Logo
image

পৃথিৱীৰ সকলো পৰ্যটকৰ বাবে মুকলি হ’ল অসমৰ দুৱাৰ

আমাৰ অসম, ২২ নৱেম্বৰঃ পৰ্যটকৰ সমান্তৰালকৈ উদ্যোগটোৰ সৈতে জড়িত সকলোপক্ষৰ স্বাৰ্থ ৰক্ষা কৰি নতুন দিল্লীত উন্মচিত হ’ল অসম পৰ্যটন নীতি ২০২২৷ বিশ্ব বেংকৰ সহযোগিতাত প্ৰস্তুত কৰা ৰাজ্যৰ এই নতুন পৰ্যটন নীতিত দায়বদ্ধ তথা দায়িত্বপূৰ্ণ [responsible] পৰ্যটনৰ পোষকতা কৰা হৈছে৷ নতুন নীতিত পৰ্যটকৰ লগতে পৰ্যটন খণ্ডৰ সৈতে জড়িত সকলোপক্ষৰ স্বাৰ্থ সু-নিশ্চিত কৰা হৈছে৷ নতুন দিল্লীৰ পঞ্চতাৰকা হোটেল অশোকত আয়োজিত এক বৰ্ণাঢ্য অনুষ্ঠানত ৰাজ্যৰ পৰ্যটনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি অসমৰ নতুন পৰ্যটন নীতি আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, উৰ্খাও ব্ৰহ্ম, সঞ্জয় কিষানকে ধৰি বিষয়ববীয়াসকল৷ নিজৰ ভাষণত বিভাগীয় মন্ত্ৰী বৰুৱাই কয় যে, সমগ্ৰ বিশ্বৰ পৰ্যটকসকলৰ বাবে অসমৰ দুৱাৰ খুলি দিয়াৰ বাবেই আজি এই নতুন পৰ্যটন নীতি গ্ৰহণ কৰা হৈছে৷ আমাৰ এই নীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিশ্ব বেংকৰ সৈতে কেন্দ্ৰীয় চৰকাৰেও সহায়-সহযোগিতা আগবঢ়াইছে৷ পৰ্যটকসকলক বিশ্বামানৰ সুযোগ-সুবিধা দিয়াৰ সমান্তৰালকৈ ৰাজ্যৰ পৰ্যটন খণ্ডত বিনিয়োগ কৰিব বিচৰাসকলৰ বাবেও বিশেষ পেকেজৰ ব্যৱস্থা থাকিব৷ লক্ষণীয়ভাৱে নতুন এই নীতিৰ জৰিয়তে পৰ্যটন খণ্ডত মহিলাসকলক নেতৃত্ব প্ৰদানৰ বাবে সুযোগ প্ৰদান কৰা হ’ব৷ নতুন নীতিত কোৱা হৈছে পৰ্যটন উদ্যোগত মেনেজমেণ্টৰ লগতে কৰ্মচাৰী যেনে টুৰিষ্ট গাইড, ৰান্ধনী, ৱেটাৰ আনকি গাড়ীচালকৰ ভূমিকাতো দেখা পোৱা যাব মহিলাসকলক৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ তৰফত বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব৷ আনহাতে, নতুন পৰ্যটন নীতিত দায়বদ্ধতা তথা দায়িত্বপূৰ্ণ পৰ্যটন উদ্যোগ গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি বিভাগীয় অতিৰিক্ত সচিব মনিন্দাৰ সিঙে প্ৰকাশ কৰিছে৷ দায়বদ্ধ তথা দায়িত্বপূৰ্ণ পৰ্যটন মানে পৰিৱেশ ভাৰসাম্যতা তথা জৈৱিক বিচিত্ৰতা অটুট ৰাখি পৰ্যটন খণ্ডৰ শ্ৰীবৃদ্ধি কৰা হ’ব৷