Logo
image

আল কাইদাৰ ভয়ত সেও মানিলে ফিফাই

আমাৰ অসম, ২২ নৱেম্বৰঃ এলজিবিটিকিউ– তেনেই নতুন  আৰু অপৰিচিত শব্দ আমাৰ বাবে৷ আচলতে শব্দ নহয়, এটা বিষয়ৰ আদ্যাক্ষৰহে এয়া৷ অসম, অসমীয়া অথবা ভাৰতত নতুন বা স্বল্প পৰিচিত এই বিষয়৷ কিন্তু কাতাৰ বিশ্বকাপ কপাঁই আছে এই এলজিবিটিকিউৱে৷ এলজিবিটিকিউৰ জালত পৰি এইবাৰ আল কাইদাও কাতাৰ বিশ্বকাপৰ বিতৰ্কত জড়িত হৈ পৰিছে আৰু বিশ্বৰ সকলো মুছলিমক কাতাৰ বিশ্বকাপ বৰ্জনৰ আহ্বান  জনাইছে৷ প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ এদিন পাছতে বিশ্বৰ ভয়াৱহ সন্ত্ৰাসবাদী সংগঠন আল কাইদাৰ ভাবুকিত সেও হৈছে বিশ্ব ফুটবলৰ সৰ্বোচ্ছ সংগঠন ফিফা৷ ভয়ত কম্পমান ইংলেণ্ডকে ধৰি মধ্য ইউৰোপৰ বিশ্বকাপত ভাগ লোৱা ৭খন দেশৰ অধিনায়কো৷ হঠাৎ কেনেকৈ আহিল কাতাৰ বিশ্বকাপলৈ আল কাইদাৰ ভাবুকি? ইমানদিনে নীৰৱে থকা স্বত্বেও আচম্বিতে কিয় বিশ্বকাপ ফুটবলৰ সৈতে জড়িত হৈ পৰিল বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী দলটো? ইয়াৰ উত্তৰ বিচাৰিলে উভতি যাব লাগিব কিছুদিন আগলৈ, ভেদ ভাঙিব লাগিব এলজিবিটিকিউৰ৷

এলজিবিটিকিউ হৈছে এটা বিষয়ৰ আদ্যাক্ষৰ৷ ইয়াৰ পোনপটীয়া ভাঙণি হৈছে–লেছবিয়ান, গে, বাইছেক্সুৱেল আৰু ট্ৰেন্সজেণ্ডাৰ৷ কিউ আখৰটো যুক্ত কৰা হৈছে যৌন অভিমুখিতাৰ স্থানত কুইয়াৰ [কিম্ভ²ত] বা কোৱেশ্বনিং [প্ৰশ্ন] বুজোৱাৰ বাবে৷ ১৯৯০ ৰ দশকৰ পৰা এলজিবিটি শব্দটো এসময়ৰ ‘গে-কমিউনিটী’ বা সমকামী সম্প্ৰদায়ক বুজোৱাৰ বাবে ব্যৱহাৰ হৈ আহিছে৷ অৰ্থাৎ নাৰী সমকামী, পুৰুষ সমকামী, উভয়কামী আৰু ৰূপান্তৰকামীক চমুকৈ এলজিবিটিকিউ শব্দৰে বৰ্ণনা কৰা হয়৷ ১৯৯০ ৰ দশকৰ পৰা এই শব্দটো গৃহীত আৰু স্বীকৃত শব্দৰূপে ব্যৱহাৰ হৈ আহিছে৷ আমাৰ দেশত বা সমাজত এনে যৌনাচাৰ এতিয়াও গ্ৰহণযোগ্য নহ’লেও পশ্চিমৰ সমাজত এয়া স্বীকৃত৷ পিছে তেনে আচৰণ কৰা লোকক এতিয়াও বিশ্বৰ সকলো স্থানতে সন্মানজনক ব্যক্তি হিচাপে গণ্য নকৰে৷ সেয়ে এইবাৰ বিশ্বকাপত সেই এলিজিবিটিকিউৰ সমৰ্থনত মধ্য ইউৰোপৰ সাতটা দল ক্ৰমে ইংলেণ্ড, ৱেলছ, বেলজিয়াম, নেডাৰলেণ্ডছ, ছুইজাৰলেণ্ড, জাৰ্মানী আৰু ডেনমাৰ্কৰ অধিনায়কে বাহুৰ কেপ্টেইনছ বেণ্ডত ‘ৱান লাভ’ বুলি এটা শব্দ ব্যৱহাৰ কৰাৰ সংকল্প লৈছিল৷ এলজিবিটিকিউ লোকসকলো যে আমাৰ সমাজৰে অংগ, তেওঁলোকৰো আন সকলোৰে দৰে সমান অধিকাৰ প্ৰাপ্য সেয়া সমগ্ৰ বিশ্বক বুজাই দিয়াৰ বাবে ৭জন অধিনায়কে প্ৰেমৰ চিহ্ন থকা ‘কেপ্টেইন বেণ্ড’ পৰিধান কৰাৰ কথা আছিল, য’ত লিখা থাকিব ‘ৱান লাভ’ নামৰ এটা সংখ্যা আৰু এটা শব্দ৷ সেই লৈ সাতটা দলৰ অধিনায়কেই বিশ্বকাপৰ আৰম্ভণিৰ দিনটোলৈকে দৃঢ়মনা আছিল৷ কিন্তু সকলো ওলট-পালট কৰি দিলে সন্ত্ৰাসবাদী সংগঠন আল কাইদাই৷

