীয় সংযোগ৷ অনুষ্ঠানটোত নৃত্য পৰিৱেশন কৰিব বলীউড অভিনেত্ৰী-নৃত্যশিল্পী নোৰা ফটেহিয়ে৷ কানাডাৰ হ’লেও নোৰা বৰ্তমান বলীউডত পৰিচিত নাম৷ বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানৰ তালিকা শেষ মুহূৰ্তলৈকে প্ৰকাশ নকৰাৰ বাবে বিভ্ৰান্তিৰ সৃষ্টি হৈছিল৷ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ দায়িত্বত থকা মাৰ্কো বালিছ হৈছে কাতাৰ বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানৰ ক্ৰিয়েটিভ ডাইৰেক্টৰ৷ তেওঁৰ মতে, দেওবাৰৰ অনুষ্ঠানটোত দেখা যাব বহু চমক৷ আয়োজক কমিটীয়ে উদ্বোধনী অনুষ্ঠানত প্ৰদৰ্শন কৰিবলগীয়া শিল্পীৰ সম্পূৰ্ণ তালিকা প্ৰকাশ নকৰিলেও বিটিএছ পপ ছুপাৰষ্টাৰ কিং জাং কুক, আমেৰিকাৰ মিউজিকেল গ্ৰুপ ব্লেক আইড পীজ, কলম্বিয়াৰ গায়ক জে বালভিন, আমেৰিকাৰ ৰেপাৰ লিল বেবী উদ্বোধনী অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হ’ব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷
আয়োজক দেশ হিচাপে উদ্বোধনী খেলখনত ভাগ ল’ব কাতাৰে৷ কিন্তু গ্ৰুপ ‘এ’ৰ এই খেলখনৰ পূৰ্বেই এক অনাকাংক্ষিত বিতৰ্কত সোমাই পৰিছে কাতাৰৰ নাম৷ আয়োজক দেশ হিচাপে বিশ্বকাপ খেলাৰ যোগ্যতা অৰ্জন কৰা কাতাৰে টুৰ্নামেণ্টখনত জয়ৰে অভিযান আৰম্ভ কৰিব বিচাৰে৷ তাৰ বাবে কাতাৰৰ ফালৰ পৰা ইকুৱেডৰৰ ফুটবলাৰক উৎকোচ যচাৰ গুৰুতৰ অভিযোগ উঠিছে৷ বিশ্ব ফুটবলৰ সৰ্বোচ্ছ সংস্থা ফিফাই বিশ্বকাপ ফিক্সিঙৰ পৰা সম্পূৰ্ণ মুক্ত থাকিব বুলি দাবী কৰিলেও এনেধৰণৰ অভিযোগে বিশ্বৰ সবাতোকৈ জনপ্ৰিয় খেলবিধৰ মৰ্যাদা হানি নকৰাকৈ নাথাকে৷ কোৱা হৈছে যে কাতাৰ বিশ্বকাপ হ’ব এইপৰ্যন্ত সবাতোকৈ ব্যয়বহুল বিশ্বকাপ৷ ধনৰ জোৰত কাতাৰে বিশ্বকাপ আয়োজন কৰিবলৈ ওলোৱা বুলিও অভিযোগ উত্থাপন হৈছে৷ তাৰ মাজতে নিজৰ সৰ্বস্বখিনি উজাৰিদিবলৈ সাজু হৈছে ৩২খন দেশৰ যোদ্ধাসকল৷ বিশ্বকাপ আয়োজনক লৈ কাতাৰ যিমানেই সমালোচনাৰ সন্মুখীন নহওক কিয়, দেওবাৰৰ পৰা সৰ্বত্ৰ চৰ্চাৰ মূল বিষয় হৈ পৰিব বিশ্বকাপ ফুটবল৷ ফুটবলৰ বিশেষ জ্ঞান নথকাসকলো ১৮ ডিচেম্বৰপৰ্যন্ত ব্যস্ত হৈ পৰিব ব্ৰাজিলৰ নেইমাৰ, আৰ্জেণ্টিনাৰ লিঅ’নেল মেছি অথবা পৰ্তুগালৰ ক্ৰিষ্টিয়ান ৰ’নাল্ডোৰ বিষয়ে ওলোৱা বিভিন্ন বাতৰিক লৈ৷ এয়াই হৈছে ফুটবলৰ উন্মাদনা৷