Logo
image

ৰহাত মৃত প্ৰেমিকাক সেন্দূৰ পিন্ধালে যুৱকে

ডিজিটেল ডেস্ক, ২০ নৱেম্বৰ: ‘বহু আশা আছিল, তথাপিও তোমাক আজি বিদায় দিছোঁ, তুমি যোৱাগৈ মৃত্যুৰ পাছতো তুমি মোৰ পত্নী হৈয়ে থাকিবা’ এজন প্ৰেমিকে নিজৰ প্ৰেমিকাৰ নিথৰ দেহৰ কাষত আঁঠুকাঢ়ি অশ্ৰুসিক্ত নয়নৰে ক’লে এই কথা৷ প্ৰেমিকাৰ নিথৰ দেহৰ কপালত সেন্দূৰৰ ফোট বুলাই বুলাই মুখখনলৈ চাই প্ৰেমিকে কৈছে কাজলো দিব লাগিছিল৷ ফোটটো ডাঙৰ হ’লেহে বেছি ভাল লাগিব৷ বিয়াত দৰাই-কইনাক মালা পিন্ধাই দিয়াৰ দৰেই নিথৰ প্ৰেমিকাৰ মূৰটো ডাঙি এডাল বগা ফুলৰ মালা পিন্ধাই দিছে৷ নিজেও প্ৰমিকাৰ নিথৰ দেহৰ কপাল, মুখত, বুকুত আনডাল বগা ফুলৰ মালাৰে স্পৰ্শ কৰি দৰাৰূপী প্ৰেমিকে আঁঠুকাঢ়ি নিথৰ প্ৰেমিকাৰ মুখলৈ চাইছে৷ চকুত চকু থৈ কিবা ক’ব খুজিও ৰৈছে কাৰণ কইনাৰূপী প্ৰমিকাৰ চকু বন্ধ৷ এয়া কোনো কল্প কাহিনী বা নাটক, চিনেমাৰ কাহিনী নহয়৷ এক অতি কৰুণ, বাস্তৱ, হৃদয়বিদাৰক ঘটনা বাস্তৱতে সংঘটিত হৈছে ৰহাৰ চাপৰমুখ কচুৱাত৷ মৰিগাঁও জিলাৰ সাপমাৰীৰ বিতোপন তামুলী নামৰ যুৱকজনে কচুৱাৰ প্ৰাৰ্থনা বৰা(২৩) নামৰ ছোৱালীজনীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল৷ দুয়োৰে মাজত এই ভালপোৱাই অৱশেষত বিয়াৰ বাবে দুয়ো ঘৰে মানি লৈ বিবাহৰো প্ৰস্তুতি চলাইছিল৷ এনে সময়তে এই দুখজনক ঘটনাটো সংঘটিত হয়৷ প্ৰাৰ্থনা স্নাতকোত্তৰ উত্তীৰ্ণ এগৰাকী মেধাৱী ছাত্ৰী৷ প্ৰায় এসপ্তাহৰ পূৰ্বে হঠাতে শাৰীৰিক অসুস্থতাৰ বাবে জি এম চিত চিকিৎসাধীন হৈছিল যদিও নিয়তিৰ হাতত হাৰ মানিলে৷ অহা বছৰ বিয়াত বহিবলগা বিতোপন-প্ৰাৰ্থনাৰ বিয়াৰ আগতেই হঠাতে চিৰদিনলৈ গুছি গ’ল৷ কিন্তু প্ৰাৰ্থনাৰ মৃত্যুক মানি ল’ব পৰা নাই প্ৰেমিক বিতোপনে৷ প্ৰাৰ্থনাৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰি তোলে বিতোপনক৷ দেহত হঠাতে দেখা দিয়া জটিল ৰোগৰ বাবে মাত্ৰ ছদিন চিকিৎসাৰ পাছতে মৃত্যুক সাবটিলে প্ৰাৰ্থনাই৷ প্ৰাৰ্থনাৰ নিথৰ দেহ কচুৱাৰ নিজগৃৃহ পোৱাৰ পাছতে বিতোপনে ফেকুৰি ফেকুৰি হিয়াধাকুৰি কান্দে আৰু প্ৰেমিকাৰ নিথৰ দেহৰ কপালত সেন্দূৰৰ ফোট বুলাই কান্দি কান্দি কয়, তুমি যোৱাগৈ কিন্তু মোৰ কইনা হৈয়ে যোৱা৷ প্ৰেমিকাৰ নিথৰ দেহ চুই নিজেই পিন্ধি ল’লে বৰমালা আৰু প্ৰাৰ্থনাক শেষ বিদায় দি মৃতদেহৰ ওচৰত চিৰকাল স্বামী হৈ থকাৰ পণ ল’লে৷ যোৱা নিশা সংঘটিত হোৱা ঘটনাটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত চৌদিশে শোকৰ এক ছাঁয়াই আবৰি ধৰিছে সকলোৱে কৈছে, ‘সঁচা প্ৰেম এনেকুৱাই’৷