এইবাৰ বিশ্বকাপ আয়োজন কৰা কাতাৰ হৈছে ৰক্ষণশীল মুছলিম দেশ, য’ত সমকামিতা নিষিদ্ধ৷ সেয়ে সমকামীৰ পক্ষে ইউৰোপৰ জ্জটাকৈ দলৰ অধিনায়কে সমৰ্থন জনাই বেণ্ড পৰিধান কৰাত দেশখনৰ প্ৰথমৰ পৰাই আপত্তি আছিল৷ কিন্তু পশ্চিমৰ বিশ্ব অসন্তুষ্ট হয় বুলি কাতাৰে বিশেষ আপত্তিও কৰিব পৰা নাছিল৷ অথচ সমলিংগৰ কোনো সম্পৰ্ক মধ্যপ্ৰাচ্যৰ এই দেশখনে স্বীকৃতি প্ৰদান নকৰে৷ তথাপি মধ্য ইউৰোপৰ জ্জখন দেশৰ অধিনায়কে দেশখনৰ এই নিয়ম অস্বীকাৰ কৰি ৱান লাভ বাহু বন্ধনী পৰিধান কৰিবলৈ অবিচল হৈ আছিল৷ এলজিবিকিউ সম্প্ৰদায়ৰ লোকো এইক্ষেত্ৰত উৎসাহী হৈ আছিল৷ কিন্তু আল কাইদাই অৱশেষত এই ক্ষেত্ৰত হস্তক্ষেপ কৰে আৰু পশ্চিমীয়া দেশে মধ্যপ্ৰাচ্যৰ মুছলিম দেশলৈ অপসংস্কৃতি কঢ়িয়াই অনা আৰু তাত কাতাৰে হাতউজান দিয়াৰ অভিযোগ তোলে৷ আল কাইদাৰ আৰৱৰ আঞ্চলিক শাখাই এইক্ষেত্ৰত আপত্তি প্ৰদৰ্শন কৰি একপ্ৰকাৰ আয়োজক দেশখনক ভাবুকি প্ৰদান কৰে৷ অৱশ্যে আল কাইদাই বিশ্বকাপত আক্ৰমণ কৰা বা কোনো কূটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ ভাবুকি দিয়া নাই৷ ইয়াৰ বিপৰীতে আল কাইদাৰ য়েমেন শাখাই কাতাৰে আৰৱীয় অঞ্চলটোলৈ অপসংস্কৃতি কঢ়িয়াই অনাৰ অভিযোগ তুলিছে৷  তেওঁলোকৰ মতে পশ্চিমৰ দেশে বিশ্বকাপৰ মাধ্যমেৰে আৰৱ উপসাগৰীয় অঞ্চলটোত সমকামিতা, দুৰ্নীতি, নাস্তিকতাবাদ সিঁচি দিছে৷ তাত সমৰ্থন জনাইছে কাতাৰে৷ সেয়ে তেওঁলোকে সকলো মুছলিমকে কাতাৰ বিশ্বকাপ বৰ্জন কৰিবলৈ আহ৩ান জনাইছে৷ মাহৰ মাহ দেখি তিলে বেত মেলাৰ দৰে অল কাইদাৰ ভাবুকিৰ লগে লগে ইউৰোপৰ জ্জখন দেশৰ অধিনায়কে কোনো মেচতে এলজিবিকিউৰ সমৰ্থনত লাভ ৱান লিখা কেপ্টেইনছ বেণ্ড বা বাহুবন্ধনী পৰিধান নকৰাৰ সিদ্ধান্ত লৈছে৷ একে সময়তে ফিফায়ো আল কাইদাৰ ভাবুকিত আতংকিত হৈ কৈছে– ৱান লাভ লিখা কেপ্টেইনছ বেণ্ড কাতাৰ বিশ্বকাপত নিষিদ্ধ কৰা হৈছে৷ যদিহে কোনো অধিনায়কে এই নিৰ্দেশ অমান্য কৰি খেলপথাৰত নামে তেন্তে তেওঁক ৰেফাৰীয়ে হালধীয়া কাৰ্ড দেখুৱাব৷ আল কাইদাৰ এটা ধমকিতে বন্ধ হৈ গৈছে সমকামীৰ প্ৰতি পশ্চিমীয়া দেশৰ সমৰ্থন৷