Logo
image

টি-২০ ক্ৰিকেটত ৰোহিতৰ অভিলেখ স্পৰ্শ সূৰ্যকুমাৰৰ

ডিজিটেল ডেস্ক, ২১ নৱেম্বৰ: দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে অংশ লোৱা দ্বিতীয় টি-টুৱেণ্টীখনত কৰা প্ৰদৰ্শনেৰে ক্ৰিকেটৰ এই ফৰ্মেটত এটা কেলেণ্ডাৰ বৰ্ষত দুটা শতক অৰ্জন কৰা দ্বিতীয়জন ভাৰতীয় বেটাৰ হিচাপে পৰিগণিত হয় সূৰ্যকুমাৰ যাদৱ৷ এটা কেলেণ্ডাৰ বৰ্ষত দুটা টি-টুৱেণ্টী আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰা আনজন ভাৰতীয় ক্ৰিকেটাৰ হৈছে অধিনায়ক ৰোহিত শৰ্মা৷ তেওঁ ২০১৮ চনত এই সফলতা লাভ কৰিছিল৷ সূৰ্যকুমাৰ আৰু ৰোহিতৰ বাহিৰে দুটা বা অধিক টি-টুৱেণ্টী আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰা আনজন ভাৰতীয় বেটাৰ হৈছে কে এল ৰাহুল৷ সূৰ্যকুমাৰে টি-টুৱেণ্টী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজৰ প্ৰথম শতকটো অৰ্জন কৰিছিল জুলাইত ইংলেণ্ডৰ বিৰুদ্ধে৷ দেওবাৰে লাভ কৰা সফলতাৰ পাছত সূৰ্যকুমাৰে কয়–‘টি-টুৱেণ্টী ক্ৰিকেটত এটা শতকৰ সদায়েই বিশেষ গুৰুত্ব আছে৷ মই এনেদৰে বেটিং উপভোগ কৰি ভাল পাওঁ৷ নেটতো মই এনেদৰেই বেটিং কৰোঁ৷’ দেওবাৰে খেলুৱৈজন ১১১ ৰানত অপৰাজিত থাকে৷ যোৱা বছৰ মাৰ্চত টি-টুৱেণ্টী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাৰ পৰা সূৰ্যকুমাৰৰ দুৰন্ত প্ৰদৰ্শন অব্যাহত আছে৷ ৪১ খন মেচত গড়ে ৪৫.০০ কৈ তেওঁ প্ৰায় ১৩,০০ ৰান সংগ্ৰহ কৰিছে৷ তেওঁৰ ষ্ট্ৰাইক ৰেট ১৮১.৬৪৷ টি-টুৱেণ্টী ক্ৰিকেটত এয়া সৰ্বাধিক ষ্ট্ৰাইক ৰেট৷ তেওঁ ইতিমধ্যে ভাৰতীয় মিডল অৰ্ডাৰত নিজৰ স্থান শক্তিশালী কৰিছে৷