Logo
image

ক’ত লুকাই আছে হাগ্ৰামা প্ৰশ্ন তুলিলে ক্ষুণ্ণ প্ৰমোদ বড়োৱে

আমাৰ অসম, ২২ নৱেম্বৰঃ বিগত দুবছৰ ধৰি বিটিআৰ পৰিষদৰ অধিৱেশনত অনুপস্থিত আছে প্ৰাক্তন বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰী৷ সেয়ে এতিয়া হাগ্ৰামা হেৰুওৱা বুলি জাননী জাৰি কৰিব লাগে৷ আজি বৰমাত ভূমি পট্টা বিতৰণ অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে৷ ক্ষুণ্ণ প্ৰমোদ বড়োৰ প্ৰশ্ন– ক’ত লুকাই আছে হাগ্ৰামা মহিলাৰী? উল্লেখ্য, হাগ্ৰামা-প্ৰমোদ বড়োৰ বাকযুদ্ধই বিটিআৰৰ ৰাজনৈতিক পৰিৱেশ গৰম কৰি ৰখাৰ সময়তে আজি বৰমাত হাগ্ৰামাক এনেদৰে কটাক্ষ কৰে বিটিআৰ প্ৰধানজনে৷ বাগ্‌সা জিলাৰ বৰমাত আজি অনুষ্ঠিত ভূমি পট্টা বিতৰণ  অনুষ্ঠানত বিটিআৰ প্ৰধানজনে সম্প্ৰতি বিটিআৰত পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰি কয় যে, ১৯৯৯ চনত শিক্ষকক নিযুক্তি প্ৰদানৰ পাছত বিটিআৰ প্ৰশাসনে অতি পুৰণি সমস্যা ভূমি পট্টা বিতৰণৰ ব্যৱস্থা কৰিছে৷ পূৰ্বৰ চৰকাৰে ১৭ বছৰে একো কৰিব নোৱাৰিলে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে বিটিআৰত দুৰ্নীতিৰ প্ৰশ্ন তোলা হাগ্ৰামাৰ বিৰুদ্ধে ১৮ হাজাৰ কোটি টকাৰ ফাইল প্ৰস্তুত হৈ আছে আৰু এই সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে৷ বৰমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত অনুষ্ঠানত ৪০টা পৰিয়ালৰ ভিতৰত তিনিটাক আনুষ্ঠানিকভাৱে ভূমি পট্টা বিতৰণ কৰে বিটিআৰ প্ৰশাসনে৷ আজিৰ অনুষ্ঠানত বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীৰ লগতে কেইবাজনো ইএম আৰু এমচিএলএ উপস্থিত আছিল৷

