Logo
image

এচিএৰ নতুন সভাপতি তৰংগ, সম্পাদক কোঁৱৰ

আমাৰ অসম, ২২ নৱেম্বৰঃ দীৰ্ঘদিনৰ পাছত অসম ক্ৰিকেট সংস্থাৰ শীৰ্ষ পদলৈ পুনৰ আগমন ঘটিল ৰাজনীতিকৰ৷ শাসনাধিষ্ঠিত বিজেপিৰ নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ হ’ল অসম ক্ৰিকেট সংস্থাৰ নতুন সভাপতি৷ চৰ্চা হৈছে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ  আশীৰ্বাদতেই তৰংগ গগৈৰ এই আশা পূৰণ হৈছে৷ অৱশ্যে আজিয়েই তৰংগ  গগৈ এচিএৰ সভাপতি হোৱা বুলি আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই৷ কিন্তু কেৱল ঘোষণাহে বাকী৷ তৰংগ গগৈৰ বাহিৰে আন কোনো সদস্যই সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতা নকৰাৰ বাবে নাহৰকটীয়াৰ বিধায়কজনেই অসম ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থাটোৰ গ্লেমাৰাছ পদবীত বহাটো নিশ্চিত হৈছে৷ তেওঁ গুৱাহাটী ক্ৰীড়া সংস্থাক প্ৰতিনিধিত্ব কৰিছে৷ কেৱল তৰংগ গগৈয়ে নহয়, প্ৰত্যেকজন বিষয়ববীয়াই অসম ক্ৰিকেটৰ নতুন কমিটীলৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে শাসনাধিষ্ঠিত বিজেপিৰ প্ৰভাৱ আৰু আশীৰ্বাদত৷ সোমবাৰে অসম ক্ৰিকেট সংস্থাৰ নতুন কৰ্মকৰ্তা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন আছিল৷ শেষ দিনটোত প্ৰত্যেকটো পদতে কেৱল এজনকৈহে সদস্যই মনোনয়ন দাখিল কৰে৷ ফলত প্ৰত্যেকজনেই নিৰ্বাচিত হয় বিনা প্ৰতিদ্বন্দ্বিতাৰে৷ অহা ২৭ নৱেম্বৰত এচিএৰ বিষয় বাছনি সভা আৰু বাৰ্ষিক সাধাৰণ সভা  অনুষ্ঠিত হ’ব যদিও নিৰ্বাচনৰ আনুষ্ঠানিকতা নাথাকিব৷ কিয়নো সোমবাৰেই চূড়ান্ত হৈ যায় এচিএৰ প্ৰত্যেকটো পদবীৰ নতুন কৰ্মকৰ্তা৷ নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ লগতে উপ-সভাপতিৰ পদত ৰাজদ্বীপ ওজা, সম্পাদকৰ পদত বিগত বাৰৰ কোষাধ্যক্ষ ত্ৰিদীপ কোঁৱৰ, যুটীয়া সম্পাদকৰ পদত ৰাজেন্দ্ৰ সিং, কোষাধ্যক্ষৰ পদত চিৰঞ্জীত লাংথাচা আৰু সদস্যৰ পদত অনুপম ডেকা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে৷ 

অসম ক্ৰিকেট সংস্থাৰ সম্পাদক দেৱজিত শইকীয়া বিচিচিআইৰ যুটীয়া সম্পাদক হোৱাৰ বাবে এচিএৰ সম্পাদকৰ দায়িত্ব এৰিবলগীয়া হৈছিল৷ তদুপৰি এচিএৰ পূৰ্বৰ কমিটীৰ কাৰ্যকালো শেষ হৈছিল৷ অসমৰ ক্ৰীড়াক্ষেত্ৰৰ আটাইতকৈ গ্লেমাৰাছ আৰু ধনাঢ্য সংস্থা এচিএৰ সভাপতি আৰু সম্পাদকৰ চকীখনলৈ সকলোৰে চকু, লাগিলে তেওঁ  ক্ৰীড়া সংগঠক নহওকেই৷ এইবাৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বিধায়ক হিচাপে পৰিচিত তৰংগ গগৈয়ে এই চহকী সংস্থাটোৰ সভাপতি হ’বলৈ মন মেলিলে৷ সেয়ে তেওঁৰ পথৰ পৰা আঁতৰি দিবলগীয়া হ’ল ৰাজ্যৰ আন সকলো ক্ৰীড়া সংগঠক৷ চৰ্চা অনুসৰি দেওবাৰে পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰংগ গগৈক সভাপতি হোৱাৰ বাবে সেউজ সংকেত প্ৰদান কৰে৷ লগে লগে নিশ্চিত হৈ যায় এচিএৰ নতুন কমিটীৰ ৰূপৰেখা৷ শাসনাধিষ্ঠিত দলটোৰ এতিয়াৰ ক্ষমতাশালী লবীৰ প্ৰভাৱত প্ৰত্যেকজনেই এচিএলৈ নিৰ্বাচিত হৈ অহা বুলি চৰ্চা হৈছে৷ কিয়নো শাসনাধিষ্ঠিত দলটোৰ শীৰ্ষ নেতৃত্বই সেউজ সংকেত দিয়াৰ ফলতেই নিৰ্বাচন নোহোৱাকৈ প্ৰত্যেকজন বিষয়ববীয়াই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে৷ চৰ্চা অনুসৰি তৰংগ গগৈক শীৰ্ষ পদত ৰাখি যিখন পেনেল তৈয়াৰ কৰা হৈছিল সেই পেনেলতে বিজেপিৰ শীৰ্ষ নেতৃত্বই অনুমোদন জনায় আৰু সেই অনুসৰি প্ৰত্যেকজনৰ পদবীয়েই নিশ্চিত হয়৷ সভাপতিক বাদ দি বাকী কেইটা পদৰ ক্ষেত্ৰত পূৰ্বৰ সম্পাদক দেৱজিত শইকীয়াৰ পছন্দই গুৰুত্ব লাভ কৰে৷ উল্লেখ্য বিগত দুটা কাৰ্যকালত এচিএত কোনো ৰাজনীতিবিদ নাছিল৷ অন্ততঃ সভাপতি আৰু সম্পাদকৰ পদ অধিকাৰ কৰা নাছিল মন্ত্ৰী-বিধায়কে৷ শেষবাৰৰ বাবে দুটা কাৰ্যকালৰ পূৰ্বে এচিএৰ সভাপতি আছিল তেতিয়াৰ মন্ত্ৰী গৌতম ৰয়৷ এইবাৰ পুনৰ আগমণ ঘটিল ৰাজনীতিকৰ৷ বাকী পদবীতো পূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিলে শাসনাধিষ্ঠিত দল বিজেপিয়ে৷