এবছুৰ সংগ্ৰাম এতিয়াও শেষ হোৱা নাই

 এবছুৰ বড়ো জাতিৰ বাবে সংগ্ৰাম, বিপ্লৱ এতিয়াও শেষ হোৱা নাই৷ বিটিআৰ চুক্তি সম্পাদন হোৱাৰ পাছত এবছুৰ সংগ্ৰামৰ বোজা হ্ৰাস হ’ব বুলি ভবা হৈছিল যদিও এবছুৱে নিজৰ জাতি, বৃহত্তৰ সমাজখনৰ প্ৰতি অধিক দায়বদ্ধতাৰে সংগ্ৰামেৰে কাম কৰিবলগীয়া হৈছে৷ বড়ো জাতিৰ গঠন প্ৰক্ৰিয়াত শিক্ষা, আৰ্থ সামাজিক দিশৰ উন্নয়ন, সমাজৰ সংস্কাৰ সাধন কৰা, যুৱ প্ৰজন্মক মূল্যবোধৰ শিক্ষাদান, যুৱ উচ্ছৃঙ্খলতা নিয়ন্ত্ৰণৰ সজাগতাৰ বৃদ্ধিৰ বাবে, মানৱ সম্পদৰ বিকাশৰ বাবে এবছুৱে কাম কৰিব লাগিব আৰু এইক্ষেত্ৰত এবছুৱে বিৰতিহীনভাৱে বৰ্তমানো সংগ্ৰাম অব্যাহত ৰাখিছে৷’ এইদৰে কয় বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ চমুকৈ বি কে ডব্লিউ এ চিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য তথা এবছুৰ প্ৰাক্তন উপ-সভাপতি ৰোমিঅ’ পি নাৰ্জাৰীয়ে কালি শালবাৰী আঞ্চলিক এবছুৰ ২৩সংখ্যক অধিৱেশনৰ মুকলি সভা উদ্বোধন কৰি দিয়া ভাষণত৷ ৰোমিঅ’ পি নাৰ্জাৰীয়ে তেওঁৰ ভাষণত কয় যে - বিটিআৰ চুক্তিৰ যিবোৰ দফা ৰূপায়ণ হোৱা নাই, সেইবোৰ চৰকাৰে সোনকালে ৰূপায়ণ কৰিবলৈয়ো মুকলি আহ্বান জনায় তেওঁৰ ভাষণত৷ এবছুৰ শালবাৰী আঞ্চলিক সমিতিৰ সভাপতি দেৰহাছাৎ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত এবছুৰ কেন্দ্ৰীয় সম্পাদক আনন্দ দৈমাৰীয়ে মুখ্য অতিথিৰূপে, শালবাৰী টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মছাহাৰী, এবছুৰ বাগ্‌সা জিলা সমিতিৰ সভাপতি উমেশ দৈমাৰীয়ে বিশিষ্ট অতিথিৰূপে, শালবাৰী জিলা বড়ো সাহিত্য সভাৰ সভাপতি ডম্বৰুধৰ বসুমতাৰীয়ে নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়াৰ লগতে শালবাৰী মহকুমা জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ বিউটি বসুমতাৰী, শালবাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তপেশ্বৰ বসুমতাৰী, শালবাৰী ভিচিডিচিৰ অধ্যক্ষ বিমল বসুমতাৰী, ইউপিপিএলৰ নেতা বুদ্ধদেৱ বসুমতাৰী, কবি-সাহিত্যিক কালিচৰণ উজিৰৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি সন্মানীয় অতিথিৰূপে উপস্থিত থাকে৷ এবছুৰ শালবাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক দিদৌম গয়াৰীয়ে মুকলি সভাৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সভাখনৰো আঁত ধৰে৷ কালি পুৱাৰ ভাগত এবছুৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ লগতে বৰ্ণাঢ্য কাৰ্যক্ৰমণিকা ৰূপায়িত হয়৷ ১৯ নৱেম্বৰত অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয় বাছনি সভাত দেৰহাছাৎ বসুমতাৰীক সভাপতি, পংকজ গয়াৰীক সাধাৰণ সম্পাদকৰূপে লৈ এবছুৰ শালবাৰী আঞ্চলিক সমিতিৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়৷ শালবাৰীৰ পাকৃগুৰিত দুদিনীয়া কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত এবছুৰ শালবাৰী আঞ্চলিক সমিতিৰ অধিৱেশনত বিভিন্ন সাহিত্য, সংস্কৃতি, শৈক্ষিক কাৰ্যক্ৰমণিকাও ৰূপায়িত হয়৷ তদুপৰি, দুয়োটা নিশাত সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়৷

‘উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোনৰ বড়োলেণ্ড আমাক লাগিবই’ 

 পৃথক বড়ো ৰাজ্যৰ দাবীত পুনৰ উত্তাল হ’ব নেকি বড়োভূমি?  তাৰেই ইংগিত দিলে সদৌ বড়ো প্ৰাক্তন স্বেচ্ছাসেৱক বাহিনীৰ নেতৃত্বই৷ কালি আবেলি তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ যোগেশপুৰত অনুষ্ঠিত সদৌ বড়ো প্ৰাক্তন স্বেচ্ছাসেৱক বাহিনীৰ সাধাৰণ সভাত পুনৰ পৃথক বড়োলেণ্ডৰ দাবীত আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই৷ তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ শতাধিক সদস্য উপস্থিতিত বড়ো স্বেচ্ছাসেৱক বাহিনীৰ নেতা বিল্লেশ্বৰ ব্ৰহ্মই সভাপতিত্ব অনুষ্ঠিত সাধাৰণ সভাত উপস্থিত থাকি সংগঠনটোৰ মুখ্য আহ্বায়ক বলদেৱ মুছাহাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, এতিয়ালৈ স্বাক্ষৰিত হোৱা এখনো বড়ো শান্তি চুক্তিয়ে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সপোনৰ বড়োলেণ্ড গঠন কৰিব পৰা নাই৷ আমি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নীতি আৰু আদৰ্শেৰে সোণকোষৰ পৰা শদিয়ালৈ পৃথক বড়ো ৰাজ্যৰ দাবীত আন্দোলন কৰিছিলোঁ৷ কিন্তু বৰ্তমানৰ বড়ো ৰাজনীতিৰ বেপাৰীসকলে উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নীতি আৰু আদৰ্শক ভৰিৰে মোহাৰী সহজ-সৰল বড়ো জনসাধৰণৰ আৱেগক জলাঞ্জলি দি নিজৰ স্বাৰ্থ পুৰণৰ বাবেহে কাম কৰি গৈছে৷ সামগ্ৰীকভাৱে সাধাৰণ বড়ো ৰাইজৰ কোনোধৰণৰ উন্নয়ন হোৱা নাই৷ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হৈয়ো বড়োসকলে সংবিধানপ্ৰদত্ত অধিকাৰসমূহ ভোগ কৰিব পৰা নাই বুলি সদৌ বড়ো প্ৰাক্তন স্বেচ্ছাসেৱক বাহিনীৰ মুখ্য আহ্বায়ক বলদেৱ মুছাহাৰীয়ে পুনৰ কয়,  বড়ো শান্তি চুক্তিৰ জৰিয়তে বড়োসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে৷ চুক্তি স্বাক্ষৰকাৰী নেতাসকলৰ নিজৰ স্বাৰ্থ পূৰণৰ বাহিৰে শান্তি চুক্তিয়ে বড়োসকলৰ সমস্যাসমূহ পূৰণ কৰিব পৰা নাই৷ বড়োসকলৰ সমস্যা সমাধানৰ বাবে হোৱা শান্তি চুক্তিত মুঠেই সন্তুষ্ট নহয় বুলি মন্তব্য কৰি সংগঠনটোৰ মুখ্য আহ৩ায়কজনে আৰু কয়, পৃথক বড়োলেণ্ডৰ দাবীত ১৯৮৮ চনত এবছুৰ নেতৃত্বত আমাৰ সংগঠন জন্ম হৈছিল৷ সময়ৰ আহ্বানত আমি আন্দোলনৰ পথ ত্যাগ কৰি মুল সূঁতিলৈ আহিছিলোঁ৷ চুক্তিৰ পাছত চুক্তি হ’লেও কিন্তু আজিও বড়ো ৰাইজৰ যিধৰণৰ উন্নয়ন হ’ব লাগিছিল সেয়া হোৱা নাই৷  সাধাৰণ বড়ো ৰাইজৰ আৱেগক ব্যৱহাৰ কৰি কাকো নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ দিয়া নহ’ব৷ বড়ো ৰাইজৰ সমৰ্থনত বডোফা উপেন ব্ৰহ্মৰ সপোনৰ বড়োলেণ্ড গঠনৰ দাবীত অচিৰেই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দি সদৌ বড়ো প্ৰাক্তন স্বেচ্ছাসেৱক বাহিনীৰ নেতাজনে কয় প্ৰাক্তন হ’লেও আমাৰ মনোবল পূৰ্বৰ দৰেই আছে৷ ইতিমধ্যে আমি বড়ো ৰাইজৰ সমৰ্থন লাভ কৰিছোঁ৷ পৃথক বডোলেণ্ড নোপোৱালৈ আমি আমাৰ প্ৰাপ্য অধিকাৰৰ দাবীত গণতান্ত্ৰিক আন্দোলন কৰি যাম৷ উল্লেখ্য যে, দেওবাৰে তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ যোগেশপুৰত কেইবাজনো কেন্দ্ৰীয় নেতাৰ উপস্থিতিত অনুষ্ঠিত সংগঠনটোৰ সাধাৰণ সভাতেই ফিলিমন নাৰ্জাৰীক সভাপতি আৰু কিৰণ দৈমাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ সদৌ বড়ো প্ৰাক্তন স্বেচ্ছাসেৱক বাহিনীৰ তামুলপুৰ জিলা সমিতিখন গঠন কৰা হয়৷